পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এমএমটিচি লিমিটেডৰ জৰিয়তে জাপানীজ ষ্টীল মিলছ (জেএছএম) আৰু দক্ষিণ কোৰিয়াৰ পস্কোক +৬৪ গ্রেডৰ লো আকৰ যোগানৰ উদ্দেশ্যে স্বাক্ষৰিত দীর্ঘম্যাদী চুক্তিৰ ম্যাদ আৰু পাঁচ বছৰ(অৰ্থাৎ ১.০৪.২০১৮ৰ পৰা ৩১.০৩.২০২৩লৈ) বৃদ্ধি কৰাৰ প্রস্তাৱত অনুমোদন জনায়।
সবিশেষঃ
|
পস্কো, দক্ষিণ কোরিয়া
|
বছৰি ০.৮০ৰ পৰা ১.২০ মিলিয়ন টন
|
জাপানিীজ ষ্টীল মিল্ছ |
বছৰি ৩ৰ পৰা ৪.৩০ মিলিয়ন টন |
|---|
এমএমটিচিৰ দ্বাৰা ৰপ্তানি কৰিবলগীয়া একক এজেন্সিৰ কাম-কাজ আৰু ইয়াৰ ধাৰ্য কৰা এফঅ’বি দৰ ২.৮য়েই বাহাল থাকিব।
লাভালাভঃ
দীৰ্ঘম্যাদী চুক্তিৰ অধিনত লো আকৰ ৰপ্তানিৰ জৰিয়তে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী হোৱাৰ লগতে বৈদেশিক মুদ্ৰাৰ প্ৰবাহো বৃদ্ধি কৰিব।
এই চুক্তিখনে লো আকৰৰ ক্ষেত্ৰত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সুৰক্ষা প্ৰদান কৰাৰ লগতে সুস্থিৰ অৰ্থনৈতিক ব্যৱস্থা সুনিশ্চিত কৰিব, যিটোৱে খনি, লজিষ্টিক আৰু অন্যান্য প্ৰাসংগিক খণ্ডত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপনৰো সৃষ্টি কৰিব।
পটভূমিঃ
জাপানলৈ লো আকৰ যোগান ধৰা ভাৰতৰ ইতিহাস অতি পুৰণি আৰু ই দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ ধাৰাহিকতা অক্ষুণ্ণ ৰখাত এক উপাদান হিচাপে কাম কৰিছে। এমএমটিচিয়ে ১৯৬৩ চনৰ পৰা জেএছএমক আৰু ১৯৭৩ৰ পৰা দক্ষিণ কোৰিয়াৰ পস্কোক লো আকৰ যোগান ধৰি আহিছে।
*****
AKT/VBA/SH/DB