Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এআই ইমপেক্ট ছামিটৰ সময়তে ফিনলেণ্ড গণৰাজ্যৰ প্ৰধানমন্ত্ৰী পেট্টেৰী অৰ্পোৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

এআই ইমপেক্ট ছামিটৰ সময়তে  ফিনলেণ্ড গণৰাজ্যৰ প্ৰধানমন্ত্ৰী পেট্টেৰী অৰ্পোৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  এআই ইমপেক্ট ছামিটৰ সময়তে ১৮ ফেব্ৰুৱাৰীত নতুন দিল্লীত ফিনলেণ্ড গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীমান পেট্টেৰী অৰ্পোৰ সৈতে বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই ষষ্ঠদশ ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলনৰ সময়ত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিক আদৰণি জনায়। এই চুক্তিয়ে ভাগ-বতৰা কৰা প্ৰগতি আৰু সমৃদ্ধিৰ অনুঘটক হিচাপে কাম কৰিব। ভাৰত-ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্ব বজাই ৰাখি দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক উন্নত কৰাৰ বাবে  অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ দুয়োগৰাকী নেতাই  প্ৰতিশ্ৰুতিবদ্ধ হয়।

ভৱিষ্যতৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নক আগুৱাই নিয়াৰক্ষেত্ৰত ডিজিটেলাইজেচন আৰু এই বিষয়ক  বহনক্ষমতাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ত নেতাদ্বয়ে আলোকপাত কৰে। এই প্ৰেক্ষাপটত তেওঁলোকে  কাৰ্য্যকলাপৰ সম্প্ৰসাৰণ  আৰু অংশীদাৰিত্বৰ জৰিয়তে উভয় দেশৰেই  অৰ্থনীতিত আগশাৰীৰ প্ৰযুক্তি কোম্পানীসমূহৰ ক্ৰমবৰ্ধমান উপস্থিতিক স্বীকৃতি দিয়ে আৰু এনে পদক্ষেপক  আদৰণি জনায়। ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে ন্যায্য তথা সৰ্বাংগীন এআইৰ উন্নয়নৰ বাবে ভাৰতৰ দৃষ্টিভংগীৰ শলাগ লয়।নেতাদ্বয়ে  কোৱাণ্টাম আৰু ৬জি, নবীকৰণযোগ্য শক্তি, বৃত্তাকাৰ অৰ্থনীতি তথা  প্ৰতিৰক্ষাকে আদি খণ্ডত দ্বিপাক্ষিক বাণিজ্য দুগুণলৈ বৃদ্ধি কৰা  তথা  প্ৰযুক্তিৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ আহ্বান জনায়।আঞ্চলিক আৰু বিশ্বৰ উন্নয়নৰ ক্ষেত্ৰতো তেওঁলোকে অধিক সহযোগিতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। 

নেতাদ্বয়ে চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত পুনৰ বৈঠকত মিলিত হৈ  দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

 

***

MJPS/SR/DM