Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঐতিহাসিক মহাকাশ অভিযানৰ পৰা পৃথিৱীলৈ উভতি অহাৰ সময়ত গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক আদৰণি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ঐতিহাসিক অভিযানৰ পৰা পৃথিৱীলৈ উভতি অহাৰ সময়ত আদৰণি জনায়। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা কৰা ভাৰতৰ প্ৰথম মহাকাশচাৰী হিচাপে গ্ৰুপ কেপ্তেইন শুক্লাৰ এই কৃতিত্ব দেশৰ মহাকাশ অন্বেষণ যাত্ৰাৰ এক নিৰ্ণায়ক মুহূৰ্ত।

এক্সৰ এটা পোষ্টত তেওঁ লিখিছে

গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক ঐতিহাসিক মহাকাশ অভিযানৰ পৰা পৃথিৱীলৈ উভতি অহাৰ সময়ত সমগ্ৰ দেশৰ সৈতে মই আদৰণি জনাইছো আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা ভাৰতৰ প্ৰথম মহাকাশচাৰী হিচাপে তেওঁ নিজৰ একাগ্ৰতা, সাহস আৰু অগ্ৰণী মনোভাৱৰ জৰিয়তে কোটি কোটি সপোনক অনুপ্ৰাণিত কৰিছে। এয়া মাৰ নিজৰ মানৱ মহাকাশ উৰণ অভিযানগগনযানৰ দিশত আন এক মাইলৰ খুঁটি।

***

MJPS/SR/SKS/KD