Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক জয়ী স্বাতিক পাটিলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ ১০০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰোক এছবি৯ ইভেণ্টত সাঁতোৰত ব্ৰঞ্জৰ পদক লাভ কৰা স্বাতিক পাটিলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জনাইছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সুন্দৰ সাফল্যই তেওঁৰ অনুশাসন, নিষ্ঠা আৰু ধাৰাবাহিক প্ৰচেষ্টাক প্ৰতিফলিত কৰে। মোদীয়ে তেওঁৰ ক্ৰীড়া যাত্ৰাত ধাৰাবাহিক সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

‘স্বাতিক পাটিলৰ সুন্দৰ সাঁতোৰ! তেওঁ এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোক এছবি৯ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে। এই সুন্দৰ সাফল্যই তেওঁৰ অনুশাসন, নিষ্ঠা আৰু ধাৰাবাহিক প্ৰচেষ্টাক প্ৰতিফলিত কৰে। ক্ৰীড়া যাত্ৰাত অব্যাহত সফলতাৰ বাবে স্বাতিকলৈ মোৰ শুভেচ্ছাঃ প্ৰধানমন্ত্ৰী @narendramodi’

 

 

***

MJPS/SS/PRK/HS