Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে হৰৱিন্দৰ সিং আৰু বিজয় সুন্দিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ পুৰুষৰ ৰিকাৰ্ভ ডাবলছ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে হৰৱিন্দৰ সিং আৰু বিজয় সুন্দিক অভিনন্দন জনায়।

 

শ্ৰীমোদীয়ে উল্লেখ কৰে যে তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনে দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ লগতে তেওঁলোকৰ ভৱিষ্যৎ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখে:

 

“হৰৱিন্দৰ সিং আৰু বিজয় সুন্দিৰ এক মহান সাফল্য! এছিয়ান পেৰা গেমছৰ পুৰুষৰ ৰিকাৰ্ভ ডাবলছত স্বৰ্ণ পদক জয় কৰাৰ বাবে যুটিটোক অভিনন্দন জনালোঁ। তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনে দেশলৈ এক ডাঙৰ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁলোকৰ ভৱিষ্যৎ প্ৰচেষ্টাৰ বাবে মোৰ আন্তৰিক শুভকামনাঃ প্ৰধানমন্ত্ৰী @narendramodi”

 

****

MJPS/SS/PRK/DB