Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এয়া হ’ল লিংগ সমতাৰ জয় আৰু ইয়ে সমাজত সমতাৰ পৰিৱেশ সৃষ্টি কৰিবঃ তিনি তালাক বিধেয়ক গৃহীত হোৱাত প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া


সংসদৰ উভয় সদনতে মুছলিম মহিলা(বিবাহৰ অধিকাৰ সংৰক্ষণ)বিধেয়ক,২০১৯ গৃহীত হোৱাত সমৰ্থন আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো দলৰ সাংসদক ধন্যবাদ জ্ঞাপন কৰিছে৷ তেওঁ কয় যে সাংসদসকলৰ এই সহযোগিতা ভাৰতীয় ইতিহাসত চিৰস্মৰণীয় হৈ ৰ’ব৷

টুইটাৰত তেওঁ কয়, ‘এক প্ৰাচীন আৰু মধ্যযুগীয়া পৰম্পৰা অৱশেষত ইতিহাসৰ পৃষ্ঠাৰ পৰা বিলুপ্ত হ’ল৷ সংসদে তিনি তালাক বিলুপ্ত কৰিলে আৰু মুছলিম মহিলাই ভুগি থকা এক ঐতিহাসিক ভুলৰ শুধৰণি হ’ল৷ এয়া হ’ল লিংগ সমতাৰ জয় আৰু ইয়ে সমাজত সমতাৰ পৰিৱেশ সৃষ্টি কৰিব৷ ভাৰতবৰ্ষ আজি প্ৰফুল্লিত৷’

তেওঁ পুনৰ টুইটাৰত কয়, ‘তিনি তালাকৰ নামত ভুলৰ বলি হোৱা মুছলিম মহিলাসকলৰ অসাধাৰণ সাহসক আজি প্ৰণাম জনোৱাৰ এয়া উপযুক্ত ক্ষণ৷ তিনি তালাকৰ বিলুপ্তিয়ে মহিলা সৱলীকৰণক শক্তিশালী কৰিব আৰু সমাজত মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ তেওঁলোকক সুযোগ দিব৷’

******

VRRK/AK/MS