Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰ প্ৰদেশৰ নইডাত ছেমছাঙৰ ম’বাইল নিৰ্মাণ কাৰখানা মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

উত্তৰ প্ৰদেশৰ নইডাত ছেমছাঙৰ ম’বাইল নিৰ্মাণ কাৰখানা মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

উত্তৰ প্ৰদেশৰ নইডাত ছেমছাঙৰ ম’বাইল নিৰ্মাণ কাৰখানা মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

উত্তৰ প্ৰদেশৰ নইডাত ছেমছাঙৰ ম’বাইল নিৰ্মাণ কাৰখানা মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ


ৰাষ্ট্ৰপতি আৰু মোৰ বন্ধু শ্ৰীমান মুন জায়েইন ডাঙৰীয়া, ছেমছাঙৰ উপ অধ্যক্ষ জেৱাই লী, কোৰিয়া আৰু ভাৰতৰ প্ৰতিনিধি তথা উপস্থিত গণ্যমান্যসকল৷

মোৰ বন্ধু ৰাষ্ট্ৰপতি মুনৰ সৈতে নইডাত নিৰ্মিত ছেমছাঙৰ এই কাৰখানালৈ অহাটো মোৰ বাবে সুখদ অনুভূতি৷ মবাইল নিৰ্মাণৰ নতুন শাখা স্থাপন, ভাৰতৰ সৈতে নইডাৰ বাবেও গৌৰৱৰ বিষয়৷ এই নতুন শাখাৰ বাবে ছেমছাঙৰ দলক অশেষ অভিনন্দন তথা শুভকামনা জনাইছোঁ৷

বন্ধুসকল, ভাৰতক নিৰ্মাণৰ বিশ্বজনীন কেন্দ্ৰ হিচাপে গঢ়াৰ দিশত আজিৰ এই অৱকাশ যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷ ৫ হাজাৰ কোটিৰ এই বিনিয়োগে কেৱল ছেমছাঙক ভাৰতত ব্যৱসায়িক সম্বন্ধ শক্তিশালী কৰাতেই যে সহায় কৰিব এনে নহয়, ইয়াৰ জৰিয়তে ভাৰত আৰু কোৰিয়াৰ সম্বন্ধও শক্তিশালী হব৷ ছেমছাঙৰ বিশ্বজনীন আৰএণ্ডডি ভাৰতত আছে, আৰু এতিয়া এই নিৰ্মাণ সুবিধাই আমাৰ গৌৰৱ বৃদ্ধি কৰিব৷

বন্ধুসকল, যেতিয়াই ব্যৱসায়িক সম্প্ৰদায়ৰ লগত মোৰ সাক্ষাৎ হয় তেতিয়া এটা কথা মই প্ৰায়েই কওঁ৷ ভাৰতৰ মধ্যবিত্ত পৰিয়ালৰ প্ৰায় প্ৰতি ঘৰতেই কোৰিয়াৰ এটা সামগ্ৰী দেখা পোৱা যাবই৷ নিশ্চিতভাৱে ভাৰতীয় লোকৰ জীৱনত ছেমছাঙে নিজৰ স্থান গঢ়িবলৈ সমৰ্থ হৈছে৷ বিশেষকৈ আপোনাৰ ফোন, তীব্ৰ গতিত বৃদ্ধি পোৱা স্মাৰ্ট ফোনে আজি বিশ্বত ধ্বজ্বাবাহী হিচাপে পৰিগণিত হৈছে৷ ছেমছাঙৰ নেতৃবৰ্গৰ সৈতে যেতিয়া মোৰ আলোচনা হৈছিল তেতিয়া মই সদায়েই তেওঁলোকক ভাৰতত নিৰ্মাণ খণ্ড স্থাপন কৰাৰ বাবে উৎসাহিত কৰিছিলো৷ আজি নইডাত এই আয়োজনৰেই এক প্ৰতিবিম্ব দেখা গৈছে৷ আজি ডিজিটেল প্ৰযুক্তি নাগৰিকৰ জীৱন সৰল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ আজি ভাৰতত প্ৰায় ৪০ কোটি স্মাৰ্টফোন ব্যৱহৃত হৈছে, ৩২ কোটি লোকে ব্ৰডবেণ্ড ব্যৱহাৰ কৰি আছে, বহু কম মূল্যত ইণ্টাৰনেটৰ ডাটা উপলব্ধ বৈছে, দেশৰ এক লাখতকৈও অধিক গাঁও পঞ্চায়ত ফাইবাৰ নেটৱৰ্কৰ দ্বাৰা সংযোজিত হৈছে৷ এই সকলোবোৰে দেশত হোৱা ডিজিটেল আন্দোলনক প্ৰতিফলিত কৰিছে৷

বন্ধুসকল, কম মূল্যৰ মবাইল ফোন, তীব্ৰ গতিৰ ইণ্টাৰনেট, কম মূল্যৰ ডাটাই আজি ক্ষীপ্ৰ আৰু স্বচ্ছ প্ৰদান সুনিশ্চিত কৰিছে৷ বিদ্যুৎপানীৰ বিল পৰিশোধ কৰিবলৈ, বিদ্যালয়মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে, প্ৰভিডেণ্ট ফাণ্ড অথবা পেন্সন, প্ৰায় সকলো সুবিধা অনলাইনত উপলব্ধ হৈছ৷ দেশজুৰি ব্যাপি থকা প্ৰায় ৩ লাখ সাধাৰণ সেৱা কেন্দ্ৰ গাঁওবাসীৰ সেৱাত নিমজ্জিত হৈছে৷ নগৰত বিনামূলীয়া ৱাইফাই হটস্পট আদিয়ে দুখীয়া, মধ্যবিত্ত লোকৰ আকাংক্ষা বাস্তৱায়িত কৰিবলৈ সমৰ্থ হৈছে৷

এয়াই নহয়, জিইএম অৰ্থাৎ গভৰ্ণমেণ্ট ই মাৰ্কেটৰ জৰিয়তে চৰকাৰে এতিয়া প্ৰত্যক্ষভাৱে উৎপাদকৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰিছে৷ ইয়াৰ দ্বাৰা মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগীসকল লাভান্বিত হোৱাৰ লগতে চৰকাৰী ক্ৰয়তো স্বচ্ছতা বৃদ্ধি হৈছে৷

বন্ধুসকল, আজি ডিজিটেল লেনদেন দ্ৰুতগতিত বাঢ়িবলৈ ধৰিছে৷ ভীম এপ আৰু ৰুপেকাৰ্ডৰ দ্বাৰা লেনদেন অতিশয় সহজ হৈ পৰিছে৷ জুন মাহত প্ৰায় ৪১ হাজাৰ কোটিৰ লেনদেন ভীম এপৰ জৰিয়তে হৈছে৷ আজি ভীম আৰু ৰুপেক লৈ কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰতি উৎসুকতা বৃদ্ধি হৈছে৷ কিছুদিন পূৰ্বে ছিংগাপুৰতো এই দুটা সুবিধা মুকলি কৰাৰ সুযোগ মই পাইছিলো৷ আজি ইয়াত অনুষ্ঠিত হোৱা অনুষ্ঠানত ভাৰতীয় নাগৰিকৰ সৱলীকৰণ সংবদ্ধতো হবই, লগতে মেক ইন ইণ্ডিয়া পদক্ষেপৰো গতি বৃদ্ধি কৰিব৷

বন্ধুসকল, মেক ইন ইণ্ডিয়াৰ প্ৰতি আমাৰ আগ্ৰহ কেৱল এক অৰ্থনৈতিক নিয়মাৱলীৰ অংশই নহয়, ই কোৰিয়াৰ দৰে আমাৰ মিত্ৰ দেশৰ সৈতে সম্বন্ধকো অগ্ৰগতি প্ৰদান কৰিছে৷ এয়া ছেমছাঙৰ দৰে বিশ্বাসযোগ্য ব্ৰেণ্ডক অৱকাশ দিয়াৰ লগতে বিশ্বৰ সমূহ ব্যৱসায় মণ্ডলীক আমন্ত্ৰণ দিয়া হৈছে যি নতুন ভাৰতৰ নতুন তথা স্বচ্ছ ব্যৱসায় সংস্কৃতিৰ পৰা লাভান্বিত হব বিচাৰিছে৷ ভাৰতৰ বৰ্ধিত অৰ্থব্যৱস্থা আৰু বৰ্ধিত নিঅমধ্যম শ্ৰেণী বিনিয়োগৰ অসীম সম্ভাৱনাৰে ভৰা৷ মই সুখী যে এই পদক্ষেপ আজি সমগ্ৰ বিশ্বতে বন্দিত হৈছে, সহযোগিতা প্ৰাপ্ত হৈছে৷ মবাইল নিৰ্মাণৰ যদি কথা কোৱা হয় তেন্তে ভাৰত আজি সমগ্ৰ বিশ্বৰ ভিতৰত দুই নম্বৰ স্থানত আছে৷ বিগত চাৰিটা বৰ্ষত কাৰখানাৰ সংখ্যা, বাইল ফোন নিৰ্মাণ কৰা কাৰখানাৰ সংখ্যা ২ৰ পৰা বৃদ্ধি হৈ ১২০ হৈছে আৰু সন্তোষৰ কথআ এয়ে যে ইয়াৰে ৫০তৈ অধিক নইডাতেই আছে৷ ইয়াৰ জৰিয়তে ৪ লাখতকৈও অধিক লোকে নিয়োজিত হোৱাৰ সুবিধা পাইছে৷ নিয়োগ সৃষ্টিতো ছেমছাঙৰ ভূমিকা উল্লেখযোগ্য৷ সমগ্ৰ দেশত প্ৰায় ৭০ হাজাৰ লোকক আপোনালোকে প্ৰত্যক্ষ নিয়োজনৰ সুবিধা আগবঢ়াইছে, ত প্ৰায় ৫ হাজাৰ নইডাতেই আছে৷ এই নতুন কাৰখানাৰ জৰিয়তে এহেজাৰ লোকে নিয়োগৰ সুবিধা পোৱাৰ সম্ভাৱনা আছে৷ মোক কোৱা হৈছে যে ইয়াত নিৰ্মিত এই শাখা উদ্যোগটোৰ সকলোতকৈ বৃহৎ ফোন নিৰ্মাণ শাখা হব৷ ইয়াত প্ৰতি মাহত প্ৰায় ১ কোটি ফোন নিৰ্মিত হব৷ লক্ষণীয় যে ইয়াত যি নিৰ্মাণ হব তাৰে ৩০ শতাংশ ৰপ্তানি হ, বিশ্বৰ বিভিন্ন প্ৰান্তৰলৈ যাব৷ নিশ্চিত ৰূপত ইয়াৰ জৰিয়তে বিশ্বজনীন বজাৰত আপোনালোকৰ স্থিতি শক্তিশালী হব৷ অৰ্থাৎ কোৰিয়াৰ প্ৰযুক্তি আৰু ভাৰতৰ নিৰ্মাণ তথা ছফ্টৱেৰ সমৰ্থনৰ জৰিয়তে বিশ্বৰ বাবে আমি উৎকৃষ্ট সামগ্ৰী প্ৰস্তুত কৰিম৷ এয়াই আমাৰ দুয়োখন দেশৰ শক্তি আৰু এয়াই আমাৰ সহযোগিতাৰ দৰ্শন৷

পুনৰ বাৰ ছেমছাঙৰ সমূহ সদস্যক অশেষ অভিনন্দন আৰু অনেক শুভকামনা জনাইছোঁ৷ আপোনালোকে আজি মোক ইয়ালৈ আমন্ত্ৰিত কৰিলে, এই অনুষ্ঠানৰ সহযোগী কৰিলে, ইয়াৰ বাবে বহুত বহুত ধন্যবাদ৷     

****

 

अतुल कुमार तिवारी / कंचन पतियाल/MANN