Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত স্কোৱাশ্ব মিক্সড দলীয় শিতানত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে জোশনা চিনাপ্পা আৰু ভেলাৱন চেন্থিলকুমাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত স্কোৱাশ্ব মিক্সড দলীয় শিতানত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে জোশনা চিনাপ্পা আৰু ভেলাৱন চেন্থিলকুমাৰক অভিনন্দন জনাই তেওঁলোকৰ ব্যতিক্ৰমী দক্ষতা আৰু সংকল্পক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰে যে জোশনাৰ বাবে, ই ২০১০ চনৰ পৰা একেৰাহে এছিয়ান গেমছত তেওঁৰ উপস্থিতি আৰু প্ৰতিটো সংস্কৰণত তেওঁ এটা পদক লাভ কৰে। তেওঁৰ স্থিৰতা সঁচাকৈয়ে উল্লেখযোগ্য বুলি প্ৰধানমন্ত্ৰীয়ে বৰ্ণনা কৰে। শ্ৰী মোদীয়ে লগতে দুয়োগৰাকী খেলুৱৈক ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰিছেঃ

‘এছিয়ান গেমছত স্কোৱাশ্ব মিক্সড দলীয় শিতানত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে @joshnachinappa আৰু ভেলাৱন চেন্থিলকুমাৰক অভিনন্দন জনাইছো। তেওঁলোকৰ দক্ষতা আৰু সংকল্প অসাধাৰণ।

জোশনাৰ বাবে, ২০১০ চনৰ পৰা এয়া তেওঁৰ একেৰাহে এছিয়ান গেমছত উপস্থিতি আৰু প্ৰতিটো সংস্কৰণত এটা পদক। তেওঁৰ ধাৰাবাহিকতা সঁচাকৈয়ে উল্লেখযোগ্য।

দুয়োগৰাকী খেলুৱৈক ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী @narendramodi’

***

MJPS/SS/PRK/MK