Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰ-প্ৰদেশ বিনিয়োগ সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰীৰ

উত্তৰ-প্ৰদেশ বিনিয়োগ সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰীৰ

উত্তৰ-প্ৰদেশ বিনিয়োগ সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰীৰ

উত্তৰ-প্ৰদেশ বিনিয়োগ সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-প্ৰদেশ বিনিয়োগ সন্মিলনত আদৰণি ভাষণ আগবঢ়ায়৷

তেওঁ কয় যে যেতিয়া পৰিৱৰ্তন আহে, সেয়া সকলোৰে বাবে স্পষ্ট হৈ পৰে৷ উত্তৰ-প্ৰদেশত এইধৰণৰ বৃহৎ বিনিয়োগকাৰী সন্মিলন আয়োজন আৰু যথেষ্ট সংখ্যক বিনিয়োগকাৰীৰ অংশগ্ৰহণে পৰিৱৰ্তনকে সূচায়৷ অতি কম সময়ৰ ভিতৰতে উত্তৰ-প্ৰদেশে উন্নয়ন আৰু প্ৰগতিৰ পথেৰে আগবাঢ়িবলৈ সক্ষম হোৱাৰ বাবে তেওঁ ৰাজ্য চৰকাৰক অভিনন্দন জ্ঞাপন কৰে৷

তেওঁ কয় যে ৰাজ্যখন প্ৰচুৰ সম্পদ আৰু সক্ষমতাৰে ভৰপূৰ৷ কৃষি খণ্ডত ৰাজ্যখনৰ সৱলতাক বিশেষভাৱে উল্লেখ কৰি তেওঁ কয় যেনেতিবাচক পৰিৱেশ সলনি কৰি উত্তৰ-প্ৰদেশলৈ ইতিবাচক আৰু আশাব্যঞ্জক পৰিৱেশ কঢ়িয়াই অনাৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ধন্যবাদৰ পাত্ৰ৷ কৃষক, মহিলা আৰু যুৱ-প্ৰজন্মক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰখন অতি দায়বদ্ধ বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷

তেওঁ কয় যে ৰাজ্যখন ‘এক জিলা, এক সামগ্ৰী’ আঁচনিৰ ভিত্তিত চলি আছে৷ স্কিল ইণ্ডিয়া মিছন, ষ্টেণ্ড আপ ইণ্ডিয়া, ষ্টাৰ্ট আপ ইণ্ডিয়া আৰু প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ ‘এক জিলা, এক সামগ্ৰী’ আঁচনি ৰূপায়নত উপযোগী প্ৰমাণিত হ’ব৷

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ সম্পদ আঁচনিয়ে কৃষি খণ্ডত অপচয় ৰোধত সহায় কৰিব৷ বৃহৎ পৰিমাণৰ কুহিয়াৰ খেতিৰ বাবে ইথানল উৎপাদনত ৰাজ্যখনৰ প্ৰচুৰ সম্ভাৱনা আছে৷

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে প্ৰয়াগত অহা বছৰ কুম্ভমেলা অনুষ্ঠিত হ’ব, যি বিশ্বৰ ভিতৰতে এইধৰণৰ সৰ্ববৃহৎ মেলা হিচাপে পৰিচিত৷

***

AKT/SH/AK/MS