Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কমনৱেলথ গেমছ ২০২৬ত জুডোত স্বৰ্ণ বিজয়ী হৰ্ষ সিঙক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন


গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত জুডোত স্বৰ্ণ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ্ষ সিঙক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় জুডোৰ বাবে এয়া ঐতিহাসিক দিন বুলি অভিহিত কৰি কয় যে হৰ্ষ সিঙৰ আবেগ আৰু নিষ্ঠা তেওঁৰ ব্যতিক্ৰমী প্ৰদৰ্শনত স্পষ্টভাৱে প্ৰতিফলিত হৈছে।

শ্ৰী মোদীয়ে তেওঁৰ ভৱিষ্যৎ দিনৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

“ভাৰতীয় জুডোৰ বাবে ঐতিহাসিক দিন!

হৰ্ষ সিঙক স্বৰ্ণ জয় কৰাৰ বাবে অভিনন্দন। ব্যতিক্ৰমী প্ৰদৰ্শনত  তেওঁৰ আবেগ আৰু নিষ্ঠা স্পষ্টভাৱে প্ৰতিফলিত হৈছে। আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

#CWG2026”

*********

MJPS/SS/ST/DM