পি এম ইণ্ডিয়া
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী সংস্থাসমূহত নিৰ্বিনিয়োগৰ বাবে এক বিশেষ উদ্দেশ্যসাধন সংস্থা চমুকৈ SPV গঠনৰ প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন প্ৰদান কৰা হৈছে।
এই এছপিভি সংস্থাটোৰ নাম হ’ব এয়াৰ ইণ্ডিয়া এছেটছ হোল্ডিং লিমিটেড (AIAHL)। এয়াৰ ইণ্ডিয়াৰ উপৰিও এয়াৰ ট্রান্সপ’র্ট ছার্ভিছেজ লিমিটেড, এয়াৰলাইন এলায়েড ছাৰ্ভিছেজ লিমিটেড, এয়াৰ ইণ্ডিয়া ইঞ্জিনিয়াৰিং ছার্ভিছেজ লিমিটেড আৰু হোটেল কর্প’ৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডৰ দৰে এয়াৰ ইণ্ডিয়াৰ চাৰিটা সহযোগী সংস্থাৰো নি,ৰ্বিনিয়োগ কৰিব এই সংস্থাটোৱে।
উল্লেখ্য যে ২০১৮ চনৰ ২২ জানুৱাৰী তাৰিখে প্রস্তাৱিত এই সংস্থা গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে। চৰকাৰে, এই বিশেষ উদ্দেশ্যসাধন সংস্থালৈ এয়াৰ ইণ্ডিয়া লিমিটেডৰ ২৯,৪৬৪ কোটি টকাৰ ঋণ আৰু অন্য চাৰিটা সংস্থালৈ হস্তান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত, এয়াৰ ইণ্ডিয়াৰ দৰে ৰাষ্ট্ৰীয়কৃত সংস্থাৰ নিৰ্বিনিয়োগৰৰ কাম সুচলভাৱে সম্পন্ন হ’ব।
*******
AKT/SH/RD