Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ৰূপৰ পদক বিজয়ী শীতল দেৱী আৰু পায়েল নাগক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ মহিলাৰ পেৰা কম্পাউণ্ড ডাবলছ শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে শীতল দেৱী আৰু পায়েল নাগক অভিনন্দন জনায়।দলীয় সহযোগিতা আৰু ক্ৰীড়াক্ষেত্ৰত উৎকৃষ্টতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰি দেশক গৌৰৱান্বিত কৰাৰ বাবে দুয়োগৰাকী খেলুৱৈৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে শুভকামনা জ্ঞাপন কৰে।

এক্সত প্ৰকাশ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে কয়—

“দলীয় সহযোগিতা আৰু ক্ৰীড়াক্ষেত্ৰত উৎকৃষ্টতাৰ এক সুন্দৰ নিদৰ্শন!

২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ মহিলাৰ পেৰা কম্পাউণ্ড ডাবলছ শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে শীতল দেৱী আৰু পায়েল নাগলৈ অভিনন্দন জনাইছোঁ!

দুয়োগৰাকী খেলুৱৈয়ে দেশক গৌৰৱান্বিত কৰিছে।

তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।”

@narendramodi”

 

****

MJPS/SS/PRK/DM