পি এম ইণ্ডিয়া
মহামহিমসকল,
আপোনালোকে আগবঢ়োৱা বহুমূলীয়া সময় আৰু পৰামৰ্শসমূহৰ বাবে আকৌ এবাৰ সকলোকে ধন্যবাদ জনাইছো। আজিৰ আলোচনা অতিকে গঠনমূলক আৰু ফলপ্ৰসূ হৈছে বুলি অনুভৱ কৰিছো।
এনে এক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ এক উমৈহতীয়া ৰণ-কৌশল উদ্ভাৱন কৰাতো নিতান্তই জৰুৰী বুলি আমি সকলোৱে একমত্যত উপনীত হৈছো।
আমি পৰস্পৰৰ জ্ঞান, উত্তম অনুশীলন, সামৰ্থ্য তথা প্ৰয়োজনত সম্ভৱ হোৱা সমলৰ আদান-প্ৰদান কৰি সহযোগিতাৰ মাধ্যমেৰে এক সমাধান সূত্ৰ উলিয়াবলৈও সহমত প্ৰকাশ কৰিছো।
কিছুসংখ্যক সহযোগী সতীৰ্থই চিকিত্সা, ঔষধ, সা-সৰঞ্জামকে ধৰি কেতবোৰ প্ৰসংগত বিশেষ সহযোগিতাৰ আহ্বান জনাইছে। মোৰ দলে বিশেষ গুৰুত্বৰে এই বিষয়টো বিবেচনা কৰিছে। আমাৰ চুবুৰীয়াসকলৰ বাবে আমি সাম্ভাৱ্য সকলোখিনি কৰাৰ প্ৰয়াস নিশ্চয় কৰিম বুলি মই আপোনালোকক আশ্বস্ত কৰিব খুজিছো।
সকলোৱে মিলি আমি যাতে এক উত্তম ৰণ-কৌশল যুগুতাই উলিয়াব পাৰো তাৰ বাবে আমাৰ বিষয়াসকলক পৰস্পৰৰ মাজত আন্তৰিতাপূৰ্ণ মনোভাৱেৰেসঘন যোগাযোগ অব্যাহত ৰাখিবলৈ আহ্বান জনাইছো।
আমাৰ এই আলোচনাক আগবঢ়াই নিব পৰাকৈ আজিৰ পৰা এসপ্তাহৰ ভিতৰত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনাত মিলিত হ’ব পৰাকৈপ্ৰথমে আমি প্ৰতিখন দেশে পৰস্পৰৰ বিশেষজ্ঞমণ্ডলীক নিৰ্দ্ধাৰিত কৰি দিব লাগিব।
মহামহিমসকল,
আমি এই যুঁজ একেলগে যুঁজিম আৰু আমি একেলগেই এই যুঁজত জয়লাভো কৰিম।
আমাৰ চুবুৰীয়াসকলৰ সংঘবদ্ধ প্ৰয়াস সমগ্ৰ পৃথিৱীৰ বাবে আৰ্হি হোৱা উচিত।
আমাৰ সকলো নাগৰিকৰ সু-স্বাস্থ্য, আৰু এই মহামাৰীক আমাৰ অঞ্চলত নিৰস্ত্ৰ কৰাৰ বাবে আমি চলাব খোজা ঐক্যবদ্ধ প্ৰয়াসৰ সফলতা কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিব খুজিছো।
ধন্যবাদ।
বহুত বহুত ধন্যবাদ।
*****
VRRK/KP/KB
Some partners have made specific requests, including about medicine and equipment. My team has taken careful note of these. Let me assure you, that we will do our best for our neighbours: PM @narendramodi #SAARCfightsCorona
— PMO India (@PMOIndia) March 15, 2020
We have to fight this battle together, and we have to win it together.
— PMO India (@PMOIndia) March 15, 2020
Our neighbourhood collaboration should be a model for the world: PM @narendramodi #SAARCfightsCorona