Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক বিজয়ী প্ৰবীণক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ পুৰুষৰ শ্বটপুটৰ এফ-৪৬ শাখাত চলিত ছিজনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰা প্ৰবীণৰ সফলতাত গৌৰৱ প্ৰকাশ কৰাৰ লগতে তেওঁক অভিনন্দন জনায়।

প্ৰবীণৰ নিষ্ঠা আৰু ক্ৰীড়াৰ প্ৰতি থকা অনুৰাগ প্ৰশংসনীয় বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই সফলতাই তেওঁক ভৱিষ্যতে আৰু অধিক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিব।

এক্সত প্ৰকাশ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে কয়—

“২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ পুৰুষৰ শ্বটপুটৰ এফ-৪৬ শাখাত চলিত ছিজনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰি প্ৰবীণে আমাক গৌৰৱান্বিত কৰিছে।

তেওঁৰ নিষ্ঠা আৰু ক্ৰীড়াৰ প্ৰতি থকা অনুৰাগ প্ৰশংসনীয়।

এই সফলতাই তেওঁক ভৱিষ্যতে আৰু অধিক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰক।”

@narendramodi”

 

****

MJPS/SS/PRK/DM