পি এম ইণ্ডিয়া

নমস্কাৰ। আমাৰ প্ৰিয়বাংলাৰ ভাই-ভনীসকল! ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনাৰ লগতে সমাগত মকৰ সংক্ৰান্তি উপলক্ষে আপোনালোক আটাইলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখড়জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ মনসুখ মান্ৱীয়াজী, ভাৰত চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, সাংসদসকল আৰু বিপুল সংখ্যাত ইয়ালৈ অহা পশ্চিমবংগৰ মোৰ প্ৰিয় ভাই-ভনীসকল। মা গংগাৰ সান্নিধ্যত, গংগাসাগৰৰ সমীপত, দেশৰ জলশক্তিৰ এই ঐতিহাসিক প্ৰতীকৰ ওপৰত, এই সমাৰোহত অংশগ্ৰহণ কৰিবলৈ পোৱাটো আমাৰ সকলোৰে বাবে অনন্য সৌভাগ্যৰ কথা বুলিয়ে মই অনুভৱ কৰিছো। আজিৰ দিনটো কলকাটা বন্দৰ ন্যাসৰ বাবে, ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ বাবে, ইয়াত কাম কৰি যোৱা বন্ধুসকলৰ বাবে অতিকে মহত্বপূৰ্ণ দিন হিচাপে পৰিগণিত হ’ব। ভাৰতত ‘পোৰ্ট লেইড ডেভেলোপমেণ্ট’-ক নতুন শক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত ইয়াতকৈ ডাঙৰ মুহূৰ্ত আনকিবা হ’ব পাৰে বুলি মই নেভাবো। কলকাটা বন্দৰ ন্যাসে স্থাপনৰ ডেৰশটা বছৰত ভৰি দিয়াৰ এই ঐতিহাসিক মুহূৰ্তত মই আপোনালোক সকলোকে মোৰ হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিছো।
বন্ধুসকল, এই ঐতিহাসিক মুহূৰ্তটোক উদযাপন কৰাৰ লক্ষ্যৰে আজি কেইদিনমান আগতে এলানি ডাক টিকটো উন্মোচন কৰা হৈছে। ইয়াৰ সৈতে এই ন্যাসত কাম কৰি যোৱা বহু সহস্ৰ কৰ্মচাৰীৰ পেন্সনৰ বাবে ৫০০কোটি টকাৰ চেকো আনুষ্ঠানিক ভাবে অৰ্পণ কৰা হৈছে। অনুষ্ঠানত শতয়ু গৰকা জনদিয়েক বৰ্ষীয়ানক সংবৰ্ধনা জনোৱাৰ বিৰল সুযোগ লাভ কৰি মই নিজকে সৌভাগ্যবান বুলি অনুভৱ কৰিছো। কলকাটা বন্দৰ ন্যাসৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ সেৱাত ব্ৰতী হোৱা প্ৰতিগৰাকী ব্যক্তি আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক মই প্ৰণিপাত জনাইছো, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
বন্ধুসকল, এইটো বন্দৰৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ বাবে যুগুতোৱা বহুকোটিটকীয়া আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্পৰো আজি উদ্বোধন তথা শিলান্যাস কৰা হৈছে। আদিবাসী কন্যাৰ শিক্ষা আৰু কৌশল বিকাশৰ বাবে ছাত্ৰীনিবাস আৰু দক্ষতা বিকাশ কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ লগতে অন্যান্য বিকাশ প্ৰকল্পসমূহৰ বাবে পশ্চিমবংগবাসীক মই অভিনন্দন জনাব খুজিছো।
বন্ধুসকল, কলকাটা বন্দৰ কেৱল জাহাজৰ আদান-প্ৰদান কৰা স্থানেই নহয়, বৰং ই এক সম্পূৰ্ণ ইতিহাসকে বুকুত সামৰি আহিছে। এইটো বন্দৰে বিদেশী শাসনৰ পৰা ভাৰতে নিজকে মুক্ত কৰি স্বৰাজ লাভ কৰা দেখিছে। সত্যাগ্ৰহৰ পৰা স্বচ্ছাগ্ৰহলৈ, এইটো বন্দৰে দেশক পৰিৱৰ্তিত হোৱা দেখিছে। এইটো বন্দৰ কেৱল মাল-বস্তুৰ সৰবৰাহকৰ স্থলীয়েই নহয়, বৰং দেশ আৰু সামগ্ৰিক ভাবে সমগ্ৰ পৃথিৱীকে প্ৰভাৱিত কৰিব পৰা জ্ঞানবাহকৰ পদধূলিও এইটো বন্দৰত পৰিছে। বহুতো মনিষীয়ে, অনেকবাৰ ইয়াৰ পৰাই তেওঁলোকৰ বিশ্ব পৰিক্ৰমাৰ শুভাৰম্ভ কৰিছিল।
ক’বলৈ গ’লে কলকাটাৰ এইটো বন্দৰ ভাৰতৰ ঔদ্যগীক, আধ্যাত্মিক আৰু আত্মনিৰ্ভৰশীলতাৰ আকাংক্ষাৰ জীৱন্ত প্ৰতীক। এনে এটা বন্দৰেই ১৫০টা বছৰত প্ৰৱেশ কৰিবলৈ ওলাই অনন্য ইতিহাস গঢ়িছে। এনে পৰিস্থিতিত এইটো ঐতিহাসিক বন্দৰক নতুন ভাৰত নিৰ্মাণৰ প্ৰতীক হিচাপে তোলাটোআমি আমাৰ দায়িত্ব বুলিয়ে গ্ৰহণ কৰা উচিত।পশ্চিমবংগৰ লগতে সামগ্ৰিক ভাবে দেশৰ এই ভাৱনাক প্ৰণিপাত জনাই কলকাটা বন্দৰ ন্যাসৰ নাম, ভাৰতৰ ঔদ্যোগীকৰণৰ প্ৰণেতা, পশ্চিমবংগৰ উন্নয়ণ, উত্তৰণ আৰু বিকাশৰ সপোনক জীৱনৰ পাথেয় কৰা আৰু ‘এক দেশ, এক বিধান’-ৰ বাবে প্ৰাণ বলিদান দিয়া ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে উত্সৰ্গা কৰিছো। আজিৰে পৰা এইটো বন্দৰক ‘ড০ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰ’ বুলি জনাজাত হ’ব।
বন্ধুসকল, বাংলাৰ সু-সন্তান ড০ মুখাৰ্জীয়ে দেশত ঔদ্যোগীকীকৰণৰ বুনিয়াদ স্থাপন কৰিছিল। ‘চিত্তৰঞ্জন লকোমোটিভ ফেক্টৰী’, ‘হিন্দুস্থান এয়াৰক্ৰাফ্ট ফেক্টৰী’, ‘সিন্দৰী ফাৰ্টিলাইজাৰ কাৰখানা’ আৰু ‘দামোদৰ ভেলী কৰ্পোৰেশ্যন’কে ধৰি এনে বহুতো ডাঙৰ ডাঙৰ পৰিযোজনাৰ বিকাশত ড০ মুখাৰ্জীয়ে বিশেষ যোগদান দিছিল। আজিৰ এই বিশেষ দিনটোত মই বাবা চাহেব আম্বেদকাৰকো স্মৰণ কৰিব বিচাৰিছো, তেওঁক প্ৰণিপাত জনাব খুজিছো। ড০ মুখাৰ্জী আৰু বাবা চাহেব আম্বেদকাৰে স্বাধীনতাৰ পৰৱৰ্তী কালত নতুন নতুন নীতি, নতুন নতুন দৃষ্টিভংগীৰে দেশক আগবঢ়াই নিয়াৰ পথ প্ৰদৰ্শন কৰিছিল।
ড০ মুখাৰ্জীয়ে যুগুতোৱা দেশৰ প্ৰথমখন ঔদ্যোগীক নীতিত জল সংসাধনৰ উচিত ব্যৱহাৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। সেইদৰে বাবা চাহাবে দেশৰ প্ৰথমখন জল সংসাধন নীতি আৰু শ্ৰমিক সম্পৰ্কীয় আইনৰ প্ৰস্তুতিৰ ক্ষেত্ৰত নিজৰ অভিজ্ঞতাৰ বিশেষ প্ৰয়োগ কৰিছিল। দেশত নদ-নদীৰ পৰিযোজনা, বান্ধ নিৰ্মাণ, বন্দৰৰ নিৰ্মাণত হোৱা দ্ৰুত অগ্ৰগতিৰ কৃতিত্ব এই দুগৰাকী ভাৰত-সন্তানক দিবই লাগিব। এই দুগৰাকী সুসন্তানে দেশৰ সংসাধনৰ পৰম শক্তিক অনুধাৱন কৰিছিল, সেই শক্তিক দেশৰ প্ৰয়োজনীয়তাৰ আধাৰত সদ্ব্যৱহাৰ কৰাত গুৰুত্ব প্ৰদান কৰিছিল।
এইখন কলকাটাতে ১৯৪৪চনত অনুষ্ঠিত জল নীতি প্ৰস্তুত সম্পৰ্কীয় সন্মিলনত বাবা চাহেব আম্বেদকাৰে জলপথ নীতি ব্যাপক কৰাৰ সপক্ষে যুক্তি দাঙি ধৰিছিল। তেওঁ ইয়াৰ সৈতে সিঞ্চন, বিজুলী আৰু যাতায়াতৰ দৰে সকলো প্ৰসংগৰ সমাৱেশ কৰাত গুৰুত্ব আৰোপ কৰিছিল। পিছে, দেশৰে দুৰ্ভাগ্য যে, ড০ মুখাৰ্জী আৰু বাবা চাহেবে চৰকাৰৰ পৰা পদত্যাগ কৰাৰ পিছত, তেওঁলোকে আগবঢ়োৱা পৰামৰ্শৱলী বাস্তৱায়িত কৰাত চৰকাৰে বিশেষ আগ্ৰহ দেখুওৱা নহ’ল।
বন্ধুসকল, ভাৰতৰ বিশাল সামুদ্ৰিক সীমা প্ৰায় ৭৫০০ কিলোমিটাৰ দীঘল। সমুদ্ৰৰে সংযুক্ত হৈ থকাটো পৃথিৱীৰ যিকোনো দেশৰ বাবেই বহুত ডাঙৰ শক্তি বুলি আজিৰ প্ৰেক্ষাটতো বিবেচনা কৰা হয়। চাৰিওফালে স্থলেভাগেআগুৰি থকা দেশসমূহে প্ৰায়েই অসহায় অনুভৱ কৰা দেখিবলৈ পোৱা যায়। প্ৰচীন কালত ভাৰতো এক বৃহত্ শক্তি বুলিয়ে চিহ্নিত হৈছিল। গুজৰাটৰ লোথল বন্দৰৰ পৰা কলকাটা বন্দৰ পৰ্যন্ত চালে দেখা যায় যে ভাৰতৰ এই সুদীৰ্ঘ উপকূলৰ পৰা সমগ্ৰ পৃথিৱীৰ সৈতে বেহা-বেপাৰ কৰিব পৰা গৈছিল আৰু সভ্যতা, সংস্কৃতিৰ প্ৰসাৰ-প্ৰচাৰো হৈছিল। ২০১৪চনৰ পিছত ভাৰতৰ এই শক্তিক পুনৰ মজবুত কৰাৰ বাবে নতুনকৈ চিন্তা-চৰ্চা কৰা হ’ল আৰু নতুন উচাহৰে কাম আৰম্ভ কৰা হ’ল।
বন্ধুসকল, আমাৰ চৰকাৰে ভাৰতৰ বন্দৰসমূহক ভাৰতৰ সমৃদ্ধিৰ প্ৰৱেশদ্বাৰ বুলি গণ্য কৰে। আৰু সেয়ে চৰকাৰে দেশৰ উপকূলসমূহক পৰস্পৰৰ সৈতে সংযুক্ত কৰাৰ লগতে ইয়াৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ উদ্দেশ্যে ‘সাগৰমালা’ শীৰ্ষক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰিছিল। এই ‘সাগৰমালা কাৰ্যক্ৰম’ৰ জৰিয়তে দেশৰ বন্দৰসমূহৰ আধুনিকীকৰণ আৰু নতুন বন্দৰৰ বিকাশৰ কাম ধাৰাবাহিকভাবে অব্যাহত ৰখা হৈছে। স্থলপথ, ৰে’লপথ, আন্তঃৰাজ্যিক জলপথৰ সৈতে উপকূলীয় পৰিবহণ ব্যৱস্থাক সংযোজিত কৰাৰ ব্যৱস্থা কৰা হৈছে। এই পৰিযোজনাৰ সুবাদত উপকূলীয় পৰিবহণ ব্যৱস্থাৰ জৰিয়তে মাল-বস্তুৰ সৰবৰাহৰ পৰিসৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা দেখা গৈছে। এই পৰিযোজনাৰ অধীনত প্ৰায় ৬লাখ কোটি টকাৰে প্ৰায় ৬শটা প্ৰকল্পৰ বিকাশ সাধন কৰাৰ পৰিকল্পনা কৰা হৈছে। এই মুহূৰ্তত ৩লাখ কোটিৰো অধিক টকাৰে ২০০টাৰো অধিক প্ৰকল্পৰ কাম অব্যাহত ৰখাৰ বিপৰীতে প্ৰায় ১২৫টা প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে।
বন্ধুসকল, পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণ আৰু ব্যৱস্থাটোক সম্পূৰ্ণ ভাবে সংহত ৰূপত গঢ়ি তোলাৰ বাবে আমাৰ চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। আমাৰ দেশৰ পৰিবহণ ব্যৱস্থাটোত ইমান দিনে যি সন্তুলনহীনতাই বিৰাজ কৰি আছিল, আজি সেয়াই আঁতৰাই পেলোৱা হৈছে। এই পৰিযোজনাৰ অধীনত পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতক আন্তঃৰাজ্যিক জলপথ অৰ্থাত্ নদী জলপথ সম্পৰ্কীয় যোজনাৰে সংযুক্ত কৰাৰ ফলত অঞ্চলটোৱে সুফল লাভ কৰিছে আৰু অনাগত সময়ত সমগ্ৰ উত্তৰ-পূব ভাৰতক জলপথেৰে সংযুক্ত কৰিব পাৰিলে ‘নেটৱৰ্ক ভাৰত’-ৰ বিকাশত এক সোণালী পৃষ্ঠা সংযোজিত হ’ব।
প্ৰিয় ভাই-ভনীসকল, কলকাটা জলৰে জড়িত বিকাশৰ ক্ষেত্ৰত সঁচাকৈয়ে ভাগ্যশালী। কলকাটা বন্দৰ দেশৰ সমুদ্ৰিক পৰিধিৰে জড়িত হোৱাৰ লগতে নদীপথেৰেও সংযুক্ত। এই হিচাপে কলকাটা বন্দৰ দেশৰ ভিতৰ আৰু দেশৰ বাহিৰৰ জলমাৰ্গৰ এক প্ৰকাৰ সংগমস্থলীয়েই।
আপোনালোকে চাগৈ ভালকৈয়ে জানে যে হালদিয়া আৰু বাৰানসীৰ মাজত গংগাজীৰ ওপৰৰে জাহাজৰ চলাচল ইতিমধ্যে আৰম্ভ হৈছে। আৰু মই কাশীৰ সাংসদ, সেয়ে স্বাভাৱিক ৰূপতে আপোনালোকৰ সৈতে পোনপতীয়া ভাবেই জড়িত হৈ পৰিছো। দেশৰ এই প্ৰথমটো আভ্যন্তৰীণ জলমাৰ্গ আধুনিক ৰুপত যুগুতাই উলিওৱাৰ কাম ইতিমধ্যে দ্ৰুত গতিত অব্যাহত ৰখা হৈছে। চলিত বৰ্ষত হালদিয়াত ‘মাল্টীমডেল টাৰ্মিনেল’ আৰু ফাৰাক্কাত ‘নেভিগেশ্যনেল লক’ নিৰ্মাণৰ প্ৰয়াস কৰা হৈছে। ২০২১চনৰ ভিতৰত গংগাৰ জলমাৰ্গৰে বৃহত্ জাহাজৰ চলাচল সম্ভৱ কৰি তুলিবলৈ গংগাৰ বুকু খান্দাৰ কাম অব্যাহত ৰখা হৈছে। ইয়াৰ লগতে গংগাজীক অসমৰ পাণ্ডুত ব্ৰহ্মপুত্ৰৰে সংযুক্ত কৰি আভ্যন্তৰীণ জলমাৰ্গ-২ৰে মালবাহী জাহাজৰ চলাচল ইতিমধ্যে আৰম্ভ কৰা হৈছে। নদী জলমাৰ্গৰ সুবিধা উপলব্ধ হোৱাৰ পিছত কলকাটা বন্দৰ পূব ভাৰতৰ ঔদ্যোগীক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ লগতে নেপাল, বাংলাদেশ, ভূটান আৰু ম্যানমাৰৰ দৰে দেশৰে সৈতে কৰিব খোজা বাণিজ্যিক কাম-কাজো সৰল হৈ উঠিছে।
বন্ধুসকল, দেশৰ বন্দৰসমূহত আধুনিক সা-সুবিধা সংলগ্ন কৰাৰ লগতে সংযুক্তকৰণৰ উন্নত ব্যৱস্থা কৰা, প্ৰবন্ধনৰ ক্ষেত্ৰত সংস্কাৰ সাধান কৰাৰ দৰে উদ্যোগ গ্ৰহণ কৰাৰ ফলত মালবাহী জাহজৰ যাতায়াত সম্পৰ্কীয় অনুমোদন আৰু ইয়াৰ পৰিবহণৰ বাবে প্ৰয়োজন হোৱা সময় ৰাহি কৰিব পৰা গৈছে। জাহাজৰ অহা-যোৱাৰ একোটা খেপৰ বাবে প্ৰয়োজন হোৱা সময়ৰ পৰিমান যোৱা ৫টা বছৰত প্ৰায় আধালৈ অৱনমিত হৈছে। ‘ইজ অব ডুয়িং বিজনেছ’ শীতানত ভাৰতৰ স্থান ৭৯সংখ্যাক স্থানলৈ উন্নীত হোৱাৰ ক্ষেত্ৰত ইয়ো এক ডাঙৰ কাৰণ বুলি চিহ্নিত হৈছে।
বন্ধুসকল, আগন্তুক সময়ত জলপথ সংযুক্তকৰণৰে অধিক ভাবে লাভান্বিত হ’ব পশ্চিমবংগ, কলকাটা, ইয়াৰ কৃষক, উদ্যোগী আৰু শ্ৰমিকসকল, ইয়াৰ মোৰ মাছুৱৈ ভাই-ভনীসকল। আমাৰ মাছুৱৈ ভাই-ভনীসকলে যাতে আমাৰ জলসম্পদৰ সুফলসমূহ পৰ্যাপ্ত পৰিমানে উপলব্ধ কৰিব পাৰে তাৰ বাবে চৰকাৰে ‘নীল বিপ্লৱ’ আঁচনিখন ৰূপায়ণৰ ব্যৱস্থা কৰিছে। এই আঁচনিৰ জৰিয়তে তেওঁলোকে এই ক্ষেত্ৰত মূল্য-সংযোজন কৰাৰ লগতে আধুনিকীকৰণৰ ক্ষেত্ৰতো সহযোগিতা লাভ কৰিব। ইফালে ‘কিষাণ ঋণ পত্ৰ’ৰ জৰিয়তে মাছুৱৈসকলে এতিয়া বেংকৰ পৰা কম সুদত আৰু অতিকে সহজে বেংকৰ পৰা ঋণ লাভৰ সুযোগ গ্ৰহণ কৰিব পাৰিব। আমি এফালে পৃথক ‘জলশক্তি মন্ত্ৰলয়’ গঠন কৰাৰ বিপৰীতে এই মন্ত্ৰালয়ক সহযোগিতা আগবঢ়াব পৰাকৈ আৰু ইয়াৰ পৰা অধিক লাভ কৰিব পৰাকৈ পৃথকে মীন মন্ত্ৰালয়ো গঠন কৰিছো। অৰ্থাত, আমি উন্নয়নৰ গতি কেনে ধৰণে আগবঢ়ায় নিব খুজিছো, কোন দিশেৰে আগবঢ়াব খুজিছো ইয়াৰ এক ইংগিত ইয়াৰ গঠনতে পৰিস্ফূৰ্ত হৈ উঠিব।
বন্ধুসকল, ‘পোৰ্ট লেইড ডেভেলপমেণ্ট’-য়ে এক ব্যাপক পৰিৱেশ তন্ত্ৰক বিকশিত কৰে। এই জলসম্পদৰ সদ্ব্যৱহাৰ পৰ্যটন, সামুদ্ৰিক পৰ্যটন, নদী জল-পৰ্যটনৰ বাবেও কৰি থকা হৈছে। আজি কালি বহুসংখ্যক লোকে ক্ৰুইজত প্ৰমোদ ভ্ৰমণ কৰাৰ বাবেই বিদেশলৈ বুলি ফুৰিবলৈ যায়। এনেবোৰ বস্তু আমাৰ ইয়াত অতি সহজেই বিকশিত কৰি ল’ব পাৰি। কাকতালীয় সংযোগ হ’লেও এয়া নিশ্চয় আনন্দদায়ক কথা যে এদিন পূৰ্বে মাত্ৰ পশ্চিমবংগৰ কলা আৰু সাংস্কৃতিৰে জড়িত এয়া বৃহত্ কেন্দ্ৰৰ আধুনিকীকৰণৰ শুভাৰম্ভ কৰাৰ পিছত আজি ইয়াত জল-পৰ্যটনৰে জড়িত এখন বৃহত্ আঁচনিৰো শুভাৰম্ভ ঘোষণা কৰা হৈছে।
‘ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট’ যোজনাৰ সুবাদত পশ্চিমবংগৰ পৰ্যটন উদ্যোগে এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা কৰা হৈছে। ইয়াত ৩২একৰ মাটিত গংগাজীক দৰ্শন কৰিবলৈ অহাসকলৰ বাবে আৰামদায়ক সুবিধাসমূহ উপলব্ধ কৰা হ’ব আৰু তেতিয়া ইয়াৰ পৰা পৰ্যটকসকলো লাভান্বিত হ’ব পাৰিব।
প্ৰিয় ভাই-ভনীসকল, কেৱল কলকাটাতে নহয়, চৰকাৰে সমগ্ৰ দেশৰ বন্দৰসমূহৰে সংলগ্ন চহৰসমূহত আৰু ক্লাষ্টাৰসমূহত একুৰিয়াম, ৱাটাৰ-পাৰ্ক, সাগৰীয় সংগ্ৰহালয়, জল উদ্যান, ক্ৰুইজ আৰু জলক্ৰীড়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ কৰিব খুজিছে। কেন্দ্ৰীয় চৰকাৰে ক্ৰুইজ-আধাৰিত পৰ্যটনৰ বিকাশতো মনোনিৱেশ কৰিছে। দেশত আজি ‘ক্ৰুইজ শ্বিপ’-ৰ সংখ্যা ১২৫ৰ পৰা ১৫০ খন মান আছে যদিও এই সংখ্যা কমেও এহাজাৰ খনলৈ বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। এনে পদক্ষেপে পশ্চমবদগকো বাৰুকৈয়ে উপকৃত কৰিব। বংগোপসাগৰত থকা দ্বীপসমূহেও ইয়াৰ জৰিয়তে সুফল লাভ কৰিব।
বন্ধুসকল, পশ্চিমবংগৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে যথা সম্ভৱ সকলো প্ৰকাৰৰ প্ৰয়াস হাতত লৈছে।বিশেষকৈ দুখীয়া-নিচলা, শোষিত-বঞ্চিত আৰু পিচপৰা সম্প্ৰদায়ৰ উন্নয়নৰ বাবে উত্সৰগিত মনোভাৱৰে বহুতো প্ৰয়াস অব্যাহত ৰাখিছে। পশ্চিমবংগত প্ৰায় ৯০লাখ দুখীয়া পৰিয়ালৰ ভগ্নীয়ে উজ্জ্বলা যোজনাৰ অধীনত এলপিজি গেছৰ সংযোগ লাভ কৰিছে। ইয়াৰে ৩৫লাখৰো অধিক ভগ্নী আকৌ দলিত আৰু আদিবাসী সম্প্ৰদায়ৰ। ৰাজ্য চৰকাৰে যেতিয়াই ‘আয়ুষ্মান ভাৰত যোজনা’ আৰু ‘কিষাণ সন্মান নিধি’ৰ দৰে আঁচনি ৰূপায়ণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলেই এইসমূহ যোজনাৰ সা-সুবিধাসমূহো পশ্চিমবংগৰ ৰাইজে উপভোগ কৰিব পাৰিব। অৱশ্যে ইয়াৰ বাবে ৰাজ্য চৰকাৰখনে আগ্ৰহ প্ৰকাশ কৰিবনে নাই মই অৱশ্যে ন-দি ক’ব নোৱাৰো। যি কি নহওক, আপোনালোকক অৱগত কৰিবলৈ পাই সুখী হৈছো যে এই পৰ্যন্ত দেশৰ প্ৰায় ৭৫লাখ দুখীয়া ৰোগীয়ে ‘আয়ুষ্মান ভাৰত যোজনা’ৰ অধীনত বিনামূলীয়াকৈ চিকিত্সা গ্ৰহণ কৰি বহুকেইটা গুৰুতৰ ৰোগৰ পৰা আৰোগ্য লাভকৰিবলৈ সক্ষম হৈছে। আপোনালোকে ভাবকচোন যেতিয়া দুখীয়া পৰিয়ালৰ কোনো সদস্য গুৰুতৰ ৰোগত আক্ৰান্ত হয় তেতিয়া তেওঁলোকে জীয়াই থকাৰ আশা এৰিয়েই পেলাবলগীয়া হয়। তেনে পৰিস্থিতিত যদি কোনোবাই সহায়ৰ হাত আগবঢ়ায়, তেন্তে আক্ৰান্তজনে যি আশীৰ্বাদ দিয়ে সেয়া আক্ষৰিক অৰ্থতে অমূল্য হয়। আজি মই শান্তিৰে শুব পাৰো, কিয়নো এনে বহু দৰিদ্ৰ পৰিয়ালে আজি কালি আশীৰ্বাদৰ নিজৰা বোৱাই থাকে।
সেইদৰে ‘কিষাণ সন্মান নিধি’ৰ সুবাদত দেশৰ ৮কোটিৰো অধিক কৃষক পৰিয়ালে প্ৰায় ৪৩কোটি টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। ‘প্ৰত্যক্ষ লাভ হস্তান্তৰ নীতি’ৰ আধাৰত এই ধনৰাশি সংশ্লিষ্ট হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা কৰাৰ ব্যৱস্থা কৰিছে আমাৰ চৰকাৰে। ইয়াৰ ফলত কোনো মধ্যভোগীয়ে হিতাধিকাৰীসকলৰ সাহায্য ৰাশিৰ পৰা চান কঢ়াৰ সুবিধা ল’ব নোৱাৰা হ’ল। বহুতে হয়তো মধ্যভোগীৰ সুযোগ নথকা, ধনৰ চান কঢ়াৰ সুযোগ নথকা কিম্বা ছিণ্ডিকেটৰ সম্ভাৱনা নথকাৰ বাবেই এনেবোৰ আঁচনি ৰূপায়ণ কৰিব নিবিচাৰিব পাৰে।
বন্ধুসকল, পশ্চিমবংগৰ অসংখ্য বীৰ সন্তানে যি গাঁও আৰু দুখীয়া জনতাৰ স্বাৰ্থত মাত মাতিছিল, তেওঁলোকৰ উন্নয়নক আমি প্ৰথমিকতা প্ৰদান কৰা উচিত। এয়া কেৱল এজন ব্যক্তিৰ, কোনো এখন চৰকাৰৰে কেৱল দায়িত্ব নহয়, বৰং সমগ্ৰ ভাৰত বৰ্ষৰে সামুহিক দায়িত্ব আৰু সামূহিক পুৰুষাৰ্থও হয়। মই ভাবো ২১শতিকাৰ নতুন দশকত, যেতিয়া পৃথিৱীয়ে এখন বৈভৱশালী ভাৰতৰ বাবে আশাৰে বাট চায় আছে, তেতিয়া আমাৰ এই সামূহিক প্ৰয়াসে চাগৈ পৃথিৱীবাসীক কেতিয়াও নিৰাশ নকৰিব। আমাৰ প্ৰায়াসে নিশ্চয় সফলতা লাভ কৰিব। এই আত্মবিশ্বাসৰ সৈতে ১৩০কোটি ভাৰতীয়ৰ সংকল্পশক্তি আৰু তেওঁলোকৰ সামৰ্থ্যৰ প্ৰতি অপ্ৰতীম শ্ৰদ্ধা থকাৰ বাবেই ভাৰতৰ উজ্জ্বল ভৱিষ্যতটোক মই স্পষ্টকৈ প্ৰত্যক্ষ কৰিব পাৰিছো।
কলকাটা বন্দৰ ন্যাস স্থাপনৰ ডেৰশ বছৰীয়া জয়ন্তীৰ এই ঐতিহাসিক মুহূৰ্তত মই আপোনালোক সকলোকে পুনৰ বাৰ মোৰ হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিলো। সকলোলৈকে বহুত বহুত ধন্যবাদ।
আহক আমি সমস্বৰে উচ্চাৰণ কৰো—
ভাৰত মাতা কী জয়,
ভাৰত মাতা কী জয়,
ভাৰত মাতা কী জয়,
ভাৰত মাতা কী জয়।।
বহুত বহুত ধন্যবাদ।
वी.आर.आर.के./वी.जे./एन.एस./KB
मां गंगा के सानिध्य में, गंगासागर के निकट, देश की जलशक्ति के इस ऐतिहासिक प्रतीक पर, इस समारोह का हिस्सा बनना सौभाग्य की बात है: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
कोलकाता पोर्ट के विस्तार और आधुनिकीकरण के लिए आज सैकड़ों करोड़ रुपए के इंफ्रास्ट्रक्चर प्रोजेक्ट्स का लोकार्पण और शिलान्यास भी किया गया है। आदिवासी बेटियों की शिक्षा और कौशल विकास के लिए हॉस्टल और स्किल डेवलपमेंट सेंटर का शिलान्यास हुआ है: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
इस पोर्ट ने भारत को विदेशी राज से स्वराज पाते देखा है। सत्याग्रह से लेकर स्वच्छाग्रह तक इस पोर्ट ने देश को बदलते हुए देखा है।
— PMO India (@PMOIndia) January 12, 2020
ये पोर्ट सिर्फ मालवाहकों का ही स्थान नहीं रहा, बल्कि देश और दुनिया पर छाप छोड़ने वाले ज्ञानवाहकों के चरण भी यहां पड़े हैं: PM @narendramodi
एक प्रकार से कोलकाता का ये पोर्ट भारत की औद्योगिक, आध्यात्मिक और आत्मनिर्भरता की आकांक्षा का प्रतीक है।
— PMO India (@PMOIndia) January 12, 2020
ऐसे में जब ये पोर्ट डेढ़ सौवें साल में प्रवेश कर रहा है, तब इसको न्यू इंडिया के निर्माण का भी एक प्रतीक बनाना आवश्यक है: PM @narendramodi
पश्चिम बंगाल की, देश की इसी भावना को नमन करते हुए मैं कोलकाता पोर्ट ट्रस्ट का नाम, भारत के औद्योगीकरण के प्रणेता, बंगाल के विकास का सपना लेकर जीने वाले और एक देश, एक विधान के लिए बलिदान देने वाले डॉक्टर श्यामा प्रसाद मुखर्जी के नाम पर करने की घोषणा करता हूं: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
बंगाल के सपूत, डॉक्टर मुखर्जी ने देश में औद्योगीकरण की नींव रखी थी। चितरंजन लोकोमोटिव फैक्ट्री, हिन्दुस्तान एयरक्राफ्ट फैक्ट्री, सिंदरी फर्टिलाइज़र कारखाना और दामोदर वैली कॉर्पोरेशन, ऐसे अनेक बड़ी परियोजनाओं के विकास में डॉक्टर मुखर्जी का बहुत योगदान रहा है: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
आज के इस अवसर पर, मैं बाबा साहेब आंबेडकर को भी याद करता हूं, उन्हें नमन करता हूं। डॉक्टर मुखर्जी और बाबा साहेब, दोनों ने स्वतंत्रता के बाद के भारत के लिए नई नीतियां दी थीं, नया विजन दिया था: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
लेकिन ये देश का दुर्भाग्य रहा कि डॉक्टर मुखर्जी और बाबा साहेब के सरकार से हटने के बाद, उनके सुझावों पर वैसा अमल नहीं किया गया, जैसा किया जाना चाहिए था: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
गुजरात के लोथल पोर्ट से लेकर कोलकाता पोर्ट तक देखें, तो भारत की लंबी कोस्ट लाइन से पूरी दुनिया में व्यापार-कारोबार होता था और सभ्यता, संस्कृति का प्रसार भी होता था: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
हमारी सरकार ये मानती है कि हमारे Coasts, विकास के Gateways हैं। इसलिए सरकार ने Coasts पर कनेक्टिविटी और वहां के इंफ्रास्ट्रक्चर को आधुनिक बनाने के लिए सागरमाला कार्यक्रम शुरू किया: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
इस योजना के तहत करीब 6 लाख करोड़ रुपए से अधिक के पौने 6 सौ प्रोजेक्ट्स की पहचान की जा चुकी है। इनमें से 3 लाख करोड़ रुपए से अधिक के 200 से ज्यादा प्रोजेक्ट पर काम चल रहा है और लगभग सवा सौ पूरे भी हो चुके हैं: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
इस वर्ष हल्दिया में मल्टीमॉडल टर्मिनल और फरक्का में नेविगेशनल लॉक को तैयार करने का प्रयास है। साल 2021 तक गंगा में बड़े जहाज़ भी चल सकें, इसके लिए भी ज़रूरी गहराई बनाने का काम प्रगति पर है: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
नदी जलमार्ग की सुविधाओं के बनने से कोलकाता पोर्ट पूर्वी भारत के औद्योगिक सेंटर्स से तो जुड़ा ही है, नेपाल, बांग्लादेश, भूटान और म्यांमार जैसे देशों के लिए व्यापार और आसान हुआ है: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
पश्चिम बंगाल के विकास के लिए केंद्र सरकार की तरफ से हर संभव कोशिश की जा रही है। विशेष तौर पर गरीबों, दलितों, वंचितों, शोषितों और पिछड़ों के विकास के लिए समर्पित भाव से प्रयास किए जा रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
जैसे ही पश्चिम बंगाल राज्य सरकार आयुष्मान भारत योजना, पीएम किसान सम्मान निधि के लिए स्वीकृति देगी, यहां के लोगों को इन योजनाओं का भी लाभ मिलने लगेगा: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020