Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছ ২০২৬ত পুৰুষৰ স্কিফত ৰূপৰ পদক জয় কৰা প্ৰিন্স নোবেল আৰু মনু ফ্ৰান্সিছক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ ২০২৬ৰ পুৰুষৰ স্কিফত ৰূপৰ পদক জয় কৰা প্ৰিন্স নোবেল আৰু মনু ফ্ৰান্সিছক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে দুয়োগৰাকী খেলুৱৈয়ে পূৰ্বৰ প্ৰদৰ্শনতকৈ উন্নত প্ৰদৰ্শন কৰি পদক জয়ৰ  তালিকাত স্থান লাভ কৰিছে। তেওঁ ইয়াক দক্ষতা আৰু দৃঢ় সংকল্পৰ জৰিয়তে অৰ্জন কৰা এক উল্লেখযোগ্য অগ্ৰগতি বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে প্ৰিন্স নোবেল আৰু মনু ফ্ৰান্সিছক তেওঁলোকৰ  ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েএক্সত দিয়া পোষ্টত কয়—

“এক বিশেষ আৰু চমকপ্ৰদ ৰূপৰ পদক!

এছিয়ান গেমছ ২০২৬ৰ পুৰুষৰ স্কিফত ৰূপৰ পদক জয় কৰা প্ৰিন্স নোবেল আৰু মনু ফ্ৰান্সিছক অভিনন্দন।তেওঁলোকে পূৰ্বৰ প্ৰদৰ্শনতকৈ উন্নত প্ৰদৰ্শন কৰি এইবাৰ পদক জয়ৰ পডিয়ামত স্থান লাভ কৰিছে।দক্ষতা আৰু দৃঢ় সংকল্পৰ জৰিয়তে অৰ্জন কৰা এই অগ্ৰগতি সঁচাকৈয়ে উল্লেখযোগ্য।তেওঁলোকক আগন্তুক সকলো প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালোঁ।”

 

 

PM @narendramodi”

 

A special and spectacular Silver!

Congrats to Prince Noble and Manu Francis on winning the Silver Medal in the Men’s Skiff event at the Asian Games 2026.

They bettered their previous performances and did well by reaching the podium this time. It has truly been a remarkable…

— PMO India (@PMOIndia) October 1, 2026

 

 

*****

MJPS/SS/ST/DM