Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এন চি চিৰ কেডেট আৰু প্ৰদৰ্শনীৰ শিল্পীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত গণতন্ত্ৰ দিৱসৰ লগত সঙ্গতি ৰাখি এন চি চিৰ কেডেট, প্ৰদৰ্শনীৰ শিল্পীসকল, জনজাতীয় অতিথি আৰু এন এচ এচৰ স্বচ্ছাসেৱীসকলৰ সৈতে মত বিনিময় কৰে। 

তিনমূৰ্ত্তিৰ ঘাঁহনিত সমবেত হোৱা এন চি চিৰ কেডেটসকলৰ লগত তেওঁ ভাৰতৰ বৈচিত্ৰৰ বিষয়ে কথা পাতে। তেওঁ কয় যে তেওঁলোকে ইজনে সিজনৰ পৰা বহু কথা শিকিব পাৰিব। তেওঁ কয় যে  আমি আমাৰ চাৰিওফালে সুখৰ বাৰ্তা বিয়পোৱা অতি প্ৰয়োজন। তেওঁ কয় যে ভাৰতৰ যুৱপ্ৰজন্মই যোগাত্মক পৰিৱৰ্তন আনিব পাৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সশস্ত্ৰ সেনাবাহিনীক লৈ সমগ্ৰ দেশেই গৌৰৱবোধ কৰে। দেশৰ সেৱাত যুক্ত হৈ থকা সাহসী সৈনিকসকলৰ বিষয়ে আমি ভালদৰে জনা উচিত।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বহুকেইজন আৰক্ষী কৰ্মীয়ে দেশৰ হকে নিজৰ জীৱনদান দিছে, আমি তেওঁলোকৰ ত্যাগৰ বিষয়ে জনাটো অতি প্ৰয়োজন।

প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বচ্ছতাৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে স্বচ্ছ ভাৰতৰ বাবে মহাত্মা গান্ধীয়ে দেখা সপোন সাৰ্থক কৰাটো আমাৰ দায়িত্ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ১০ খন বিভিন্ন ৰাষ্ট্ৰৰ নেতা উপস্থিত থকা এই বছৰৰ গণতন্ত্ৰ দিৱস বিশেষভাৱে উল্লেখনীয় আছিল। 

***

AKT/SH/PRK