Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছ ২০২৬-ত ভাৰতৰ ঐতিহাসিক সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আৰু অভিলেখ সংখ্যক ১১৪টা পদকৰ বাবে প্রশংসা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সদ্য সমাপ্ত এছিয়ান পেৰা গেমছ ২০২৬-ত ভাৰতৰ পেৰা খেলুৱৈসকলৰ অসাধাৰণ সাফল্যক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে অভিলেখ সংখ্যক ১১৪ টা পদকৰ সৈতে এই সাফল্যই ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনক চিহ্নিত কৰিছে, তেওঁ লগতে উল্লেখ কৰে যে ই সমগ্ৰ দেশৰ বাবে অপৰিসীম গৌৰৱ আৰু আনন্দৰ উপলক্ষ। প্ৰতিগৰাকী খেলুৱৈয়ে এই ঐতিহাসিক সাফল্যত অৰিহণা যোগাইছে আৰু অগণন ভাৰতীয়ক তেওঁলোকৰ কৃতিত্বৰ দ্বাৰা অনুপ্ৰাণিত কৰিছে বুলি প্ৰকাশ কৰি তেওঁ দলটোৰ প্ৰতিগৰাকী সদস্যক তেওঁলোকৰ ব্যতিক্ৰমী সংকল্পৰ বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে শ্বেয়াৰ কৰিছেঃ

‘সদ্যসমাপ্ত এছিয়ান পেৰা গেমছ ২০২৬-ত আমাৰ পেৰা-খেলুৱৈসকলৰ কি এক অসাধাৰণ সাফল্য!

অভিলেখ সংখ্যক ১১৪টা পদকৰ সৈতে এই প্ৰতিযোগিতাত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে চিহ্নিত হৈছে। সমগ্ৰ দেশৰ বাবে এয়া অপৰিসীম গৌৰৱ আৰু আনন্দৰ উপলক্ষ!

মই আমাৰ দলৰ প্ৰতিগৰাকী সদস্যক তেওঁলোকৰ ব্যতিক্ৰমী সংকল্পৰ বাবে অভিনন্দন জনাইছোঁ।

প্ৰতিগৰাকী খেলুৱৈয়ে এই ঐতিহাসিক সাফল্যত অৰিহণা যোগাইছে আৰু অগণন ভাৰতীয়ক তেওঁলোকৰ কৃতিত্বৰ দ্বাৰা অনুপ্ৰাণিত কৰিছে।’

 

****

MJPS/SS/PRK/MK