Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত সোণৰ পদক অৰ্জন কৰা অঞ্জনাবেনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ, ২০২৬ৰ মহিলাৰ ৪০০ মিটাৰ T47 প্ৰতিযোগিতাত এক অসাধাৰণ টাইমিঙেৰে সোণৰ পদক অৰ্জন কৰাৰ বাবে অঞ্জনাবেনক অভিনন্দন জনায়।

শ্ৰীমোদীয়ে উল্লেখ কৰে যে তেওঁৰ ব্যতিক্ৰমী গতি, একাগ্ৰতা আৰু দৃঢ় সংকল্পই সমগ্ৰ দেশবাসীলৈ প্ৰচুৰ আনন্দ কঢ়িয়াই আনিছে। তেওঁ লগতে ভৱিষ্যতেও এনেদৰেই শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি অধিক সফলতা অর্জন কৰিব বুলি আশা প্ৰকাশ কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:

“এছিয়ান পেৰা গেমছ, ২০২৬ৰ মহিলাৰ ৪০০ মিটাৰ T47 প্ৰতিযোগিতাত এক অসাধাৰণ টাইমিঙেৰে সোণৰ পদক জয় কৰাৰ বাবে অঞ্জনাবেনলৈ অভিনন্দন! তেওঁৰ ব্যতিক্ৰমী গতি, একাগ্ৰতা আৰু দৃঢ় সংকল্পই দেশবাসীলৈ অপাৰ আনন্দ কঢ়িয়াই আনিছে। আগন্তুক দিনবোৰতো তেওঁ এনেদৰেই শ্ৰেষ্ঠ প্ৰদৰ্শন অব্যাহত ৰাখি অধিক সাফল্য অৰ্জন কৰি থাককঃ প্ৰধানমন্ত্ৰী

***

MJPS/SS/PRK/DB