Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া  ভাষণৰ অসমীয়া অনুবাদ


মোৰ মন্ত্ৰীসভাৰ সতীৰ্থ কেন্দ্ৰীয় মন্ত্ৰী ড°জিতেন্দ্ৰ সিং ডাঙৰীয়া, ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় সুদ ডাঙৰীয়া, নোবেল বঁটাপ্ৰাপক সকলো বিজ্ঞানী, উপস্থিত বিশিষ্ট অতিথিসকল আৰু গণ্য-মান্য ব্যক্তিসকলসকল।

আজি বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ ইমান বৃহৎ সংখ্যক প্ৰতিনিধি ইয়াত উপস্থিত হৈছে। আমাৰ যুৱ উদ্ভাৱকসকলো ইয়াত উপস্থিত আছে। ইয়ালৈ অহাৰ আগতে মই কেইগৰাকীমান ।ষ্টাৰ্টআপৰ কিছু সংখ্যক প্ৰতিষ্ঠাপকৰ সৈতে মত বিনিময় কৰিছিলোঁ। ভাৰতৰ যুৱ প্ৰজন্মই যি ব্যাপক পৰিসৰত চিন্তা-চৰ্চা কৰিছে আৰু যি আত্মবিশ্বাসেৰে আগবাঢ়িছে, সেয়া সঁচাকৈয়ে উৎসাহজনক।

 

বন্ধুসকল,

 

মই যোৱাবাৰো এই সন্মিলনত অংশগ্ৰহণ কৰিছিলোঁ। এইবাৰ আমি উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়টোক লৈ আলোচনা কৰিছোঁ। কেইবা দশক পূৰ্বে ভাৰতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ অৰ্থ আছিল বিশ্বৰ সৈতে খোজত  খোজ মিলাই আগবঢ়া। বিশ্বত যেতিয়াই নতুন কিবা উদ্ভাৱন হৈছিল, সেই প্ৰযুক্তি আমাৰ ওচৰলৈ আহোঁতে কেইবছৰমান সময় লাগিছিল। আমি সেই প্ৰযুক্তি গ্ৰহণ কৰিছিলোঁ অথবা তাত সামান্য উন্নতি সাধন কৰি আগবাঢ়িছিলোঁ।

কিন্তু আজি একবিংশ শতিকাৰ ভাৰতে নতুন চিন্তাধাৰা আৰু নতুন আত্মবিশ্বাসেৰে আগবাঢ়িছে। এতিয়া আমাৰ লক্ষ্য হৈছে ভাৰতৰ বাবে, বিশ্বৰ বাবে, বৰ্তমানৰ বাবে আৰু ভৱিষ্যতৰ বাবে নতুন প্ৰযুক্তি উদ্ভাৱন কৰা, সেই প্ৰযুক্তিৰ দিশ নিৰ্ধাৰণ কৰা আৰু বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ সমাধান আগবঢ়োৱাৰ সামৰ্থ্য গঢ়ি তোলা।

ক’ভিডৰ সময়ছোৱাত আমি ইয়াৰ এটা উদাহৰণ দেখিবলৈ পাইছিলোঁ। বিশ্বৰ বহু দেশে যেতিয়া প্ৰতিষেধকৰ বাবে সংগ্ৰাম কৰি আছিল, তেতিয়া ভাৰতে নিজাকৈ প্ৰতিষেধক প্ৰস্তুত কৰিছিল, বৃহৎ পৰিসৰত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু আন দেশসমূহলৈও প্ৰতিষেধক যোগান ধৰিছিল। এয়াই একবিংশ শতিকাৰ ভাৰতৰ আত্মবিশ্বাস।

আমি প্ৰথম প্ৰচেষ্টাতেই মংগল গ্ৰহত উপনীত হৈছো। আমি চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হৈছো, য’ত ইয়াৰ পূৰ্বে কোনেও উপনীত হ’ব পৰা নাছিল। সেয়েহে মোৰ দৃঢ় বিশ্বাস যে ভাৰতে ভৱিষ্যতৰ প্ৰযুক্তিসমূহ আঁকোৱালি ল’ব লাগিব, সাহসেৰে উদ্ভাৱন কৰিব লাগিব আৰু সেইবোৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিব লাগিব।

 

বন্ধুসকল,

 

শূন্যৰ আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি সংখ্যা পদ্ধতি আৰু জ্যোতিৰ্বিজ্ঞানলৈকে ভাৰতৰ পৰম্পৰা সদায় জ্ঞান আৰু আৱিষ্কাৰৰ পৰম্পৰা হৈ আহিছে। আজি আমি আধুনিক প্ৰযুক্তি আৰু নতুন আত্মবিশ্বাসৰ জৰিয়তে এই বৈজ্ঞানিক ঐতিহ্যক আগুৱাই লৈ গৈছোঁ।

যোৱা এবছৰৰ কেইটামান উদাহৰণে এই পৰিৱৰ্তনক অধিক ভালদৰে বুজাত আমাক সহায় কৰিব। ৩০ অক্টোবৰত দেশে ড০ হোমি জাহাংগীৰ ভাভাৰ জন্ম বাৰ্ষিকী পালন কৰিব। সেয়েহে মই পাৰমাণৱিক শক্তিৰ বিষয়ে আলোচনা কৰি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ।

 

বন্ধুসকল,

 

আপোনালোক সকলোৱে জানে যে এখন উন্নত ভাৰত গঢ়ি তুলিবলৈ আমাক বৃহৎ পৰিমাণৰ পাৰমাণৱিক শক্তিৰ প্ৰয়োজন হ’ব। পাৰমাণৱিক ইন্ধনৰ বাবে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা আমাৰ শক্তি-নিৰাপত্তাৰ ক্ষেত্ৰত এটা প্ৰত্যাহ্বান। সেয়েহে ভাৰতে দ্ৰুতগতিত দ্ৰুত প্ৰজনক পাৰমাণৱিক চুল্লি প্ৰযুক্তিৰ উন্নয়ন সাধন কৰি আছে।

মাত্ৰ কেইমাহমান পূৰ্বে দেশৰ ৫০০ মেগাৱাট ক্ষমতাসম্পন্ন  দ্ৰুত বৰ্ধনকাৰী পাৰমাণৱিক চুল্লিটোৱে প্ৰথমবাৰৰ বাবে নিয়ন্ত্ৰিত পাৰমাণৱিক বিক্ৰিয়া আৰম্ভ কৰিবলৈ সক্ষম হয়। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সামৰ্থ্য শক্তিশালী কৰাৰ দিশত এয়া  অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ।

 

বন্ধুসকল,

 

শক্তি-নিৰাপত্তাই হওক অথবা প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাই হওক, ভাৰতৰ লক্ষ্য কেৱল নিজৰ প্ৰয়োজন পূৰণ কৰাতে সীমাবদ্ধ নহয়। গুৰুত্বপূৰ্ণ প্ৰযুক্তিসমূহৰ ক্ষেত্ৰত নিজৰ সামৰ্থ্য বৃদ্ধি কৰাটোও আমাৰ উদ্দেশ্য।

এই বছৰ ভাৰতে মহাকাশ খণ্ডতো নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। ভাৰতৰ এটা মহাকাশ ষ্টাৰ্টআপে দেশত নিৰ্মিত ৰকেটৰ সহায়ত প্ৰথমটো প্ৰচেষ্টাতেই এটা উপগ্ৰহ কক্ষপথত স্থাপন কৰিবলৈ সক্ষম হৈছে। ভাৰতে উপগ্ৰহৰ সংযোজন প্ৰযুক্তি অৰ্থাৎ মহাকাশত দুটা উপগ্ৰহক পৰস্পৰৰ সৈতে সংযুক্ত কৰাৰ সামৰ্থ্যও অৰ্জন কৰিছে।

আজি ভাৰতৰ বহু ষ্টাৰ্টআপে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত নতুন নতুন সমাধান আগবঢ়াইছে। মহাকাশ খণ্ডত যুৱ বিজ্ঞানী আৰু উদ্যোগীসকলৰ অংশগ্ৰহণো যথেষ্ট বৃদ্ধি পাইছে।

বন্ধুসকল,

বিভিন্ন ক্ষেত্ৰত ভাৰতে অৰ্জন কৰা সাফল্যৰ পৰিসৰ অভূতপূৰ্ব। এই বছৰেই ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছিল আৰু নিজাকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ আৰ্হি মুকলি কৰিছিল।

ভাৰতত নিৰ্মিত অৰ্ধপৰিবাহী ইতিমধ্যে বিশ্বৰ বজাৰসমূহলৈ যাবলৈ আৰম্ভ কৰিছে। বেটাৰী সংৰক্ষণৰ ক্ষেত্ৰতো আমি দেশৰ ভিতৰতে উপলব্ধ কেঁচামালৰ ভিত্তিত উৎপাদন আৰু সামৰ্থ্য বৃদ্ধিৰ বাবে কাম কৰি আছোঁ।

বন্ধুসকল,

পাৰমাণৱিক শক্তিৰ পৰা মহাকাশলৈ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা অৰ্ধপৰিবাহীলৈকে, এই প্ৰতিটো ক্ষেত্ৰৰ প্ৰয়োজনীয়তা পৃথক। কিন্তু এই সকলোৰে বাৰ্তা একেই। ভাৰতে উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত নিজৰ সামৰ্থ্য আৰু আত্মবিশ্বাস দুয়োটাই শক্তিশালী কৰি তুলিছে।

ভাৰতৰ আন এটা শক্তিও আছে—বৃহৎ পৰিসৰত সমাধান আগবঢ়োৱাৰ সামৰ্থ্য। ভাৰতত যেতিয়াই কোনো সমাধান সফল হয়, তেতিয়াই ই বিশ্বৰ বহু দেশৰ সমস্যা সমাধানৰ বাবেও নতুন পথ মুকলি কৰে।

আমাৰ ডিজিটেল ব্যৱস্থাপনা ইয়াৰ উৎকৃষ্ট উদাহৰণ। আমাৰ পঞ্চম প্ৰজন্মৰ দূৰসংযোগ প্ৰযুক্তিও আন এটা উদাহৰণ। ভাৰতে বৃহৎ পৰিসৰত জনসাধাৰণৰ ওচৰলৈ যাব পৰা সুৰক্ষিত সমাধান বিকশিত কৰাৰ দিশত আগবাঢ়িছে।

বন্ধুসকল,

আপোনালোক সকলোৱে জানে যে বিজ্ঞান আৰু প্ৰযুক্তিৰ জগতখনৰ এটা প্ৰত্যাহ্বান সদায় আছিল—ইয়াক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰৱণতা। কিন্তু ভাৰতৰ বিশ্বাস হৈছে, বিজ্ঞান আৰু প্ৰযুক্তি মানৱতাৰ সেৱাৰ মাধ্যম।

 

বিজ্ঞানৰ প্ৰকৃত সফলতা তেতিয়াহে আহে, যেতিয়া ই গৱেষণাগাৰৰ সীমা অতিক্ৰম কৰি সাধাৰণ নাগৰিকৰ জীৱনত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ জীৱন উন্নত কৰে।

গৱেষণাগাৰৰ পৰা পথাৰলৈ—প্ৰযুক্তিৰ সফলতা কেৱল ই কিমান উন্নত, তাৰ ওপৰত নিৰ্ভৰ নকৰে। ই কিমান বৃহৎ সমস্যাৰ সমাধান কৰে আৰু কিমান মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনে, তাৰ ওপৰতহে ইয়াৰ প্ৰকৃত শক্তি নিৰ্ভৰ কৰে।

সেয়েহে আমাৰ বাবে উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তিৰ অৰ্থ হৈছে এনে সমাধান, যিয়ে স্বাস্থ্যসেৱা শক্তিশালী কৰে, কৃষিক্ষেত্ৰত পৰিৱৰ্তন আনে, শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰে আৰু দুৰ্যোগ ব্যৱস্থাপনাত সহায় কৰে।

ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱে এনে বিষয়সমূহক গুৰুত্ব প্ৰদান কৰাত মই আনন্দিত হৈছোঁ। এটা ষ্টাৰ্টআপে মগজুৰ কাৰ্যকলাপ বুজিবলৈ সহায় কৰা  বৈদ্যুতিক মগজু-তৰংগ পৰীক্ষণ প্ৰযুক্তিক লৈ কাম কৰি আছে।

ভাৰতীয় কোম্পানীসমূহে দেশীয়ভাৱে নিৰ্মিত বেতাঁৰ আৰু উপগ্ৰহ যোগাযোগ ব্যৱস্থা বিকশিত কৰি আছে। পুষ্টিৰ ক্ষেত্ৰত বিশেষ খাদ্যগত প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হৈছে। ভাৰতীয় কোম্পানীসমূহে অৰ্ধপৰিবাহী খণ্ডত নতুন প্ৰযুক্তিৰ বিকাশৰ বাবে কাম কৰি আছে।

তীখা উৎপাদনৰ সময়ত সৃষ্টি হোৱা অৱশিষ্ট পদাৰ্থৰ দৰে ঔদ্যোগিক আৱৰ্জনাসমূহ ব্যৱহাৰ কৰাৰ বাবেও আমাৰ দেশত বিভিন্ন সমাধানৰ সন্ধান চলি আছে।

বন্ধুসকল,

মাত্ৰ কেইদিনমান পূৰ্বে মই চেন্নাই ভ্ৰমণ কৰাৰ সুযোগ পাইছিলোঁ। সেই অভিজ্ঞতাৰ বিষয়েও আপোনালোকক জনাবলৈ বিচাৰিছোঁ। তাত মই আইআইটি মাদ্ৰাজত এটা আধুনিক মগজু গৱেষণা কেন্দ্ৰ উদ্বোধন কৰিছিলোঁ।

এই কেন্দ্ৰটোৱে মগজুৰ প্ৰতিচ্ছবি নিৰ্মাণৰ এখন প্ৰযুক্তিগত মঞ্চ বিকশিত কৰিছে, যিটো সমগ্ৰ বিশ্বৰ বাবে এটা আদৰ্শ হ’ব পাৰে। এই মগজু গৱেষণা কেন্দ্ৰটোৱে মানৱ মগজুৰ উচ্চ-স্পষ্টতাসম্পন্ন ডিজিটেল ত্ৰিমাত্ৰিক ছবি প্ৰস্তুত কৰাৰ বাবে কাম কৰি আছে।

এই অভিযানৰ সফলতাই স্নায়ুতন্ত্ৰৰ ৰোগসমূহৰ সৈতে জড়িত বহু জটিলতা সমাধান কৰাত সহায় কৰিব।

সমাজৰ বাবে বিজ্ঞান, পৰিৱৰ্তনৰ বাবে প্ৰযুক্তি—আমাৰ বৈজ্ঞানিক অগ্ৰগতিৰ মাপকাঠি এয়াই হোৱা উচিত। ভাৰতে এই মাপকাঠীৰ ভিত্তিত নিজৰ অগ্ৰগতিৰ মূল্যায়ন কৰি আগবাঢ়িছে।

বন্ধুসকল,

আমি সকলোৱে জানো যে এখন দেশৰ প্ৰযুক্তি আৰু নতুন প্ৰযুক্তি সৃষ্টি কৰাৰ সামৰ্থ্য ইয়াৰ গৱেষণাৰ ওপৰত নিৰ্ভৰ কৰে। গৱেষণাই এখন দেশক নিজৰ সমস্যাৰ সমাধান বিচাৰি উলিওৱা আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ শক্তি প্ৰদান কৰে।

সেয়েহে মই কৈ আহিছোঁ—জয় বিজ্ঞান, জয় অনুসন্ধান!

উন্নত ভাৰত গঢ়াৰ লক্ষ্যৰে আমি নিৰন্তৰভাৱে আমাৰ গৱেষণা খণ্ডক শক্তিশালী কৰি তুলিছোঁ। এই সংকল্পৰ অংশ হিচাপে অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাসৰ কাম-কাজ ত্বৰান্বিত কৰা হৈছে।

যোৱা বছৰ এই মঞ্চতেই আমি গৱেষণা, বিকাশ আৰু উদ্ভাৱনৰ বাবে এক লাখ কোটি টকা আবণ্টন দিয়াৰ সংকল্প লৈছিলোঁ। আজি ইয়াৰ ফলাফল দৃশ্যমান হ’বলৈ আৰম্ভ কৰিছে।

যোৱা এবছৰত গৱেষণাগাৰৰ পৰা বজাৰলৈ যোৱাৰ বাবে সাজু হৈ উঠা প্ৰযুক্তিসমূহৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰায় ১২ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। এই প্ৰচেষ্টাত ব্যক্তিগত বিনিয়োগকাৰীসকলেও সমানে অংশগ্ৰহণ কৰিছে।

চৰকাৰে আগবঢ়োৱা ১২ হাজাৰ কোটি টকাৰ প্ৰতিশ্ৰুতিৰ সমান্তৰালকৈ ব্যক্তিগত খণ্ডয়ো ১২ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। অৰ্থাৎ মাত্ৰ এবছৰৰ ভিতৰতে গৱেষণা আৰু বিকাশৰ বাবে মুঠ ২৪ হাজাৰ কোটি টকাৰ নতুন বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

বন্ধুসকল,

ভাৰতৰ গৱেষণা ব্যৱস্থাটোও নিৰন্তৰভাৱে সম্প্ৰসাৰিত হৈ আছে। পেটেণ্টৰ আবেদনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। দহ বছৰ পূৰ্বে এটা সম্পূৰ্ণ বছৰত ৫০ হাজাৰৰো কম পেটেণ্টৰ আবেদন দাখিল কৰা হৈছিল। যোৱা বছৰ এই সংখ্যা প্ৰায় ১ লাখ ৫০ হাজাৰলৈ বৃদ্ধি পাইছে।

এই পৰিসংখ্যাসমূহে কেৱল সংখ্যাৰ বৃদ্ধিকে সূচোৱা নাই। ইয়াৰ জৰিয়তে ভাৰতত গৱেষণা আৰু উদ্ভাৱন এটা শক্তিশালী সংস্কৃতি হিচাপে গঢ় লৈ উঠাৰ পৰিৱৰ্তন প্ৰতিফলিত হৈছে।

বন্ধুসকল,

 

একবিংশ শতিকাৰ এই দ্বিতীয়টো চতুৰ্থাংশত আন এটা প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত বৈজ্ঞানিক বিচাৰ-বিবেচনাৰ বিকাশ কেনেদৰে হ’ব?

আমাৰ গৱেষণাগাৰসমূহৰ নেতৃত্ব দিয়া বিজ্ঞানীসকলে বছৰ বছৰ ধৰি অভিজ্ঞতা আহৰণ কৰি নিজৰ বিশেষজ্ঞতা গঢ়ি তুলিছে। এই মঞ্চতো কেইবাগৰাকীও বিশিষ্ট বিজ্ঞানী আৰু নোবেল বঁটাপ্ৰাপক উপস্থিত আছে।

আমি সকলোৱে জানো যে তেওঁলোকে সৰু সৰু সমস্যাৰ সমাধান কৰি, পৰীক্ষা-নিৰীক্ষা চলাই আৰু বিফলতাৰ পৰা শিক্ষা গ্ৰহণ কৰি নিজৰ জ্ঞান আৰু বুজাবুজি বিকশিত কৰিছে।

 

এজন বিজ্ঞানীয়ে কেৱল সুলভ তথ্যৰ পুনৰাবৃত্তি নকৰে। এজন বিজ্ঞানীয়ে প্ৰতিষ্ঠিত ধাৰণাক প্ৰশ্ন কৰে। তেওঁ নতুন দৃষ্টিভংগীৰে সমাধানসমূহ পৰীক্ষা কৰে। আনসকলে উপেক্ষা কৰা দিশসমূহ তেওঁ চিনাক্ত কৰে। এই প্ৰক্ৰিয়াৰ মাজেৰেই বৈজ্ঞানিক বিচাৰ-বিবেচনাৰ বিকাশ ঘটে।

কিন্তু আজি কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত আমাৰ সন্মুখত এটা নতুন প্ৰত্যাহ্বান দেখা দিছে। কৃত্ৰিম বুদ্ধিমত্তাই বহু নিয়মীয়া কাম অতি কম সময়তে সম্পন্ন কৰিব পাৰে। ইয়াৰ ফলত গৱেষণাৰ উৎপাদনশীলতা বৃদ্ধি পাব পাৰে।

কিন্তু আমি এইটোও নিশ্চিত কৰিব লাগিব যে কৃত্ৰিম বুদ্ধিমত্তাই যাতে বৈজ্ঞানিক চিন্তা-চৰ্চা আৰু স্বতন্ত্ৰ বিচাৰ-বিবেচনাক সীমিত নকৰে, বৰং সেইবোৰক অধিক সমৃদ্ধ কৰে।

কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ফলত ৰাহি হোৱা সময় অধিক জটিল সমস্যাৰ সমাধান, নতুন পৰীক্ষা-নিৰীক্ষা আৰু নতুন ধাৰণাৰ পৰীক্ষণত ব্যৱহাৰ কৰা উচিত।

কৃত্ৰিম বুদ্ধিমত্তাই দ্ৰুতগতিত উত্তৰ আগবঢ়াব পাৰে। কিন্তু সেই উত্তৰৰ সত্যতা পৰীক্ষা কৰাৰ দায়িত্ব বিজ্ঞানীৰ হাততেই থাকিব লাগিব।

বন্ধুসকল,

আমি আমাৰ বিজ্ঞানী আৰু প্ৰতিষ্ঠানসমূহক কেৱল বৰ্তমানৰ প্ৰয়োজনীয়তাৰ বাবেই নহয়, ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ বাবেও প্ৰস্তুত কৰিব লাগিব।

অৰ্ধপৰিবাহী, কোৱাণ্টাম প্ৰযুক্তি, জৈৱ প্ৰযুক্তি, উন্নত সামগ্ৰী, ৰবট প্ৰযুক্তি, মহাকাশ, স্বচ্ছ শক্তি আৰু পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ ব্যৱস্থাই ভৱিষ্যতৰ ৰূপ নিৰ্ধাৰণ কৰিব। ভাৰতে এই সকলো ক্ষেত্ৰতে শক্তিশালী বৈজ্ঞানিক ভেটি গঢ়ি তুলিছে।

এই উদ্দেশ্যে কেইবাটাও ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰা হৈছে। এই ক্ষেত্ৰসমূহত নতুন নতুন বৈপ্লৱিক আৱিষ্কাৰ ভাৰতৰ পৰাও উদ্ভৱ হোৱাটো আমাৰ লক্ষ্য।

আমাৰ দায়িত্ব কেৱল উদ্ভাৱনৰ মাজতে সীমাবদ্ধ নহয়। কৃত্ৰিম বুদ্ধিমত্তা, কৃত্ৰিম জীৱবিজ্ঞান অথবা স্বয়ংচালিত ব্যৱস্থাই হওক—সুৰক্ষা আৰু নিৰাপত্তাক অগ্ৰাধিকাৰ দিবই লাগিব।

কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰতো নতুন প্ৰত্যাহ্বান আৰু ভাবুকিৰ সৃষ্টি হৈছে। আমাৰ বিত্তীয় নেটৱৰ্কৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থালৈকে সকলোৱে এই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

সেয়েহে এই ভাবুকিসমূহৰ পৰা দেশৰ ব্যৱস্থাসমূহক সুৰক্ষিত কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক সমাধানৰ ওপৰত কাম কৰা আৰু কোৱাণ্টাম নিৰাপত্তা ব্যৱস্থাৰ উন্নয়ন সাধন কৰাটো অত্যন্ত প্ৰয়োজনীয়।

ভাৰতক শক্তিশালী কৰাৰ লগতে মানৱতাই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধানো আগবঢ়াব পৰা প্ৰযুক্তি বিকশিত কৰাটোৱেই আমাৰ লক্ষ্য।

বন্ধুসকল,

এই সন্মিলনত উপস্থিত প্ৰতিগৰাকী গৱেষক, উদ্যোগৰ নেতা, ষ্টাৰ্ট আপৰ প্ৰতিষ্ঠাপক আৰু যুৱ শিক্ষাৰ্থীক মই এটা নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছোঁ।

আগন্তুক তিনি বছৰত তেওঁলোকে কোনটো প্ৰযুক্তি, আৰ্হি, পৰীক্ষামূলক প্ৰকল্প অথবা সামগ্ৰী বিকশিত কৰাত অৰিহণা যোগাব?

উন্নত ভাৰত গঢ়ি তোলাত সহায়ক হোৱা উদ্ভাৱন সৃষ্টি কৰোঁ আহক। ভাৰতক বিশ্বৰ বাবে সমাধান আগবঢ়োৱাৰ এটা প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলা উদ্ভাৱন কৰোঁ আহক।

সেয়েহে মোৰ আশা, এই সন্মিলন কেৱল ধাৰণা বিনিময়ৰ মাজতে সীমাবদ্ধ নাথাকিব। ই এনে এখন মঞ্চত পৰিণত হ’ব, য’ত পৰিমাপ কৰিব পৰা বাস্তৱ ফলাফল লাভ কৰা যাব।

 

বন্ধুসকল,

 

আজি ভাৰত বিশ্বৰ আটাইতকৈ যুৱ জনসংখ্যাৰ দেশ। আমাৰ প্ৰতিভা আছে। নতুন কিবা সৃষ্টি কৰাৰ সংকল্প আমাৰ আছে।

আমি এনে এটা প্ৰজন্ম গঢ়ি তুলিব লাগিব, যিয়ে কেৱল উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অংশগ্ৰহণেই নকৰে, বৰং এই ক্ষেত্ৰসমূহক নেতৃত্বও দিব।

 

আমাৰ মনোভাব হোৱা উচিত—আমি কৰি দেখুৱাম। আমি কৰি দেখুৱাম।

 

আমাৰ আত্মবিশ্বাস হোৱা উচিত—আমি কৰি দেখুৱাম।

পুনৰবাৰ এই সন্মিলনৰ সফলতাৰ বাবে মই আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ।

ধন্যবাদ!

ঘোষণা: এয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া  ভাবানুবাদ। মূল ভাষণটো তেওঁ হিন্দীত প্ৰদান  কৰিছিল।

 

 

****

MJPS/SS/VJ/ST/DM