Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কমনৱেল্থ গেমছ ২০২৬ৰ পুৰুষৰ ১০,০০০ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জনৰ বাবে গুলৱীৰক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেল্থ গেমছ ২০২৬ৰ পুৰুষৰ ১০,০০০ মিটাৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে গুলৱীৰক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে গুলৱীৰৰ একাগ্ৰতা আৰু নিষ্ঠাৰ প্ৰশংসা কৰাৰ লগতে তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ সফলতা কামনা কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

“গ্লাছগোত গুলৱীৰৰ উজ্জ্বল প্ৰদৰ্শন!

পুৰুষৰ ১০,০০০ মিটাৰ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছোঁ। তেওঁৰ একাগ্ৰতা আৰু নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয়। অনাগত দিনবোৰত তেওঁৰ সকলো প্ৰচেষ্টাৰ বাবে শুভকামনা জনালোঁ।”

 

#CWG2026”

***

MJPS/SS/ST/DB