Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছৰ পুৰুষৰ ১০,০০০ মিটাৰ প্ৰতিযোগিতাত ৰূপৰ পদক জয় কৰা গুলৱীৰ সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইচি-নাগোয়াত অনুষ্ঠিত এচিয়ান গেমছৰ পুৰুষৰ ১০,০০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰা গুলৱীৰ সিঙক অভিনন্দন জনায়। প্ৰতিযোগিতাখনত পূৰ্বে ব্ৰঞ্জৰ পদক জয় কৰাৰ পাছত পুনৰ এই সাফল্যৰে গুলৱীৰে দেশক গৌৰৱান্বিত কৰি ৰখা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ প্ৰশংসা কৰাৰ লগতে কয় যে তেওঁৰ একাগ্ৰতা তথা ধাৰাবাহিক উন্নতিয়ে সমগ্ৰ ভাৰতৰে উদীয়মান দীৰ্ঘদূৰত্বৰ দৌৰবিদসকলক অনুপ্ৰাণিত কৰিব।

 

এক্সৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:

 

“আইচি-নাগোয়াত পূৰ্বে এটা ব্ৰঞ্জ আৰু এতিয়া ৰূপৰ পদক। গুলৱীৰ সিঙে এচিয়ান গেমছৰ মঞ্চত আমাক ধাৰাবাহিকভাৱে গৌৰৱান্বিত কৰি ৰাখিছে!

 

পুৰুষৰ ১০,০০০ মিটাৰ প্ৰতিযোগিতাত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে তেওঁলৈ আন্তৰিক অভিনন্দন। তেওঁৰ একাগ্ৰতা আৰু উত্তৰণে সমগ্ৰ ভাৰতৰ উদীয়মান দীৰ্ঘদূৰত্বৰ দৌৰবিদসকলক অনুপ্ৰাণিত কৰিব: প্ৰধানমন্ত্ৰী @narendramodi”

***

MJPS/SS/PRK/DB