পি এম ইণ্ডিয়া
মোৰ কেন্দ্রীয় মন্ত্ৰীসভাৰ সহযোগী শ্রী মহেন্দ্রনাথ পাণ্ডেজী, আৰ.পি.সিং জী, অন্যান্য সকলো জ্যেষ্ঠ মন্ত্রীবৰ্গ, এই কাৰ্যসূচীৰ সৈতে জড়িত সকলো নবীন বন্ধু, বৃত্তিধাৰকসকল, অন্যান্য মাননীয় ব্যক্তিৰ লগতে ভা-ভনীসকল,
ক’ৰোনাৰ বিৰুদ্ধে মহাযুদ্ধত আজি এক গুৰুত্বপূর্ণ অভিযানৰ প্রথম পর্যায় আৰম্ভ হৈছে৷ ক’ৰোনাৰ প্রথম লহৰৰ সময়ত দেশৰ হাজাৰ হাজাৰ বৃত্তিৰ লোকে দক্ষতা উন্নয়ন অভিযানত জড়িত হৈছিল৷ এই প্রচেষ্টাই দেশক ক’ৰোনাৰ বিৰুদ্ধে যুঁজত যথেষ্ট শক্তি যোগাইছিল। এতিয়া ক’ৰোনাৰ দ্বিতীয় লহৰ অহাৰ পাছতো আমি যি অভিজ্ঞতাৰ সন্মুখীন হৈছো, সেইবোৰ অভিজ্ঞতাই আজিৰ এই কাৰ্যসূচীৰ মুখ্য ভিত্তি হৈ উঠিছে৷ ক’ৰোনাৰ দ্বিতীয় লহৰত আমি দেখিছো যে ক’ৰোনা ভাইৰাছে বাৰে বাৰে চৰিত্ৰ সলনি কৰে আৰ পৰিৱৰ্তিত ৰূপে কিদৰে আমাৰ সন্মুখত সমস্যাৰ পাহাৰ গঢ় দিয়ে৷ এই ভাইৰাছ আমাৰ মাজত এতিয়াও আছে, আৰু যেতিয়ালৈকে থাকিব, ইয়াৰ ৰূপান্তৰণৰ সম্ভাৱনা অটুট থাকিব। সেইবাবে প্রত্যেক চিকিৎসা, প্রত্যেক সতর্কতাৰ লগতে সম্ভাব্য সমস্যাসমূহৰ মোকাবিলা কৰাত আমাৰ দেশৰ প্রস্তুতি আৰু অধিক বৃ্দ্ধি কৰিব লাগিব৷ এই লক্ষ্যৰে আজি দেশত ১ লাখ নতুন ক’ৰোনা যোদ্ধাৰ আগশাৰীত থকাৰ উপযোগী কৰি প্রশিক্ষিত কৰাৰ মহাঅভিযান আৰম্ভ হৈছে।
বন্ধুসকল,
এই মহামাৰীয়ে বিশ্বৰ প্রতিখন দেশ, প্রতিটো সংস্থা, প্রত্যেক সমাজ, প্রতিটো পৰিয়াল, প্রত্যেক ব্যক্তিৰ সামর্থ্যক, তেওঁলোকৰ সহ্য ক্ষমতাক বাৰে বাবে পৰীক্ষা কৰিছে। সেইদৰে, এই মহামাৰীয়ে বিজ্ঞান, চৰকাৰ, সমাজ, সংস্থা আৰু ব্যক্তি হিচাপে আমাৰ প্রত্যেকৰে ক্ষমতাক পৰিবর্ধিত কৰাৰ, বিস্তাৰিত কৰাৰ প্রয়োজনীয়তা অনুভৱ কৰাইছে, সতর্ক কৰিছে। পিপিই কিট আৰু টেষ্টিং আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি ক’ভিড কেয়াৰ আৰু চিকিৎসা সংক্রান্তীয় স্বাস্থ্য আন্তঃগাঁথনিৰ যিমান ডাঙৰ নেটৱর্ক আজি ভাৰতে গঢ়ি উঠিছে আৰ গঢ়ি তোলাৰ যি প্রস্তুতি আজিও চলিছে, এয়া সেই প্রস্তুতিৰে ফল। আজি দেশৰ দুৰ্গম অঞ্চলৰ হাস্পতালসমূহতো ভেণ্টিলেটৰ, অক্সিজেন কনচেনট্রেটৰ প্ৰদানৰ চেষ্টা দ্রুতগতিত কৰা হৈছে। যুদ্ধকালীন তৎপৰতাৰে ১,৫০০তকৈও অধিক অক্সিজেন প্লাণ্ট গঢ়ি তোলাৰ কাম চলিছে আৰু ভাৰতৰ প্রত্যেক জিলাত অক্সিজেন প্লাণ্ট গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰখা হৈছে। এইবোৰ প্রচেষ্টাৰ মাজত এক সুদক্ষ মানৱসম্পদৰ যোগান থকা আৰ সেই দক্ষ লোকসকলে সকলো সময়তে নতুন নতুন মানুহক জড়িত কৰাটোও সিমানেই প্রয়োজনীয়। এই প্রয়োজনীয়তা দেখি ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধৰত বর্তমানৰ যোদ্ধাসকলৰ সহায়ৰ বাবে দেশৰ প্রায় ১ লাখ নবীনক প্রশিক্ষণ প্ৰদানৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। এই প্রশিক্ষণ দুই-তিনি মাহৰ ভিতৰতে সম্পূর্ণ হ’ব। সেইবাবে এওঁলোকে দ্রুতগতিত কামচ জঁপিয়াই পড়াৰ বাবে প্রস্তুত থাকিব আৰু এক সহায়ৰ প্রৱণতা নবীন প্রজন্মৰ মাজত জাগি উঠিব৷ এওঁলোকে সহায়ক ৰূপে বর্তমানৰ ব্যৱস্থাক আৰু অধিক সমৃদ্ধ কৰিব আৰু ক’ৰোনা যোদ্ধাসকলৰ অস্বাভাৱিক কামৰ চাপ কমাব৷ দেশৰ প্রতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চাহিদা অনুসৰি দেশৰ প্রথম শাৰীৰ বিশেষজ্ঞসকলে এই ক্ৰেছ ক’ৰ্ছৰ ডিজাইন প্ৰস্তুত কৰিছে৷ আজি ৬টা নতুন কাষ্টোমাইজড ক’ৰ্ছ প্ৰৱর্তন কৰা হৈছে। নাৰ্ছিং সংক্রান্তীয় সাধাৰণ কাম, হোম কেয়াৰ, ক্রিটিকেল কেয়াৰত সহায়, নমুনা সংগ্রহ, মেডিকেল টেকনিছিয়ান আৰু চিকিৎসাৰ কামত ব্যৱহৃত নতুন নতুন সৰঞ্জামৰ ব্যৱহাৰ পদ্ধতিৰ প্রশিক্ষণ প্ৰদানৰ মাধ্যমেৰে নবীন প্রজন্মক প্রস্তুত কৰা হৈছে। ইয়াৰ দ্বাৰা নবীনসকলৰ দক্ষতাও বৃদ্ধি পাব আৰ যিসকলে আগৰে পৰাই এই ধৰণৰ কাম কৰি আহিছে তেওঁলোকৰ দক্ষতাও বৃদ্ধি পাব৷ এই অভিযানৰ জৰিয়তে ক’ভিডৰ বিৰুদ্ধে আমাৰ অগ্রণী যোদ্ধাসকলে যি যুঁজ দিছে তেওঁলোকে এক প্রাণশক্তি লাভ কৰিব আৰু আমাৰ নবীন প্রজন্মৰ এক বৃহৎ সংখ্যক যুৱক-যুৱতীৰ কর্মসংস্থাপনৰ সুযোগো গঢ় লৈ উঠিব৷
বন্ধুসকল,
‘স্কিল, ৰি-স্কিল আৰু আপ-স্কিল’ৰ মন্ত্র কিমান গুৰুত্বপূর্ণ সেয়া এই ক’ৰোনাকালত পুনৰবাৰ প্রমাণিত হৈছে। স্বাস্থ্যখণ্ডৰ সৈতে জড়িত বৃত্তিধাৰকসকল দক্ষতো আছিলেই, কিন্তু তেওঁলোকে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ বহু নতুন কথা শিকিছে৷ অর্থাৎ, একেদৰে তেওঁলোকে নিজক ৰি-স্কিল কৰিছে৷ তদুপৰি, তেওঁলোকৰ আগৰে পৰাই যি দক্ষতা আছিল তাকো তেওঁলোকে ক্রমবর্ধিত কৰিছে৷ পৰিৱর্তিত পৰিস্থিতিত নিজৰ দক্ষতাকে উন্নত কৰা বা মূল্য সংযোজন কৰাকে ‘আপ-স্কিলিং’ আৰু এয়াই সময়ৰ চাহিদা, যি গতিত প্রযুক্তিয়ে আমাৰ জীৱনৰ প্রতিটো ক্ষেত্রত প্রৱেশ কৰিছে, প্রত্যেক বৃত্তি মানুহৰে এতিয়া নিয়মীয়াকৈ ডায়নামিক ব্যৱস্থা আৰু আপ-স্কিলিং অনিবার্য হৈ পৰিছে৷ ‘স্কিল, ৰি-স্কিল আৰু আপ-স্কিল’ৰ গুৰুত্বক অনুধাৱন কৰিয়েই দেশত ‘দক্ষ ভাৰত মিচন’ আৰম্ভ হৈছিল। প্রথমবাৰ স্বতন্ত্র কৌশল বিকাশ মন্ত্ৰালয়ক গঠন কৰা হৈছিল। সমগ্ৰ দেশত ‘প্রধানমন্ত্রী কৌশল বিকাশ কেন্দ্র’ খোলা হৈছিল। আইটিআইৰ সংখ্যা বৃদ্ধি কৰা হৈছিল। সেইবোৰত লাখ লাখ নতুন আসন সংযোগ কৰা হৈছিল। এইক্ষেত্রত নিয়মীয়াকৈ কাম চলি আছে। আজি দক্ষ ভাৰত মিচনে প্রত্যেক বছৰ লাখ লাখ নবীন প্রজন্মৰ আধুনিকতম প্রযুক্তিৰ প্রয়োজন অনুসৰি প্রশিক্ষণ দিয়াৰ ক্ষেত্রত বৃহৎ ভূমিকা পালন কৰিছে। এই বিষয়টোক লৈ দেশত এক ভাল আলোচনা হোৱা নাই যি দক্ষতা উন্নয়নৰ এই অভিযান ক’ৰোনাৰ এই কঠিন সময়ত দেশক কিমান ডাঙৰ শক্তি দিছে। বিগত বৰ্ষত যেতিয়াৰে পৰা আমি ক’ৰোনাৰ সমস্যাৰ মোকাবিলা কৰিছো, তেতিয়াৰে পৰাই দক্ষতা উন্নয়ন মন্ত্ৰালয়ক সমগ্ৰ দেশত লাখ লাখ স্বাস্থ্যকর্মীৰ প্রশিক্ষণ প্রদানত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। চাহিদা অনুসৰি ‘স্কিল-ছেটছ’ প্রস্তুত কৰাৰ বাবে যি ভাৱনা লৈ এই মন্ত্ৰালয় গঠন কৰা হৈছিল, সেই ক্ষেত্রত আজি আৰু দ্রুতগতিত কাম হৈছে।
বন্ধুসকল,
আমাৰ জনসংখ্যাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যক্ষেত্রত চিকিৎসক, সেৱিকা আৰু অন্যান্য সংশ্লিষ্ট কর্মীসকলৰ যি বিশেষ সেৱা আছে সেয়া আৰু অধিক বিস্তৃত কৰাৰ প্রয়োজন আছে৷ সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি বিগত কেইবাবছৰো এক ‘ফ’কাছড এপ্রোচ’ লৈ কাম কৰা হৈছে। বিগত সাত বছৰত নতুন নতুন এইমছ, নতুন নতুন মেডিকেল কলেজ আৰু নাৰ্ছিং কলেজ স্থাপনৰ দিশত অধিক জোৰ দিয়া হৈছে। এইবোৰৰ ভিতৰত অধিকাংশই ইতিমধ্যে কাজ কৰিবলৈ আৰম্ভ কৰিছে। এই দৰে স্বাস্থ্য-শিক্ষা আৰু ইয়াৰ সৈতে জড়িত প্রতিষ্ঠানসমূহত সংস্কাৰক উৎসাহ যোগোৱা হৈছে। আজি যি গতিত, যি তৎপৰতাৰে স্বাস্থ্যকৰ্মীসকলক প্রশিক্ষিত কৰাৰ কাম চলিছে সেয়া অভূতপূর্ব।
বন্ধুসকল,
আজিৰ এই অনুষ্ঠানত আমি আমাৰ স্বাস্থ্যখণ্ডৰ এক শক্তিশালী স্তম্ভ সম্পর্কে অৱশ্যেই আলোচনা কৰিব বিচাৰিম৷ প্রায়ে আমি এই বন্ধুসকলৰ কথা আলোচনা কৰিবলৈ পাহৰি যাও৷ এই বন্ধুসকল হ’ল আমাৰ আশা-এএনএম-অংগনৱাড়ী আৰু গাঁৱে গাঁৱে গঢ় লৈ উঠা ডিছপেন্সৰীসমূহ কর্মৰত আমাৰ স্বাস্থ্যকর্মীসকল৷ ক’ৰোনাৰ বিৰুদ্ধে যুঁজত সংক্রমণ ৰোধৰ পৰা আৰম্ভ কৰি বিশ্বৰ সর্ববৃহৎ টিকাকৰণ অভিযানলৈকে প্রতিটো ক্ষেত্রত এওঁলোকে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ বিভিন্ন প্রাকৃতিক আৰু ভৌগোলিক পৰিস্থিতি, বিভিন্ন বিপর্যয় আৰু প্রতিকূল পৰিস্থিতিক উপেক্ষা কৰি এই বন্ধুসকলে দিনে-ৰাতি এক কৰি দেশবাসীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ কৰি আহিছে৷ গাঁৱে গাঁৱে সংক্রমণ যাতে বিয়পি নপৰে, দুৰ্গম অঞ্চলসমূহত, পার্বত্য আৰু জনজাতি অধ্যুষিত অঞ্চলত সফলতাৰে টিকাকৰণ অভিযান বাস্তবায়িত কৰাত আমাৰ এই বন্ধুসকলে বৃহৎ ভূমিকা পালন কৰিছে৷ ২১ জুনৰ পৰা দেশত টিকাকৰণ অভিযানৰ যি বিস্তাৰ বৃদ্ধি পোৱা দিশ অগ্ৰসৰ হৈছে সেই ক্ষেত্রতো আমাৰ এই বন্ধুসকলে যথেষ্ট শক্তি যোগাব, ডাঙৰ প্রাণশক্তি হৈ ধৰা দিব৷ আমি আজি সার্বজনীনভাবে দেশবাসীৰ হৈ তেওঁলোকে সকলোকে প্রশংসা কৰিছো, আমাৰ এই সকলো বন্ধুক প্রশংসা কৰিছো৷
বন্ধুসকল,
২১ জুনৰ পৰা যি টিকাকৰণ অভিযান আৰম্ভ হ’ব, সেই সংক্রান্ত্ৰীয় বিভিন্ন নিৰ্দেশনাও জাৰি কৰা হৈছে। এতিয়া ১৮ বছৰৰ ঊর্ধ্বৰ সকলো নাগৰিকে এই সেৱা লাভ কৰিব, যি এতিয়ালৈকে ৪৫ বছৰতকৈ অধিক বয়সীয়া আমাৰ নাগৰিকসকলে পাইছে৷ কেন্দ্রীয় চৰকাৰে প্রতিগৰাকী দেশবাসীৰ টিকাকৰণ সুনিশ্চিত কৰিবলৈ বিনামূলীয়া টিকাকৰণৰ প্ৰতি দায়বদ্ধ। আমি প্রত্যেকেই ক’ৰোনা নিয়ম কঠোৰভাবে পালন কৰিব লাগিব৷ প্রত্যেকেই মাস্ক পিন্ধিব লাগিব আৰু অবধাৰিতভাবে দুই গজৰ দূৰত্ব ৰক্ষা কৰিব লাগিব। শেষত, মই এই ক্ৰেছ ক’ৰ্ছৰ বাবে নির্বাচিত সকলো যুৱক-যুৱতীক বহুত বহুক শুভকামনা জনাইছো। মোৰ দৃঢ় বিশ্বাস, আপোনালোকৰ নতুন উদ্যম, নতুন দক্ষতাই দেশবাসীৰ জীবন ৰক্ষাত ক্রমাগত কামত লাগিব আৰু আপোনালোকেও জীৱনৰ পথত এক নতুন কর্মসংস্থাপনৰ আনন্দ পাব৷ আপোনালোকে যেতিয়া প্রথমবাৰ ৰোজগাৰৰ বাবে জীৱনৰ পথত খোজ দিছে, তেতিয়া মানুহৰ জীৱন ৰক্ষাৰ পবিত্র কর্মৰ সৈতে আপোনালোক জড়িত হৈছে৷ মানুহৰ জীৱন ৰক্ষাৰ কামত জড়িত হ’বলৈ গৈছে৷ বিগত ডেৰ বছৰ ধৰি আমাৰ চিকিৎসকসকল, আমাৰ নাৰ্ছিং কর্মী আৰু অন্যান্য স্বাস্থ্যকর্মীসকলে দিন-ৰাতি এক কৰি যি প্রতিকূলতাৰ বিৰুদ্ধে যুঁজ দি আহিছে, আপোনালোকে তেওঁলোকৰ সৈতে যোগ দিলে তেওঁলোকে অলপ হ’লেও স্বস্তিৰ নিঃশ্বাস পেলাব৷ তেওঁলোকক আপানোলোকে নতুন শক্তি যোগাব৷ সেইবাবে এই ক’ৰ্ছ এক নতুন জীৱনৰ সূত্রপাত কৰিবলৈ অগ্ৰসৰ হৈছে। মানুহৰ জীৱন ৰক্ষাৰ লগতে আপোনালোকৰ জীৱনত নতুন সুযোগ আহিছে৷ মানৱতাৰ সেৱাত জনকল্যাণৰ এক বিশেষ সুযোগ আপোনালোকৰ সন্মুখত উপস্থিত হৈছে। এই পবিত্র কামৰ বাবে, মানৱসেৱাৰ বাবে ঈশ্বৰে আপোনালোকক যেন অপাৰ শক্তি দিয়ে। আপোনালোকে দ্রুতগতিত এই ক’ৰ্ছৰ প্রতিটো খুঁটিনাটি ভালদৰে শিকিব৷ নিজকে দক্ষ কৰি তোলাৰ চেষ্টা কৰিব৷ আপোনালোকৰ অর্জিত দক্ষতাই যেন প্রতিগৰাকী লোকৰ জীৱন ৰক্ষাৰ কামত আহে৷ সেইবাবে মোৰ ফালৰ আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো।
বহুত বহুত ধন্যবাদ!
****
DS/VK/AK/DB
Launching the ‘Customised Crash Course programme for Covid 19 Frontline workers.’ https://t.co/yDl3F0eLVF
— Narendra Modi (@narendramodi) June 18, 2021
कोरोना से लड़ रही वर्तमान फोर्स को सपोर्ट करने के लिए देश में करीब 1 लाख युवाओं की ट्रेनिंग का लक्ष्य रखा गया है।
— Narendra Modi (@narendramodi) June 18, 2021
इससे जुड़ा कोर्स दो-तीन महीने में ही पूरा हो जाएगा। इस अभियान से हेल्थ सेक्टर की फ्रंटलाइन फोर्स को नई ऊर्जा भी मिलेगी और युवाओं को रोजगार के नए अवसर भी मिलेंगे। pic.twitter.com/F0A1HgbBAe
Skill, Re-skill और Upskill, यह मंत्र कितना महत्वपूर्ण है, इसे कोरोना काल ने फिर सिद्ध किया है। pic.twitter.com/zQ0Uxn2xta
— Narendra Modi (@narendramodi) June 18, 2021
आशा, एएनएम, आंगनवाड़ी और गांव-गांव में डिस्पेंसरियों में तैनात स्वास्थ्यकर्मी हमारे हेल्थ सेक्टर के बहुत मजबूत स्तंभ हैं। मैं इनकी प्रशंसा करता हूं, सराहना करता हूं।
— Narendra Modi (@narendramodi) June 18, 2021
21 जून से देश में टीकाकरण अभियान का विस्तार हो रहा है, उसे भी ये लोग नई ताकत देंगे। pic.twitter.com/Nif7JfaPJV
यह क्रैश कोर्स युवाओं के लिए मानवता की सेवा और लोक कल्याण का एक विशेष अवसर लेकर आ रहा है।
— Narendra Modi (@narendramodi) June 18, 2021
आप जल्द से जल्द इस कोर्स की हर बारीकी को सीखें, आपके पास वह स्किल हो, जो हर किसी की जिंदगी बचाने के काम आए, इसके लिए मेरी तरफ से आपको बहुत-बहुत शुभकामनाएं। pic.twitter.com/He8vBxTlsa