Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছ ২০১৮ত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় ক্ৰীড়াবিদসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ ২০১৮ত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় ক্ৰীড়াবিদসকলক অভিনন্দন জ্ঞাপন কৰিছে।

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “এছিয়ান গেমছ ২০১৮ অন্তিম মুহূৰ্তত উপনীত হৈছে, মই পুনৰ বাৰ ভাৰতীয় ক্ৰীড়াবিদসকলক তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। এছিয়ান গেমছৰ ইতিহাসত ২০১৮ চনত ভাৰতৰ এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈ ভাৰতৰ বাবে গৌৰৱ।

এছিয়ান গেমছ ২০১৮ৰ সময়ত আমি ঐতিহাসিকভাৱে শক্তিশালী ইভেণ্টত ভাল প্ৰদৰ্শন কৰাৰ লগতে সন্মান অৰ্জন কৰিছো, যিবোৰত পূৰ্বতে ইমান বিজয় সাব্যস্ত কৰা নাছিলো। এয়া সঁচাকৈয়ে ইতিবাচক দিশ আৰু ই নিশ্চিত ভাৱে ভাৰতীয় ক্ৰীড়াৰ ভৱিষ্যতত ভাল কাম কৰিব।

মই প্ৰশিক্ষক, সহকাৰী কৰ্মীগোট, অভিভাৱক আৰু খেলুৱৈৰ অনুৰাগীসকলক অভিবাদন জনাইছো। আমাৰ ছেম্পিয়নসকলক একেৰাহে সমৰ্থন কৰি থকাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছো। আমাৰ সকলো ক্ৰীড়াবিদক তেওঁলোকৰ উজ্বল ভৱিষ্যতৰ প্ৰতি মোৰ শুভেচ্ছা জনালো।

এছিয়ান গেমছ ২০১৮ক স্মৰণীয় ৰূপত আয়োজন কৰাৰ বাবে মই ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জ’ক’ উড’ডো আৰু ইণ্ডোনেছিয়াবাসীক অভিনন্দন জনাইছো। খেলুৱৈসকলৰ চমকপ্ৰদ প্ৰদৰ্শনৰ সাক্ষী হৈ ৰ’ল এছিয়ান গেমছ আৰু ই খেলুৱৈ সুলভতাক সুন্দৰভাৱে উদ্ভাসিত কৰিলে।”

*****

AKT/KP/DB