Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত স্বৰ্ণ আৰু ব্ৰঞ্জৰ পদক জয় কৰা প্ৰণৱ সূৰমা আৰু ধৰমবীৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত পুৰুষৰ ক্লাব থ্ৰ’ F51 ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ধৰমবীৰ আৰু নতুন অভিলেখৰ সৈতে স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে প্ৰণৱ সূৰমাক অভিনন্দন জনায়।

শ্ৰী মোদীয়ে তেওঁলোকৰ সাফল্য দেশৰ বাবে গৌৰৱৰ উৎস বুলি উল্লেখ কৰি আশা প্ৰকাশ কৰে যে তেওঁলোক উজ্জ্বল হৈ থাকিব আৰু ভৱিষ্যতে তেওঁলোকৰ আৰু অধিক সাফল্য কামনা কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ

‘এছিয়ান পেৰা গেমছত পুৰুষৰ ক্লাব থ্ৰ’ F51 ইভেণ্টত ভাৰতৰ বাবে সোণ আৰু ব্ৰঞ্জৰ পদক!

নতুন অভিলেখেৰে স্বৰ্ণ জয় কৰাৰ বাবে প্ৰণৱ সূৰমা আৰু ব্ৰঞ্জ জয় কৰাৰ বাবে ধৰমবীৰক অভিনন্দন জনাইছোঁ। তেওঁলোকৰ সাফল্য দেশৰ বাবে গৌৰৱৰ উৎস। তেওঁলোকৰ উজ্জ্বলতা অব্যাহত থাকক। ভৱিষ্যতে তেওঁলোকৰ আৰু অধিক সফলতা কামনা কৰিছোঁঃপ্ৰধানমন্ত্ৰী @narendramodi’

****

MJPS/SS/PRK/MK