প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ টি-৩৫ শাখাত উৎকৃষ্ট প্ৰদৰ্শনেৰে দৌৰ সম্পূৰ্ণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে অনুভৱ চৌধুৰীক অভিনন্দন জনায়।
এয়া তেওঁৰ বাবে এক স্মৰণীয় অভিষেক আৰু ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ইয়াৰ জৰিয়তে তেওঁ নিজৰ ক্ৰীড়া যাত্ৰাৰ এক আকৰ্ষণীয় আৰম্ভণি কৰিছে।
এই সুন্দৰ কৃতিত্বৰ বাবে অনুভৱক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই সফলতাই তেওঁৰ ক্ৰীড়া জীৱনত ভৱিষ্যতে আৰু বহুতো উল্লেখযোগ্য সাফল্যৰ পথ প্ৰশস্ত কৰিব।
এক্সত প্ৰকাশ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে কয়—
“এটা স্মৰণীয় অভিষেক আৰু ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন!
এছিয়ান পেৰা গেমছৰ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ টি-৩৫ শাখাত উৎকৃষ্ট সময়ত দৌৰ সম্পূৰ্ণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰি অনুভৱ চৌধুৰীয়ে নিজৰ ক্ৰীড়া যাত্ৰাৰ এক আকৰ্ষণীয় আৰম্ভণি কৰিছে।
এই সুন্দৰ কৃতিত্বৰ বাবে তেওঁলৈ অভিনন্দন জনাইছোঁ।
এই সফলতাই তেওঁৰ ক্ৰীড়া জীৱনত আৰু বহুতো উল্লেখযোগ্য সাফল্যৰ পথ প্ৰশস্ত কৰক।”
@narendramodi”
A memorable debut and a personal best!
Anubhav Choudhary has made an impressive start to his Asian Para Games journey, winning Bronze in the Men’s 100m T35 event with an impressive timing. Congratulations to him on this wonderful achievement. May this lead to many more milestones in his sporting career: PM @narendramodi
— PMO India (@PMOIndia) October 21, 2026
***
MJPS/SS/PRK/DM
A memorable debut and a personal best! Anubhav Choudhary has made an impressive start to his Asian Para Games journey, winning Bronze in the Men's 100m T35 event with an impressive timing. Congratulations to him on this wonderful achievement. May this lead to many more milestones in his sporting career: PM @narendramodi
— PMO India (@PMOIndia) October 21, 2026