পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোক কল্যাণ মাৰ্গত সদ্যসমাপ্ত কমনৱেলথ গেমছত পদকবিজয়ী খেলুৱৈসকলৰ সৈতে মতবিনিময় কৰে৷
প্ৰধানমন্ত্ৰীয়ে সকলো পদকবিজয়ীক অভিনন্দন জ্ঞাপনৰ লগতে পদক জয় নকৰিলেও উন্নত প্ৰদৰ্শন দাঙি ধৰা খেলুৱৈসকলক প্ৰশংসা কৰে৷
তেওঁ কয় যে ক্ৰীড়া ক্ষেত্ৰৰ সাফল্যই সকলোকে অনুপ্ৰাণিত কৰে৷ খেলুৱৈসকলক প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ সফলতাই ভাৰতৰ মৰ্যদা বৃদ্ধি কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় ক্ৰীড়াবিদে যেতিয়াই জয় সাব্যস্ত কৰে, তেতিয়াই ভাৰতীয় পতাকাৰ সন্মান বৃদ্ধি পায়৷
প্ৰধানমন্ত্ৰীয়ে এই কথাও উল্লেখ কৰে যে ক্ৰীড়াবিদ এগৰাকীৰ জীৱন কেইবাদশকো অতিক্ৰম কৰে৷ এই প্ৰসংগত তেওঁ মেৰী কমৰ উদাহৰণ দাঙি ধৰে, যিয়ে সংসদৰ সদস্য হোৱা সত্ত্বেও স্বৰ্ণ পদক অৰ্জন কৰিছে৷ তেওঁ পুল্লেলা গোপীচান্দকো প্ৰংশসা কৰে, যিয়ে এগৰাকী অত্যন্ত সফল খেলুৱৈ হিচাপে কেৰিয়াৰ সামৰাৰ পাছত বহু খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰি আছে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিভা, প্ৰশিক্ষণ, মনোযোগ আরু পৰিশ্ৰমৰ বাহিৰে মানসিক দৃঢ়তা ক্ৰীড়াবিদ এগৰাকীৰ বাবে অত্যন্ত প্ৰয়োজনীয় দিশ৷ এই প্ৰসংগত তেওঁ যোগাসনৰ উপযোগিতাৰ কথা উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক আহ্বান জনায় যে শৈশৱৰ পৰা সঠিক পথৰ সন্ধান দেখুওৱা প্ৰশিক্ষক, গুৰু আৰু শিক্ষকসকলক তেওঁলোকে মনত ৰখা উচিত৷
ক্ৰীড়া আৰু যুৱ কল্যাণ ৰাজ্যিক(স্বতন্ত্ৰ বিভাগ)মন্ত্ৰী কৰ্ণেল ৰাজ্যৱৰ্ধন ৰাথোড় অনুষ্ঠানত উপস্থিত আছিল৷
****
AKT/HS/MS