Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এলএনজেপি চিকিৎসালয় পৰিদৰ্শন কৰি বিস্ফোৰণত আঘাতপ্ৰাপ্তসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

এলএনজেপি চিকিৎসালয় পৰিদৰ্শন কৰি বিস্ফোৰণত আঘাতপ্ৰাপ্তসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ শেহতীয়া বিস্ফোৰণৰ ঘটনাত আহতসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে এলএনজেপি চিকিৎসালয়লৈ যায়। তেওঁ আহতসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ চিকিৎসাৰ বুজ লয় আৰু তেওঁলোকৰ দ্ৰুত তথা সম্পূৰ্ণ আৰোগ্যৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰে।

এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে ন্যায় সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ দোহাৰে। ‘ষড়যন্ত্ৰৰ আঁৰত থকা লোকসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ’ব’, তেওঁ দৃঢ়তাৰে কয়।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

‘এলএনজেপি চিকিৎসালয়লৈ গৈ দিল্লীত হোৱা বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰিছিলো। সকলোৰে দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।

ষড়যন্ত্ৰৰ আঁৰত থকা লোকসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ’ব!’

***

MJPS/SR/NB