Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উৰিষ্যাৰ বৰিপাড়াত প্ৰধানমন্ত্ৰীৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ মুকলি


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ বৰিপাড়া ভ্ৰমণ কৰে৷

তেওঁ ৰাশিকা ৰেমন্দিৰ আৰু প্ৰাচীন দূৰ্গ হৰিপুৰগড়ত উদ্ধাৰ হোৱা কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ তথা উন্নয়নৰ কামৰ বাবে ডিজিটেল ফলক উন্মোচন কৰে৷

তেওঁ তিনিটা ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে৷

তেওঁ ৰাষ্ট্ৰলৈ বুলি আইঅচিএলৰ পাৰাদ্বীপহালদিয়াদুৰ্গাপুৰ এলপিজি পাইপলাইনৰ অংশ বালাছোড়হালদিয়াদুৰ্গাপুৰ উচৰ্গা কৰে৷ তাৰোপৰি তেওঁ বালাছোড়ত মাল্টিমোডাল লজিষ্টিক পাৰ্ক আৰু ছয়টা পাৰপত্ৰ সেৱা কেন্দ্ৰও মুকলি কৰে৷

তেওঁ টাটানগৰৰ পৰা বাদামপাহাৰলৈ দ্বিতীয় যাত্ৰীবাহী ৰেলৰ ফ্লেগ অফ কৰে৷

উপস্থিত জনতাক সম্বোন্ধি তেওঁ কয় যে আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় ৪০০০ কোটি টকা ধাৰ্য কৰা হৈছে৷

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ মানুহৰ জীৱনলৈ মৌলিক পৰিৱৰ্তন আনিব পৰা বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ প্ৰতি লক্ষ্য নিৰূপণ কৰিছে৷

তেওঁ কয় যে বালাছোড়হালদিয়াদুৰ্গাপুৰ এলপিজি পাইপলাইনে উৰিষ্যা আৰু পশ্চিমবংগত পৰিবহণ ব্যয় আৰু সময় হ্ৰাস কৰি এলপিজি প্ৰদানৰ নিশ্চিতি প্ৰদান কৰিব৷

তেওঁ একবিংশ শতিকাৰ যোগাযোগৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে ভাৰতত যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ আধুনিক আন্তঃগাঁথনিত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰা হৈছে৷ তেওঁ উৰিষ্যাৰ পথ, ৰেল আৰু বায়ু যোগাযোগৰ উন্নীতকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে বৰ্ধিত ৰেল সংযোগে জনসাধাৰণৰ বাবে যাতায়াত ব্যৱস্থা উন্নীতকৰণ কৰাৰ লগতে খনিজ সম্পদসমূহ উদ্যোগলৈ প্ৰেৰণ কৰাত পথ প্ৰশস্ত হব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্ধিত আন্তঃগাঁথনিৰ দ্বাৰা দেশৰ মধ্যবিত্তসকল আৰু মজলীয়া উদ্যোগসমূহ বাৰুকৈয়ে লাভান্বিত হব৷ তেওঁ কয় যে আধুনিক পথ, পৰিষ্কাৰ ৰেল আৰু ব্যয়সাধ্য বিমান যাত্ৰাই মধ্যবিত্তসকলৰ জীৱন সহজ কৰি তুলিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা চাৰে চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰে জনতাৰ বাবে পাৰপত্ৰ লাভৰ প্ৰক্ৰিয়া পূৰ্বতকৈ সহজ কৰি তুলিছে৷ তেওঁ কয় যে আজি মুকলি হোৱা ছয়টা পাৰপত্ৰ সেৱা কেন্দ্ৰৰ জৰিয়তে এই পদক্ষেপক গতি প্ৰদান কৰিব৷ তেওঁ ইয়াক ইজ অব্ লিভিংবুলি অভিহিত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ ঐতিহ্য সংৰক্ষণৰ দিশতো প্ৰয়াস কৰিছে৷ তেওঁ কয় যি বিশ্বাস, আধ্যাত্মিকতা আৰু ইতিহাসৰ সৈতে জড়িত তথা যোগ আৰু আয়ুৰ্বেদৰ জ্ঞানক ৰাজহুৱাভাৱে প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে৷ এই সন্দৰ্ভত তেওঁ ৰাশিকা ৰেমন্দিৰ আৰু প্ৰাচীন দূৰ্গ হৰিপুৰগড়ত উদ্ধাৰ হোৱা কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ তথা উন্নয়নৰ কামৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে চৰকাৰৰ এই প্ৰয়াসসমূহে পৰ্যটন বৃদ্ধিতো সহায় কৰিব৷

***

AKT/AK/MANN