Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে প্ৰমোদক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ পুৰুষৰ ১৫০০ মিটাৰ T46 প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে প্ৰমোদক অভিনন্দন জনায়।

 

পূৰ্বৰ সংস্কৰণৰ দৰেই পুনৰ ৰূপৰ পদক লাভ কৰাটো এক সুন্দৰ সাফল্য বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে যে প্ৰমোদে এনেদৰেই শ্ৰেষ্ঠ প্ৰদৰ্শন অব্যাহত ৰাখিব আৰু নিজৰ ক্ৰীড়া যাত্ৰাৰ জৰিয়তে আনক অনুপ্ৰাণিত কৰি যাব।

 

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰেঃ

 

“এছিয়ান পেৰা গেমছৰ পুৰুষৰ ১৫০০ মিটাৰ T46 প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰমোদলৈ অভিনন্দন! পূৰ্বৰ সংস্কৰণৰ সফলতা দোহাৰি পুনৰ ৰূপৰ পদক অৰ্জন কৰাটো এক সুন্দৰ সাফল্য। তেওঁ এনেদৰেই শ্ৰেষ্ঠ প্ৰদৰ্শন অব্যাহত ৰাখক আৰু নিজৰ ক্ৰীড়া যাত্ৰাৰ জৰিয়তে আনক অনুপ্ৰাণিত কৰি যাওকঃ প্ৰধানমন্ত্ৰী @narendramodi”

 

 

****

MJPS/SS/PRK/DB