প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ পুৰুষৰ জেভেলিন থ্ৰ’ৰ এফ-৫৫ শাখাত সুন্দৰ প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুখচেইনক অভিনন্দন জনায়।
শ্ৰী মোদীয়ে কয় যে এই সফলতা সুখচেইনৰ নিষ্ঠা, বছৰ বছৰ ধৰি চলোৱা কঠোৰ প্ৰস্তুতি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব অৰ্জনৰ দৃঢ় সংকল্পৰ প্ৰতিফলন।তেওঁ লগতে কয় যে সুখচেইনৰ এই কৃতিত্বই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু ভৱিষ্যতে অধিক সফলতা লাভৰ পথ প্ৰশস্ত কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত কৰা এটা পোষ্টত এইদৰে উল্লেখ কৰে—
“২০২৬ চনৰ এছিয়ান পেৰা গেমছত সুখচেইনৰ এক প্ৰশংসনীয় প্ৰদৰ্শন! তেওঁ পুৰুষৰ জেভেলিন থ্ৰ’ৰ এফ-৫৫ শাখাত সুন্দৰ নিক্ষেপেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।
এই সফলতা তেওঁৰ নিষ্ঠা, বছৰ বছৰ ধৰি চলোৱা কঠোৰ প্ৰস্তুতি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব অৰ্জনৰ দৃঢ় সংকল্পৰ প্ৰতিফলন।
দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে সুখচেইনক মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। তেওঁৰ এই কৃতিত্বই ভৱিষ্যতে আৰু অধিক সফলতাৰ পথ প্ৰশস্ত কৰক।”
@narendramodi”
A commendable performance by Sukhchain at the Asian Para Games 2026! He has secured the Bronze Medal in the Men’s Javelin Throw F55 event with a fine throw. This success is a reflection of his dedication, years of rigorous preparation and determination to excel on the international stage. My congratulations to Sukhchain for bringing pride to the nation. May this achievement pave the way for many more successes: PM @narendramodi
— PMO India (@PMOIndia) October 21, 2026
****
MJPS/SS/PRK/DM