Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাবিনা পেটেল আৰু শুভম ৱাধৱাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ, ২০২৬ৰ মিক্সড ডাবলছ ‘ক্লাছ XD7’ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ভাবিনা পেটেল আৰু শুভম ৱাধৱাক অভিনন্দন জনায়। এই জয়েৰে তেওঁলোকে এই গেমছৰ মিক্সড ডাবলছত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰাৰ লগতে ভাৰতীয় পেৰা টেবুল টেনিছৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰে।

শ্ৰীমোদীয়ে উল্লেখ কৰে যে তেওঁলোকৰ দলীয় প্ৰচেষ্টা, একাগ্ৰতা আৰু দৃঢ় সংকল্পই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সুন্দৰ মাইলৰ খুঁটি অৰ্জনৰ বাবে দুয়োগৰাকী এথলীটক অভিনন্দন জনাই তেওঁলোকৰ ধাৰাবাহিক সফলতা কামনা কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:

“ভাৰতীয় পেৰা টেবুল টেনিছৰ বাবে এক ঐতিহাসিক ক্ষণ!

ভাবিনা পেটেল আৰু শুভম ৱাধৱাই এছিয়ান পেৰা গেমছ, ২০২৬ৰ মিক্সড ডাবলছ ‘ক্লাছ XD7’ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰি এই গেমছৰ মিক্সড ডাবলছত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিছে।

তেওঁলোকৰ দলীয় প্ৰচেষ্টা, একাগ্ৰতা আৰু দৃঢ় সংকল্পই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

এই সুন্দৰ সফলতাৰ বাবে দুয়োগৰাকী এথলীটলৈ মোৰ অভিনন্দন। তেওঁলোকৰ ধাৰাবাহিক সফলতা কামনা কৰিলোঁ: প্ৰধানমন্ত্ৰী

 

MJPS/SS/PRK/DB