Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঔৰংগবাদত মহিলা আত্ম-সহায়ক গোটসমূহৰ সৈতে এক মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু দূৰ-দূৰণি পৰা বিশাল হাৰত ইয়ালৈ অহা মাতৃ, ভগ্নী আৰু বন্ধুসকল৷ মই দেখিছো বহুত দূৰলৈকে ভগ্নীসকল থিয় হৈ আছে, সম্ভৱত তেওঁলোকে একো দেখাই নাই৷ তাৰপাছতো তেওঁলোক ইয়ালৈ আহি আমাক আশীৰ্বাদ দিয়াৰ বাবে আপোনালোক সকলোকে মই বহুত বহুত কৃতজ্ঞতা জনাইছো৷

আপোনালোক সকলোৱে দেশৰ বিকাশত আমাৰ গাওঁ, চুবুৰী, নিজৰ পৰিয়ালক আৰ্থিকভাৱে সবল কৰাৰ ক্ষেত্ৰত বহুত ডাঙৰ ভূমিকা পালন কৰিছে৷ আত্ম-সহায়ক গোটসমূহৰ জৰিয়তে দেশক সবল কৰা নতুন ভাৰত নিৰ্মাণৰ সৈতে জড়িত হোৱা আপোনালোক সকলোকে প্ৰণাম জনাইথো আৰু ভগ্নী পংকজা বিশেষভাৱে অভিনন্দন জনাইছো৷

বন্ধুসকল. আজি ঔৰংগবাদৰ বিকাশৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ ভৱনৰ উদ্বোধন কিছু সময়ৰ পূৰ্বে কৰা হয়৷ ঔৰংগবাদ ঔদ্যোগিক চিটীৰ ছিগনেছাৰ ভৱন এতিয়া সেৱাৰ বাবে সাজু হৈছে৷ নতুন ঔৰংগবাদ চহৰত বিভিন্ন ব্যৱস্থাৰ কাৰ্যকৰী হ’ব৷

বন্ধুসকল. ঔৰংগবাদ নতুন স্মাৰ্ট চিটী হোৱাৰ লগতে লাহে লাহে দেশৰ ঔদ্যোগিক গতি-বিধিৰো ডাঙৰ কেন্দ্ৰ হোৱাৰ দিশে গতি কৰিছে৷ দিল্লী-মুম্বাই ঔদ্যোগিক কৰিড’ৰৰো এয়া এক গুৰুত্বপূৰ্ণ অংশ৷ বহু ডাঙৰ ডাঙৰ কোম্পানীয়ে ইয়াত কাম কৰিবলৈ আৰম্ভ কৰিছে৷ অনাগত দিনত আৰু কোম্পনীয়ে ইয়ালৈ আহিব৷ এই কোম্পানীবোৰে ইয়াৰ লাখ লাখ যুৱক-যুৱতীক সংস্থাপনৰ সূযোগ প্ৰদান কৰিব৷

বন্ধুসকল, ঔৰংগবাদ আজি আন এক বৃহৎ সিদ্ধিৰ সাক্ষী হৈ ৰৈছে৷ এই সিদ্ধি আপোনালোকৰ, দেশৰ কোটি কোটি ভগ্নীৰ৷
উজ্জ্বলা যোজনাৰ অধীনত ৮ কোটি বিনামূলীয়া গেছ সংযোগ প্ৰদানৰ যি সংকল্প আমি লৈছো, সেয়া আজি এই মঞ্চত লাখ লাখ ভগ্নীৰ উপস্থিতিয়ে প্ৰমাণ কৰিলে৷ কেৱল প্ৰমাণ কৰাই নহয়, নিৰ্ধাৰিত সময়তকৈ ৭ মাহ পূৰ্বেই আঁচনিৰ লক্ষ্যত আমি উপনীত হ’লো৷

এই ৮ কোটি সংযোগৰ প্ৰায় ৪৪ লাখ কেৱল মহাৰাষ্ট্ৰতে প্ৰদান কৰা হৈছে৷ এই কৃতিত্বৰ বাবে আপোনালোক সকলোকে দেশৰ প্ৰতিগৰাকী ভগ্নী, যিসকলে ধোঁৱাৰ পৰা মুক্তি লাভ কৰিছে, তেওঁলোকক বহুত বহুত অভিনন্দন আৰু শুভকামনা জনাইছো৷ মই দেশজুৰি সেই বন্ধুসকলক প্ৰণাম জনাইছো, যিসকলে এই যোজনাৰ সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিলে, সহায় কৰিলে৷

বন্ধুসকল, শ্বাসৰুদ্ধকৰ ধোঁৱাৰ মাজত দিন কটোৱা মোৰ দুখীয়া ভগ্নীসকলক সহায় কৰাৰ বাবে প্ৰথমতে পাঁচ কোটি গেছ সংযোগ বিনামূলীয়াকৈ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল৷ প্ৰথম বছৰৰ মাৰ্চ মাহত এই লক্ষ্য সম্প্ৰসাৰিত কৰি আঠ কোটি কৰা হয়৷ নিৰ্বাচনৰ সময়ত যেতিয়াই মই আপোনালোকৰ ওচৰলৈ আহো, এই লক্ষ্য অৰ্জন কৰাৰ কথা কৈছিলো৷ মই সুখী যে চৰকাৰ গঠন কৰাৰ ১০০ দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ হৈ গ’ল৷

বন্ধুসকল, এই কাম কেৱল গেছ সংযোগ দিয়াতে সীমাবদ্ধ নহয়৷ ইয়াৰ বাবে আৰু ব্যাপক ব্যৱস্থা কৰা হৈছে, উৎকৰ্ষ সাধনৰ বাবে কাম কৰা হৈছে৷ এক বহুত ডাঙৰ আন্তঃগাঁথনি ইয়াৰ বাবে প্ৰয়োজন আছিল, যিটো বহু কম সময়ৰ ভিতৰতে প্ৰস্তুত কৰা হৈছে৷ ইয়াৰ বাবে যি ১০হাজাৰ নতুন এলপিজি বিতৰক সাজু কৰা হৈছে, তাৰে অধিকাংশ গাঁৱত নিযুক্ত কৰা হৈছে৷ ইমানেই নহয় দেশজুৰি নতুন এলপিজি বটলিং প্লাণ্ট স্থাপন কৰা হৈছে, যাতে গেছ চিলিণ্ডাৰৰ অভাৱ নহয়৷ চৰকাৰে বন্দৰসমূহৰ আশে-পাশে টাৰ্মিনেল সক্ষমতা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে গেছ পাইপলাইনৰ নেটৱৰ্কো বিস্তাৰিত কৰিছে৷

বন্ধুসকল, আমাৰ প্ৰচেষ্টা আছিল, যাতে দেশত এনে কোনো পৰিয়াল নাথাকে, যিসকলৰ ঘৰত ৰন্ধন গেছ সংযোগ নাই। ইয়াৰ সমান্তৰালভাৱে এই প্ৰকল্পক আৰু অধিক সুবিধাজনক কৰি তুলিবলৈ ৫ কেজিৰ চিলিণ্ডাৰকো উৎসাহ যোগোৱা হৈছে। দেশৰ বহু অঞ্চলত পাইপ লাইনৰ জৰিয়তে ৰন্ধন গেছ যোগানৰ কামো দ্রুতগতিত আগবাঢ়িছে।

ভাই-ভনীসকল, এতিয়া আমি আন এটি ডাঙৰ অভিযান আৰম্ভ কৰিছো, যাৰ সৈতে আপোনালোক সকলোৰে স্বার্থ জড়িত, দেশৰ কোটি কোটি ভগ্নীৰ স্বার্থ জড়িত। পৰিয়ালৰ প্ৰয়োজনীয় পানী সংগ্ৰহ কৰিবলৈ আপোনালোকে কিমান সমস্যাৰ সন্মুখীন হ’ব লগা হয়, সেয়া মই খুব ভালদৰেই জানো। দেশৰ প্ৰতিগৰাকী ভগ্নীক এই সমস্যাৰ পৰা মুক্ত কৰিবলৈ আমি ‘জল জীৱন মিচন’ আৰম্ভ কৰিছো। এই মিচনৰ জৰিয়তে পানী সংৰক্ষণৰ বাবে, ঘৰে ঘৰে পানী প্ৰদানৰ বাবে সমগ্ৰ দেশ সংকল্পবদ্ধ হৈছে। এইটো ঠিক কৰা হৈছে যে অহা পাঁচ বছৰত প্রায় চাৰে তিনি লাখ কোটি টকা এই পানী যোগান অভিযানত খৰচ কৰা হ’ব।

আপোনালোকে হয়তো শুনিছে যে সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াজীয়ে যোৱা শতিকাৰ ষাঠি-সত্তৰ দশকত সংসদত এটি ভাষণ দিছিল। তেওঁ কৈছিল যে ভাৰতত আমাৰ মহিলাসকলৰ দুটি প্ৰধান সমস্যা দ্রুতভাৱে সমাধান কৰা উচিৎ। প্ৰথমটো হ’ল শৌচাগাৰ আৰ দ্বিতীয়টি হ’ল পানী। এই দুটা সমস্যাৰ সমাধান কৰিব পাৰিলে এই দেশৰ মহিলাসকলে দেশৰ অন্যান্য সমস্যা দূৰীকৰণৰ ক্ষেত্রত শক্তিশালী হৈ উঠিব। লোহিয়াজীৰ মৃত্যু হৈছে, চৰকাৰো বহু আহিছে আৰু গৈছে, বহু নেতা আহিছে আৰু গৈছে, অৱশেষত আমি আহি সংকল্প ল’লো যে দেশৰ সকলো মাতৃ-ভগ্নীৰ বাবে শৌচালয় আৰু পানী–এই দুয়োটাই সুনিশ্চিত কৰিম।

এই মাৰাঠৱাৰা অঞ্চল এনে এক প্ৰকল্প উপকৃত হ’ব আৰু আপোনালোক সকলোৱে দেবেন্দ্ৰজীৰ চৰকাৰৰ সৈতে মিলি প্ৰশংসনীয় কাম কৰিছেন। অলপ আগতে দেবেন্দ্ৰজীয়ে আপোনালোকৰ আগত তেওঁৰ এলেকাত পানী প্ৰদান কৰাৰ সপোন সম্পর্কে বিস্তাৰিতভাৱে কৈছে৷ মাৰাঠৱাৰাত প্ৰথমটো ‘পানীৰ গ্রিড’ গঢ়ি তোলাটো অতি প্ৰশংনীয় প্ৰচেষ্টা। এই গ্রিড গঢ়ি লৈ উঠিলে এই এলেকাত পানীৰ যোগান বৃদ্ধি পাব। ইয়াৰ জৰিয়তে প্ৰতিখন গাঁৱত খোৱাপানী তথা প্ৰতিখন পথাৰত জলসিঞ্চন প্ৰদান কৰাটো সহজ হ’ব৷

বন্ধুসকল, কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কৃষকসকলৰ জলসিঞ্চনৰ সুবিধা বৃদ্ধিৰ লগতে বিভিন্ন পদক্ষেপ হাতত লৈছে। প্ৰতিগৰাকী কৃষকে পৰিয়ালৰ বেংক একাউণ্টত পোনপটীয়াভাৱে ধন প্ৰদান, ৬০ বছৰৰ পাছত কৃষকসকলৰ পেন্সন সেৱা, পশু ধনৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ টিকাকৰণ অভিযান, এনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ভাই-ভনীসকল, গ্ৰামাঞ্চলৰ আর্থিক অৱস্থা উন্নত কৰিবলৈ আপোনালোক সকলোৰে অৱদান অতি গুৰুত্বপূর্ণ। আত্ম-সহায়ক গোট, ‘মহিলাৰ সংঞ্চয় ঘট’ ৰূপে আপোনালোকে যি কাম কৰি আহিছে, তাৰ জৰিয়তে আপোনালোকৰ আর্থিক সবলীকৰণ হোৱাৰ লগতে পৰিয়ালৰ আর্থিক উন্নতিও হৈছে। যেতিয়া পৰিয়ালসমূহৰ আর্থিক উন্নতি হয়, তেতিয়া দেশৰ আর্থিক শক্তিও বৃদ্ধি পায়৷

বন্ধুসকল, দেশৰ উন্নয়নত আপোনালোকৰ এই ভূমিকা অনুভৱ কৰি বিগত পাঁচ বছৰেত দীনদয়াল উপাধ্যায় গ্রামীণ আজীৱিকা মিচনৰ জৰিয়তে মহিলাসকলৰ বাবে উদ্যোগ স্থাপনৰ নতুন সুযোগ গঢ়ি তোলা হৈছে। নতুন ভাৰতত আমি নাৰী কল্যাণৰ পৰা আগুৱাই গৈ মহিলাসকলৰ নেতৃত্বত ৰাষ্ট্ৰকল্যাণৰ চিন্তাৰে আগুৱাই গৈছো৷

সেইবাবে এই বছৰৰ বাজেটত আত্ম-সহায়ক গোটসমূহৰ বাবে গুৰুত্বপূর্ণ ঘোষণা কৰা হৈছে। মহিলা আত্ম-সহায়ক গোটসমূহৰ বাবে সুদ ৰেহাইৰ ব্যৱস্থা সমগ্ৰ দেশত আৰম্ভ কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। এইদৰে আত্ম-সহায়ক গোটসমূহৰ যিসকল সদস্যৰ জন ধন বেংক একাউণ্ট আছে, তেওঁলোকে ৫ হাজাৰ টকালৈকে অ’ভাৰ ড্রাফট্‌ৰ অতিৰিক্ত সুবিধা পাবে। এতিয়া আৰু কোনো মহাজনৰ ওচৰৰ পৰা অত্যধিক সুদত ঋণ লোৱাৰ প্ৰয়োজন নহয়৷ অৰ্থাৎ আপোনাৰ বেংক একাউণ্টত আনকি ১ টকা নাথাকিলেও প্ৰয়োজনৰ সময় ৫ হাজাৰ টকালৈকে কম সুদত ঋণ ল’ব পাৰিব৷ যিসকলৰ জন ধন একাউণ্ট আছে, তেওঁলোকে এই সহজে ঋণৰ সুবিধা পাবে৷

সেইদৰে মুদ্রা যোজনাৰ জৰিয়তেও প্ৰত্যেক আত্ম-সহায়ক গোটৰ এগৰাকী মহিলা সদস্যক ১ লাখ টকালৈকে ঋণ দিয়া হ’ব। ইয়াৰ জৰিয়তে আপোনালোকৰ নতুন ব্যলসায় আৰম্ভ কৰিবলৈ তথা পুৰণি ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ সুবিধা হ’ব। এই মুদ্রা যোজনা আমাৰ ভনীসকলক উদ্যোগী কৰি তোলাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। এই প্ৰকল্পৰ জৰিয়তে এতিয়ালৈকে সমগ্ৰ দেশত প্রায় ২০ কোটি লোকক ঋণ আবণ্টন কৰা হৈছে। ইয়াৰে ভিতৰত প্রায় ১৪ কোটি ঋণ লওতা হৈছে আমাৰ ভনী আৰু কন্যাসকল। মহাৰাষ্ট্রতো এই মুদ্রা যোজনাৰ জৰিয়তে যি ডেৰ কোটি লোকে ঋণ পাইছে, তাৰ ভিতৰত ১২৫ কোটি ঋণ লওতা হৈছে আমাৰ মাতৃ-ভগ্নীসকল। মহিলাসকলে যিদৰে শিল্প ক্ষেত্রত আগুৱাই আহিছে, এই পৰিৱর্তন প্ৰক্রিয়া আমি আৰু অধিক ত্বৰান্বিত কৰিব লাগিব আৰু শক্তিশালী কৰিব লাগিব৷ সেইবাবে চৰকাৰী স্তৰত যিবোৰ পদক্ষেপ লোৱা প্ৰয়োজন সেয়া অৱশ্যেই গ্ৰহণ কৰা হ’ব।

বন্ধুসকল, আত্ম-সহায়ক গোট হিচাপে আপোনালোক আর্থিক সবলীকৰণৰ শক্তিশালী মাধ্যম হোৱাৰ লগতে সামাজিক পৰিৱর্তনৰো গুৰুত্বপূর্ণ প্ৰহৰী। ভ্ৰূণ হত্যা ৰোধৰ পৰা আৰম্ভ কৰি কন্যাশিশুৰ ৰক্ষা কৰাৰ সকলো প্ৰচেষ্টা, তেওঁলোকক লিখা-পঢ়া শিকোৱা আৰু তেওঁলোকৰ সামগ্ৰিক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে। মহাৰাষ্ট্রত এই লক্ষ্যৰে দেবেন্দ্ৰজীৰ নেতৃত্বাধীন চৰকাৰী প্ৰকল্প আৰু আইন প্ৰণয়নেই যথেষ্ট নহয়। আমাৰ সমাজ ছোৱালীৰ প্ৰতি থকা চিন্তাধাৰাৰ ব্যাপক পৰিৱর্তন অনাৰ প্ৰয়োজন আছে। এই ক্ষেত্রত আপোনালোকৰ দৰে সচেতন ভনী আৰু কন্যাসকলৰ ভূমিকা গুৰুত্বপূর্ণ।

বৰ্তমান আপোনালোকে দেখিছে যে মুছলিম ভনীসকলৰ তিনি তালাকৰ কুপ্ৰথাৰ পৰা মুক্তি দিবলৈ এখন কঠো আইন প্ৰণয়ন কৰা হৈছে। এতিয়া আপোনালোকে সমাজত এই আইন সম্পর্কে সজাগতা বৃদ্ধি কৰিব লাগিব৷

বন্ধুসকল, নির্ধাৰিত সময়ৰ পূৰ্বে লক্ষ্যত উপনীত হোৱাৰ সফলতা আহিলে, ডাঙৰ ডাঙৰ সংকল্প বাস্তবায়িত কৰাৰ উৎসাহ নিজে নিজেই বৃদ্ধি হয়। যেতিয়া সততাৰে কাম কৰা হয়, পৰিষ্কাৰ মন লৈ চেষ্টা কৰা হয়, তেতিয়া প্ৰচেষ্টাত কোনও বাধা নাথাকে৷ বৰ্তমান চন্দ্ৰযান অভিযানক লৈ যি হৈছে, সেয়া আপোনালোকৰ বহুতেই জানে৷ আমাৰ বৈজ্ঞানিকসকলে এক ডাঙৰ লক্ষ্যসাধনৰ চেষ্টা কৰিছিল, কিন্তু তাত একটি বিপত্তি আহিছে। এই অভিযানৰ বাবে বিজ্ঞানীসকলে দীর্ঘদিন ধৰি পৰিশ্ৰম কৰিছিল৷

ভাই-ভনীসকল, যোৱা ৰাতি আৰু আজি পুৱাই মই তেওঁলোকৰ সৈতে আছিলো৷ তেওঁলোক মর্মাহত হৈছে, কিন্তু দৃঢ় সংকল্পত অটল আছিল যে এতিয়া নতুন উদ্যমেৰে কাম কৰিব লাগিব; যি হৈছে, তাৰ পৰা শিক্ষা লৈ আগুৱাই যাব লাগিব। ইছৰোৰ দৰে দায়বদ্ধতা লৈয়েই দেশক আগুৱাই নিব পৰা যায়৷ মানুহৰ জীৱনক সহজ কৰি তুলিব পাৰে৷
বন্ধুসকল, বিভিন্ন ক্ষেত্রত এনে ঐকান্তিক লোকসকলৰ দায়বদ্ধতাক সম্বল কৰি দেশৰ প্ৰতিখন গাঁৱত বিদ্যুৎ প্ৰদান কৰা, ৮ কোটি দুখীয়া পৰিয়ালক ৰন্ধন গেছ সংযোগ, আন কেতবোৰ প্ৰকল্প নির্ধাৰিত সময়ৰ পূৰ্বেই সম্পূর্ণ হৈছে। এতিয়া আমি সমগ্ৰ দেশক উন্মুক্ত স্থানত মলত্যাগমুক্ত ঘোষণা কৰাৰ লক্ষ্যকৰে দ্রুতগতিতে আগুৱাই গৈছো৷

মোৰ দৃঢ় বিশ্বাস যে ২০২২ চনত আমি স্বাধীনতাৰ ৭৫সংখ্যক বর্ষপূর্তি উৎসৱ পালনৰ পূৰ্বেই এই সংকল্প বাস্তবায়িত কৰিম৷
ভাই-ভনীসকল, ২০২২ চনৰ ভিতৰত প্ৰতিগৰাকী দুখীয়া লোকক পকীগৃহ প্ৰদানৰ লক্ষ্যৰে আমি আগুৱাই গৈছো৷ ইতিমধ্যে দেশৰ গাঁও আৰু চহৰত প্রায় ১ কোটি ৮০ লাখ গৃহহীনৰ বাবে গৃহ নির্মাণ কৰা হৈছে। উপকৃত লোকসকলে সেই ঘৰত থাকিবলৈ আৰম্ভ কৰিছে৷ বহুতে মোক সোধে যে দুখীয়াসকলৰ বাবে গৃহ নির্মাণৰ প্ৰকল্পতো আগতেও অব্যাহত আছিল, ইয়াৰ বাবে আগতেও ধন আবণ্টন কৰা হৈছিল, তেতিয়াহ’লে আপোনালোকে নতুন কি কৰিছে?

সকলোৰে আগত মই ক’ব বিচাৰো যে আমি চাৰিখন বেৰ নির্মাণ কৰা নহয়, সপোনৰ ঘৰ নিৰ্মাণ কৰিম৷ আমি এনে গৃহ নির্মাণ কৰিব বিচাৰো য’ত সকলো সুবিধা থাকে৷ সেইবাবে মই কোনো নির্ধাৰিত ফর্মুলা মানি গৃহনির্মাণ নকৰি মানুহৰ স্থানীয় প্ৰয়োজন আৰু তেওঁলোকলৰ ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি গৃহ নির্মাণৰ চেষ্টা কৰিছো৷ সেই ঘৰত সকলো বুনিয়াদী সুবিধা সুনিশ্চিত কৰিবলৈ বিভিন্ন চৰকাৰী প্ৰকল্পক একেলগে যুক্ত কৰিছো, যাতে সেই ঘৰসমূহত বিদ্যুৎ সংযোগ, ৰন্ধন গেছ সংযোগ, শৌচালয় আৰু খোৱাপানীৰ দৰে বুনিয়াদী সুবিধাসমূহ সুনিশ্চিত হয়৷

মানুহৰ মনত হিচাপত গৰ নিৰ্মাণ কৰাৰ বাবে আমি সাধাৰণ জনতাৰ চাহিদা বিবেচনা কৰি গৃহৰ ক্ষেত্ৰফল আৰু নির্মাণৰাশি বৃদ্ধি কৰিছো। এই প্ৰক্রিয়াত আমি স্থানীয় ৰাজমিস্ত্রী আৰু শ্ৰমিকক নিযুক্ত কৰিছো৷ আমাৰ মাতৃ-ভগ্নীসকলে যদি ঝাৰখণ্ডলৈ যায়, এটা নতুন শব্দ শুনিবলৈ পাব– ৰাণী মিস্ত্রী। অর্থাৎ সেই ৰাজ্যত ছোৱালীয়েও নির্মাণৰ কামত সমান দক্ষতা অর্জন কৰিছে। এইদৰে কোনো অতিৰিক্ত বিনিয়োগ নকৰাকৈ, ন্যূনতম সময়ত নির্মিত গৃহৰ চাবি হিতাধিকাৰীসকলৰ হাতত তুলি দিয়া হৈছে। আধুনিক প্ৰযুক্তিৰ বহুল ব্যৱহাৰে এই প্ৰক্রিয়াক স্বচ্ছ আৰু সহজ কৰিছে৷

ভাই-ভনীসকল, আমি সেই লোকসকলৰ সপোনকো গুৰুত্ব দিয়াৰ চেষ্টা কৰিছো, যিসকলে নিজা ঘৰ ক্ৰয় কৰা ইচ্ছা কৰিছে৷ সুলভ গৃহ নির্মাণক আৰু অধিক উৎসাহ যোগোৱাৰ বাবে চৰকাৰ গৃহ ঋণৰ ক্ষেত্রত ডেৰ লাখ টকা সুদত আয়কৰৰ অতিৰিক্ত ৰেহাইৰ ব্যৱস্থা কৰিছে, যাতে মধ্যবিত্তসকলেও নিজৰ গৃহ নিৰ্মাণ কৰিব পাৰে৷

বন্ধুসকল, আমি দুর্নীতিমুক্ত স্বচ্ছ লেনদেনক গুৰুত্ব দি গৃহ নির্মাণৰ বিভিন্ন পর্যায়ৰ ফটো অনলাইনত আপলোড কৰিছো। স্বচ্ছভাবে প্ৰশাসনক সকলো তথ্য প্ৰদান কৰা হৈছে। কেৱল ইমানেই নহয়, ৰিয়েল ইষ্টেটৰ ক্ষেত্রত স্বচ্ছতা যথেষ্ট কম আছিল। সেইবাবে ঘৰ কিনিবলৈ গৈ সাধাৰণ লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ চৰকাৰ ৰেৰা আইন গৃহীত কৰি ক্রেতাসকলৰ মনত বিশ্বাস গঢ়ি তোলাৰ কাম কৰিছে। ইতিমধ্যে অধিকাংশ ৰাজ্যত ৰেৰা আইনৰ ‘জাননী’ জাৰি কৰা হৈছে। ন্যায়াধীকৰণেও কাম কৰিছে। এই প্ৰকল্পৰ জৰিয়তে লাখ লাখ নতুন ফ্লেট নির্মাণ কৰা হৈছে। সকলো মিলাই চালে গৃহ নির্মাণ বিষয়ত সংহত ভাৱনাৰেই কাম হৈছে৷ আমি যদি বেলেগে একেটি প্ৰকল্প লৈ আগুৱালোহেতেন, তেতিয়াহ’লে ইমান ডাঙৰ সাফল্য নাপালোহেতেন৷ বিশাল পৰিসৰত সমাধান তেতিয়াই সম্ভৱ, যেতিয়া সকলো বিভাগ সকলো সিদ্ধান্ত এক ডাঙৰ লক্ষ্যৰ কথা ভাবি গ্ৰহণ কৰা হয়। সকলো মন্ত্ৰালয় আৰু যাৱতীয় প্ৰকল্প মিলি একেটা গতিত কাম কৰাই আমাৰ চৰকাৰৰ কামৰ পৰিচিতি হৈ উঠিছে-টুকৰা-টুকৰকৈ নহয়, সামগ্রিক ভাৱনা আৰু সকলো বিষয় একেলগ কৰি কাম কৰিব লাগিব৷

বন্ধুসকল, বিগত পাঁচ বছৰত স্বচ্ছতা অভিযানৰ পৰা আৰম্ভ কৰি বেংকৰ লেনদেনলৈকে, সমাজৰ ব্যৱহাৰত পৰিৱর্তন আনিবলৈ যিবোৰ গণআন্দোলন হৈছে, আপোনালোক সকলোৱে ব্যাপক উৎসাহেৰে অংশগ্ৰহণ কৰিছে৷ সেই বাবে অহা ৫ বছৰৰ বাবে যিমান সংকল্প কৰা হৈছে, সেইবোৰ বাস্তবায়িত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ওপৰত মই ভৰসা কৰিছো। এই বিশ্বাস নিৰন্তৰ শক্তিশালী হোৱাৰ কামনা কৰি আপোনালোকক বহুত কৃতজ্ঞতা জনাইছো৷

উৎসৱৰ সময়ত ইমান বিপুল হাৰত উপস্থিত হৈ মোক আশীর্বাদ দিয়াৰ বাবে ধন্যবাদ জনাইছো। আপোনালোকৰ এই আবেগে মোৰ মনত এক শক্তিৰ অনুভূতি সঞ্চাৰ কৰে। এই মাতৃশক্তিকে প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণী মাৰিছো৷ মোৰ সৈতে দুয়োহাত ওপৰলৈ তুলি পূর্ণশক্তিৰে কওঁক–

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

বহুত বহুত ধন্যবাদ৷

***

বি.আৰ.আৰ. কে/এছ. এছ/ এনএছ/দি, বি.