Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত এক বৃহৎ বিতৰণ শিবিৰ (সামাজিক অধিকাৰিতা শিবিৰ)ত দিব্যাঙ্গ আৰু জ্যেষ্ঠ নাগৰিকসকললৈ সাহায্য আৰু সহায়কাৰী সা-সৰঞ্জাম বিতৰণ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰায়গৰাজত এক বিশাল শিবিৰত প্ৰায় ২৭,০০০ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাবে সক্ষম লোকক সাহায্য আৰু সা সৰঞ্জাম বিতৰণ কৰে।

এই বিশাল বিতৰণ অনুষ্ঠানত ৰাষ্ট্ৰীয় ভয়োসী আঁচনি আৰ ভি আই ৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক সকলৰ ক্ষমতা বৃদ্ধিৰ বাবে এই ব্যৱস্থা কৰা হয়।

সভাৰ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সংস্কৃতত বয়সৰ এক উদ্ধৃতিত কয় “স্বস্তি: প্ৰজাভ্য: পৰিপালয়ন্ত”।(স্বস্তি প্ৰজাভ্য,পৰিপালয়ন্ত নিয়ায়না মার্গেজনা, মাহীম মহিষাহ)।ইয়াৰ অর্থ সমান ন্যায়বিচাৰ দিয়াতো চৰকাৰ কর্তব্য।

প্ৰধানমন্ত্ৰীয়ে কয় যে”সকলোৰে সৈতে সকলোৰে বিকাশ,সকলোৰে বিশ্বাসৰ মন্ত্ৰ এক দৰ্শনৰ ভিত্তি।এই দৃষ্টিভংগীৰে,আমাৰ চৰকাৰে সমাজৰ প্ৰত্যেকৰে কল্যাণ আৰু বিকাশৰ বাবে কাম কৰি আছে। জ্যেষ্ঠ নাগৰিক,বিশেষভাবে সক্ষম লোকসকল আৰু ১৩০ কোটি ভাৰতীয়ৰ হিতৰ বাবে কাম কৰাতো আমাৰ চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ।এই সাহাৰ্যৰবিতৰণ বিশাল শিবিৰত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি কয় সকলোৰে জীৱন উন্নতময় কৰাটো চৰকাৰৰ এই উদ্দেশ্যেৰে এক অংশ।
“ইয়াৰ পূৰ্বৰ চৰকাৰৰ দিনত এনে শিবিৰ হয়তো অনুষ্ঠিত হৈছে কিন্ত এনেধৰণৰ বিশাল শিবিৰ তথা বিতৰণ শিবিৰ অতন্ত্য দুৰ্লভ।বিগত ৫ বছৰে,আমাৰ চৰকাৰে দেশৰ ভিন্ন ঠাইত প্ৰায় ৯,০০০ শিবিৰৰ অনুষ্ঠিত কৰিছে।” – তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৫ বছৰত চৰকাৰে বিশেষভাবে সক্ষম লোকৰ ৯০০ কোটি টকাৰো উধিক ডিভাইজ বিতৰণ কৰিছে।

পূৰ্বৰ চৰকৰে ৫ বছৰত বিশেষভাবে সক্ষম লোকৰ ৩৮০ কোটি কম টকা খৰছ কৰিছিল,য’ত আমাৰ চৰকাৰে ৯০০ টকা খৰছ কৰিছে।ইয়াৰ অৰ্থই হৈছে আমাৰ চৰকাৰে পূৰ্বৰ চৰকাৰৰ তুলনাত এই ক্ষেত্ৰত দুগুণে খৰছ কৰিছে :প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে কয় যে,”এক নতুন ভাৰতৰ বিকাশৰ ক্ষেত্ৰত এইটো আৱশ্যক যে বিশেষভাবে সক্ষম যুৱক আৰু শিশুৰ সকলোৰে সম অংশগ্ৰহণৰ প্ৰয়োজন।চৰকাৰে তেওঁলোকক উদ্যোগিক ক্ষেত্ৰ,পৰিৱেশিক ক্ষেত্ৰ আৰু খেলৰ ক্ষেত্ৰখনতো উৎসাহিত কৰিছে।

“আমাৰ এইখন প্ৰথমখন চৰকাৰ যিয়ে ” বিশেষভাবে সক্ষম লোকসকলৰ অধিকাৰ অধিনিয়ম আইন” কাৰ্যকৰী কৰিছে।এই মাধ্যমৰ জৰিয়তে ৭ পৰা ২১ বছৰ বয়সৰ শ্ৰেণীৰ লোকৰ উন্নয়ন সাধন কৰিছে। আমাৰ চৰকাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত থকা কোটা ৩% ৰ পৰা বৃদ্ধি কৰি ৫% কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৫ বছৰে দেশত বহু বৃহৎ অট্টালিকা,৭০০ ৰো অধিক ৰে’লৱে ষ্টেচন আৰু বিমানবন্দৰ বিশেষভাবে সক্ষম শ্ৰেণীৰ লোকসকলৰ বাবে সুলভকৈ নিৰ্মাণ কৰা হৈছে।তেওঁ কয় যে এই অভিযানৰ অন্তৰ্গত কৰি এই বিশেষ পদক্ষেপ লোৱা হৈছে।

এই আঁচনিয়ে সামৰি লোৱা সকলো লোকৰ সংখ্যা,বিতৰণ কৰা সামগ্ৰী সংখ্যা,বিতৰিত কৰা সামগ্ৰী আৰু সামগ্ৰীৰৰ মূল্য ইত্যাদি দেশৰ বর্তমান সময়লৈ বৃহৎ বিতৰণ শিবিৰ হিচাপে বিবেচিত হৈছে।

এই বিশাল শিবিৰত ৫৬,০০০ ৰো অধিক সহায়ক,সহায়তা আৰু বিভিন্ন প্ৰকাৰৰ সামগ্ৰী ২৬,০০০ ৰো অধিক লোকৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব।বিতৰণ কৰা এই সামগ্ৰীৰ মূল্য ১৯ কোটি টকাৰো অধিক।

ইয়াৰ উদ্দেশ্য বিশেষভাবে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ আৰ্থিক বিকাশ দৈনিক জীৱন আৰু সামাজিক মাধ্যমৰ যোগেদি সহযোগিতা প্ৰদান কৰিব।

**********

VRRK/AK/RD