Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত মহিলাৰ ছিংগল স্কোৱাছত ৰূপৰ পদক জয় কৰা অনাহত সিঙক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মহিলাৰ ছিংগল স্কোৱাছত উৎকৃষ্ট প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰা অনাহত সিঙক অভিনন্দন জ্ঞাপন কৰে আৰু তেওঁৰ প্ৰদৰ্শন প্ৰশংসনীয় বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছে, বিশেষকৈ বিশ্বৰ কেইবাগৰাকীও শ্ৰেষ্ঠ খেলুৱৈৰ  বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত তেওঁৰ দক্ষতা বিশেষভাৱে প্ৰতিফলিত হৈছে। শ্ৰী মোদীয়ে লগতে আশা প্ৰকাশ কৰে যে অনাহত সিঙে আগন্তুক দিনসমূহতো  নতুন উচ্চতা স্পৰ্শ কৰি ভাৰতলৈ আৰু বহু সন্মান কঢ়িয়াই আনিব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত কৰা এক পোষ্টত  কয়—

“অনাহত সিঙলৈ এক গৌৰৱময় ৰূপৰ পদকৰ অভিনন্দন! এছিয়ান গেমছত মহিলাৰ ছিংগল  স্কোৱাছত তেওঁৰ প্ৰদৰ্শন প্ৰশংসনীয় হৈছে। তেওঁ অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছে, বিশেষকৈ বিশ্বৰ কেইবাগৰাকীও শ্ৰেষ্ঠ খেলুৱৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত। তেওঁ আগন্তুক দিনসমূহতো  নতুন উচ্চতা স্পৰ্শ কৰি ভাৰতলৈ আৰু বহু সন্মান কঢ়িয়াই আনক।”

PM @narendramodi”

 

***

MJPS/SS/PRK/DM