Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এ বালাকৃষ্ণন জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিবেকানন্দ কেন্দ্ৰৰ সৰ্বভাৰতীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা এ বালাকৃষ্ণন জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। বালাকৃষ্ণন জীয়ে সমাজলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ নিজৰ জীৱনৰ পাঁচ দশকৰো অধিক কাল স্বামী বিবেকানন্দৰ আদৰ্শ আৰু ৰাষ্ট্ৰৰ সেৱাৰ বাবে উচৰ্গা কৰিছিল। ‘উত্তৰ-পূবৰ সৈতে তেওঁৰ বিশেষভাৱে গভীৰ সম্পৰ্ক আছিল। শিক্ষা, সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰ্যকলাপত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল’, শ্ৰী মোদীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

বিবেকানন্দ কেন্দ্ৰৰ সৰ্বভাৰতীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা এ বালাকৃষ্ণন জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো।

বালাকৃষ্ণন জীয়ে তেওঁৰ জীৱনৰ পাঁচ দশকৰো অধিক কাল স্বামী বিবেকানন্দৰ আদৰ্শ আৰু সমাজসেৱাৰ বাবে উচৰ্গা কৰিছিল। বিবেকানন্দ কেন্দ্ৰৰ প্ৰাৰম্ভিক জীৱনব্ৰতীসকলৰ এগৰাকী হিচাপে তেওঁ সমগ্ৰ দেশতে অক্লান্তভাৱে কাম কৰিছিল। বিশেষকৈ উত্তৰ-পূবৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল। শিক্ষা, সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণ কাৰ্যকলাপত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

সমগ্ৰ বিবেকানন্দ কেন্দ্ৰ পৰিয়াল আৰু তেওঁৰ অনুৰাগীসকললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।

@vkendra

****

MJPS/SS/VJ/NB