Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সঞ্জনা কুমাৰীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ মহিলাৰ ছিংগলছ SL3 পেৰা বেডমিণ্টন প্ৰতিযোগিতাত সুকীয়া পৰিচয় দাঙি ধৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে সঞ্জনা কুমাৰীক অভিনন্দন জনায়।

শ্ৰীমোদীয়ে কয় যে তেওঁ এই সফলতাত গৰ্বিত অনুভৱ কৰাৰ লগতে ভৱিষ্যতেও সঞ্জনা কুমাৰীয়ে এনেদৰেই উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:

“সঞ্জনা কুমাৰীয়ে এছিয়ান পেৰা গেমছত নিজৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখিছে! মহিলাৰ ছিংগলছ SL3 পেৰা বেডমিণ্টন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে তেওঁক লৈ গৌৰৱ অনুভৱ কৰিছো। আগন্তুক দিনবোৰতো তেওঁ এনেদৰেই শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি যাওক: প্ৰধানমন্ত্ৰী

***

MJPS/SS/PRK/DB