প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ পুৰুষৰ শ্বটপুটৰ এফ-৪৬ শাখাত চলিত ছিজনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে পুনৰ এবাৰ বিজয় সাব্যস্ত কৰি স্বৰ্ণ পদক অক্ষুণ্ণ ৰখাৰ বাবে শচীন খিলাৰীক অভিনন্দন জনায়।
এটা খিতাপ সফলতাৰে অক্ষুণ্ণ ৰখাৰ লগতে পদক লাভ কৰা প্ৰথম তিনিওটা স্থানতে ভাৰতীয় খেলুৱৈৰ আধিপত্য প্ৰতিষ্ঠা কৰাটো অসাধাৰণ কৃতিত্ব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁৰ ধাৰাবাহিকতা, দৃঢ় সংকল্প আৰু ক্ৰীড়াক্ষেত্ৰত অব্যাহত ৰখা উৎকৃষ্ট প্ৰদৰ্শন সঁচাকৈয়ে প্ৰেৰণাদায়ক।
প্ৰধানমন্ত্ৰীয়ে এই আদৰ্শ খেলুৱৈগৰাকীৰ ক্ৰীড়া জীৱনৰ আন এক গৌৰৱোজ্জ্বল অধ্যায়ৰ বাবে তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
এক্সত প্ৰকাশ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে কয়—
“এজন আদৰ্শ খেলুৱৈ!
২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ পুৰুষৰ শ্বটপুটৰ এফ-৪৬ শাখাত শচীন খিলাৰীয়ে পুনৰ এবাৰ বিজয় সাব্যস্ত কৰি চলিত ছিজনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক অক্ষুণ্ণ ৰাখিছে।
খিতাপ সফলতাৰে অক্ষুণ্ণ ৰখাৰ লগতে পদকৰ প্ৰথম তিনিওটা স্থানতে ভাৰতীয় খেলুৱৈৰ আধিপত্য প্ৰতিষ্ঠা কৰাটো এক অসাধাৰণ কৃতিত্ব।
তেওঁৰ ধাৰাবাহিকতা, দৃঢ় সংকল্প আৰু ক্ৰীড়াক্ষেত্ৰত অব্যাহত ৰখা উৎকৃষ্ট প্ৰদৰ্শন সঁচাকৈয়ে প্ৰেৰণাদায়ক।
তেওঁৰ ক্ৰীড়া জীৱনৰ আন এক গৌৰৱোজ্জ্বল অধ্যায়ৰ বাবে শচীনলৈ আন্তৰিক অভিনন্দন জনালোঁ।”
@narendramodi”
An exemplary champion!
Sachin Khilari has once again emerged victorious in the Men’s Shot Put F46 event at the Asian Para Games 2026, retaining his Gold Medal with a superb season-best throw. To successfully defend a title and lead an all-Indian podium sweep is extraordinary. His consistency, determination and sustained sporting excellence are truly inspiring. Heartiest congratulations to Sachin on another glorious chapter in his sporting journey: PM @narendramodi
— PMO India (@PMOIndia) October 21, 2026
****
MJPS/SS/PRK/DM