পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত হোৱা বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে। শ্ৰী মোদীয়ে লগতে আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব বুলি উল্লেখ কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছেঃ
‘উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত এখন বাছত সংঘটিত অগ্নিকাণ্ডত হোৱা প্ৰাণহানিৰ খবৰ শুনি দুখ পাইছো। প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi’
Distressed to hear about the loss of lives due to a fire tragedy on a bus in Greater Noida, Uttar Pradesh. Condolences to those who have lost their loved ones. Praying for the swift recovery of the injured.
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin…
— PMO India (@PMOIndia) September 24, 2026
***
MJPS/SS/PRK/DD