Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এনএক্সটি সন্মিলনত নিজৰ ভাষণৰ চমু আভাস শ্বেয়াৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

এনএক্সটি সন্মিলনত নিজৰ ভাষণৰ চমু আভাস শ্বেয়াৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ


প্ৰধানমন্ত্ৰীয়ে আইটিভি নেটৱৰ্কৰ এনএক্সটি সন্মিলনত তেওঁৰ ভাষণৰ চমু আভাস শ্বেয়াৰ কৰে। স্বাধীনতাৰ বাবে ভাৰতৰ সংগ্ৰাম আৰু এখন উন্নত ৰাষ্ট্ৰ হ’বলৈ বৰ্তমানৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ঠিক যেনেকৈ ১৯৩০ চনৰ পদযাত্ৰাই দেশক স্বাধীনতাৰ দিশত একত্ৰিত কৰিছিল আৰু বৰ্তমানৰ ‘বিকশিত ভাৰত’ অভিযান হৈছে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক লক্ষ্য।

এক্সত এলানি পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ

‘এসময়ত ভাৰতত যিটো অসম্ভৱ বুলি গণ্য কৰা হৈছিল, আজিৰ ভাৰতে তাকেই বাস্তৱায়িত কৰি দেখুৱাইছে।’

‘আজি ভাৰতে যুদ্ধৰ ফলত সৃষ্টি হোৱা বিশ্বজোৰা সংকটৰ সৈতে মোকাবিলা কৰিবলৈ কোনো প্ৰয়াস এৰি দিয়া নাই।’

‘যোৱা এটা দশকত আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ ফলত মাওবাদী সন্ত্ৰাসবাদে অন্তিম উশাহ লৈছে। ইয়াৰ ফলস্বৰূপে এসময়ত আতংকৰ ছাঁত বাস কৰিবলৈ বাধ্য হোৱা অঞ্চলসমূহত আজি উন্নয়নৰ নতুন শক্তিৰ সঞ্চাৰ হৈছে।’

***

MJPS/VJ/HS