Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কলকাতাত চাৰিটা পুনৰ নিৰ্মিত ঐতিহাসিক ভৱন ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰি প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান


ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল, সংস্কৃতি আৰু সাহিত্যৰ তৰংগ তথা উদ্দীপনাৰে ভৰা কলকতাৰ এই বাতাৱৰণত উপস্থিত হৈ মন আৰু মস্তিষ্ক আনন্দেৰে ভৰি পৰে৷ এয়া এক প্ৰকাৰে মোৰ বাবে নিজকে সজীৱ কৰাৰ আৰু বঙালীৰ বৈভৱশালী কলা তথা সংস্কৃতিৰ সৈতে পৰিচয় হোৱাৰ, তেওঁলোকক নমস্কাৰ জনোৱাৰ এক অৱকাশ৷ বন্ধুসকল, কিছুদেৰী পূৰ্বে সাংস্কৃতিক কাৰ্যসূচীসমূহ পৰিলক্ষিত কৰি পুৰণি স্মৃতি সজীৱ হৈ উঠিছে৷ তেতিয়া ল’ৰালিৰ সময় আছিল, জীৱনক, জীৱনৰ ৰহস্যক, তাৰ জটিলতাসমূহ, যিদৰে কিশোৰৰ মনত এই ভাৱনা থাকে; মোৰ মনতো তেনে ভাৱনা আছিল৷ বহু কথাৰ জনাৰ ইচ্ছা হৈছিল৷ বহু প্ৰশ্নৰ সৃষ্টি হৈছিল আৰু বহু উত্তৰো সৃষ্টি হৈছিল৷ কিন্তু সেইসমূহৰ পৰা সঠিক উত্তৰ সন্ধান কৰাটো কঠিন হৈ পৰিছিল৷ সেই প্ৰশ্নসমূহৰ সমাধানৰ বাবে, স্পষ্টতাৰ বাবে এঠাইৰ পৰা সিঠাইলৈ ভ্ৰমি ফুৰিছিলো৷ আৰু তেতিয়া সেই বয়সত কলকাতাৰ ভূমিয়ে, এই বেলুৰমঠৰ পবিত্ৰ ভূমিয়ে মোক ইয়ালৈ টানি আনিছিল৷ আজি আপোনালোকৰ মাজত উপস্থিত থাকি এইসমূহ প্ৰত্যক্ষ কৰি মোৰ মন পুৰণি ভাৱনাৰে উকমুকাই উঠিছে৷ আৰু এই প্ৰদৰ্শনী, এনে লাগিছে যেন মই সেই পলসমূহ স্বয়ং অতিবাহিত কৰি আছো যি সেই মহান চিত্ৰকাৰ, কলাকাৰসকলে সৃজন কৰিছে৷ বাংলাভূমিৰ, বঙালীৰ এই ভূমিৰ অদভূত শক্তি, মোহিত কৰা সুঘ্ৰাণক সেৱা জনোৱাৰ এয়া মোৰ অৱকাশৰ সৃষ্টি হৈছে৷ ইয়াৰ সৈতে জড়িত অতীত আৰু বৰ্তমানৰ সকলো লোকক মই আদৰাঞ্জলি অৰ্পিত কৰিছো৷

     বন্ধুসকল, আজি পশ্চিমবংগসহিতে ভাৰতৰ কলা, সংস্কৃতি আৰু সাহিত্যৰ ক্ষেত্ৰত এক বৃহৎ মহত্বপূৰ্ণ দিৱস, এটা ডাঙৰ দিন৷ ভাৰতৰ কলা, সংস্কৃতি, নিজৰ ঐতিহ্যক একবিংশ শতিকা অনুসাৰে সংৰক্ষিত কৰাৰ বাবে আৰু সেইসমূহক Reinvent, Rebrand, Renovate আৰু Rehouse কৰাৰ ৰাষ্ট্ৰব্যাপী অভিযান আজি পশ্চিমবংগৰ এই ভূমিৰ পৰাই সূচনা হৈছে৷ এই অভিযানৰ এক ব্যাপক লাভ কলকাতা, পশ্চিমবংগইও লাভ কৰিব৷ ইয়াৰ বাবে পশ্চিমবংগৰ কলা আৰু সংস্কৃতিৰ সৈতে জড়িত আপোনালোক সকলোকে তথা কলা, সংস্কৃতিৰ প্ৰতি সমৰ্পিত বংগৰ জনতাক অশেষ অভিনন্দন জনাইছো৷

                বন্ধুসকল, পৰম্পৰা আৰু পৰ্যটন, এই দুটা এনে বিষয় য’ত আমাৰ ঐতিহ্য আৰু আমাৰ আবেগৰ সৈতে আমাৰ পৰিচয় প্ৰত্যক্ষভাৱে জড়িত৷ কেন্দ্ৰ চৰকাৰে এয়েই প্ৰয়াস কৰে যে ভাৰতৰ সাংস্কৃতিক সামৰ্থ বিশ্বৰ সন্মুখত নতুন ৰূপ-ৰঙেৰে প্ৰস্তুত হওক যাতে বিশ্বত ঐতিহ্য পৰ্যটনৰ এক বৃহৎ কেন্দ্ৰ স্থাপিত হওক৷ ঐতিহ্য পৰ্যটনে পশ্চিমবংগসহিতে সমগ্ৰ দেশৰ পৰ্যটন উদ্যোগক শক্তিশালী কৰাত বৃহৎ ভূমিকা পালন কৰিব৷ ইয়াৰ জৰিয়তে পশ্চিমবংগসহিতে সমগ্ৰ দেশত কৰ্ম সংস্থাপনৰ অনেক অৱকাশৰ সৃষ্টি হ’ব৷ এই কাৰ্যসূচীৰ পিছত ৰবীন্দ্ৰ সেতু-হাওড়া ব্ৰীজক পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্য ইণ্টাৰেক্টিভ আলোক আৰু ধ্বনিৰ সুবিধাও আৰম্ভ কৰা হ’ব৷

     বন্ধুসকল, দেশে সদায়েই নিজৰ সাংস্কৃতিক প্ৰতীকসমূহৰ সংৰক্ষণ তথা সেইসমূহৰ আধুনিকীকৰণৰ ইচ্ছা প্ৰকাশ কৰি আহিছে৷ এই ভাৱনাৰ সৈতে জড়িত হৈ কেন্দ্ৰ চৰকাৰে দেশৰ ঐতিহাসিক ভৱনসমূহৰ পুনৰ নিৰ্মাণত জড়িত হৈছে৷ আৰম্ভণি কলকাতা, দিল্লী, মুম্বাই, আহমেদাবাদ আৰু বাৰাণসীৰ ধৰোহৰৰ পৰা কৰা হৈছে৷ এই ভৱনসমূহৰ ভিতৰত নতুন গেলেৰী, নতুন প্ৰদৰ্শনী, থিয়েটাৰ, নাটক আৰু সংগীত কনচাৰ্টৰ বাবে আৱশ্যকীয় আন্তঃগাঁথনি প্ৰস্তুত কৰা হৈছে৷ এয়া নিশ্চিত কৰা হৈছে দেশৰ ৫টা আদৰ্শ সংগ্ৰহালয়ক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰি তোলা হ’ব৷ ইয়াৰ আৰম্ভণি বিশ্বৰ সবাতোকৈ পুৰণি সংগ্ৰহালয়ৰ ভিতৰত অন্যতম ইণ্ডিয়ান মিউজিয়াম কলকাতাৰ পৰা কৰা হৈছে৷ ইয়াৰোপৰি দিল্লী, চেন্নাই, হায়দৰাবাদ, শ্ৰীনগৰত অৱস্থিত সংগ্ৰহালয়সমূহৰো উত্তৰণ কৰা হৈছে৷ বন্ধুসকল, দেশৰ এই ধৰোহৰসমূহক সজোৱা, প্ৰস্তুত কৰা তথা সৌন্দৰ্যবৰ্ধন কৰাটো আৱশ্যক হোৱাৰ লগতে ইয়াৰ ব্যৱস্থাপনাৰ বাবে প্ৰয়োজনীয় সমলসমূহো প্ৰস্তুত কৰিব লাগিব৷ এয়া লক্ষ্য কৰি ‘ইণ্ডিয়ান ইন্সটিটিউট অব্ হেৰিটেজ কনজাৰভেচন’ৰ নিৰ্মাণ আৰু ইয়াক ডীমড্ বিশ্ববিদ্যালয়ৰ সমপৰ্যায়ৰ কৰি তুলিবলৈ চিন্তা কৰা হৈছে৷

     বন্ধুসকল, কলকাতা ভাৰতৰ সৰ্বোচ্চ সাংস্কৃতিক কেন্দ্ৰসমূহৰ ভিতৰত অন্যতম৷ আপোনালোকৰ ভাৱনা অনুসৰি এতিয়া কলকাতাৰ এই সমৃদ্ধ পৰিচয়ক নতুন ৰূপেৰে বিশ্বৰ সন্মুখত প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছে৷ কলকাতাক ৪টা আদৰ্শ গেলেৰী- অ’ল্ড কাৰেন্সী বিল্ডিং, ৱেল্ডেয়াৰ হাউচ, ভিক্টোৰিয়া মেম’ৰিয়েল অথবা মেটকাফ হাউচ, এইসকলোবোৰ পুনৰ নৱীকৰণৰ বাবে সম্পূৰ্ণ হৈ উঠিছে৷ ৱেল্ডেয়াৰক মিউজিয়াম অব্ দা ৱৰ্ল্ড হিচাপে নিৰ্মাণ কৰাৰ চিন্তা কেইবাবাৰো সন্মুখলৈ আহিছে৷ এতিয়া আমি সেই দিশতেই প্ৰয়াস কৰিছো৷ ভাৰত চৰকাৰৰ টাকশালক মিউজিয়াম অব্ কইনেজ এণ্ড কমাৰ্চৰ ৰূপত বিকশিত কৰাৰ চিন্তা কৰা হৈছে৷

     বন্ধুসকল, ভিক্টোৰিয়া মেম’ৰিয়েলৰ ৫টা গেলেৰীৰ ২টা গেলেৰী বন্ধ কৰি ৰখাটো উচিত স্থিতি নাছিল৷ বিগত কিছু সময়ৰ পৰা ইয়াক পুনৰ মুকলি কৰাৰ প্ৰয়াস কৰা হৈছে৷ মই এইটোৱেই আগ্ৰহ কৰিছো যে এই যিটো তিনি নম্বৰ গেলেৰী, তাত স্বাধীনতা আন্দোলনত বংগৰ ক্ৰান্তিকাৰীসকলৰ অৱদানক স্থান দিয়া যাওক৷

                বিপ্লৱী ভাৰতৰ নামত সংগ্ৰহালয় নিৰ্মাণ হওক য’ত নেতাজী সুভাষ চন্দ্ৰ বসু, অৰবিন্দ ঘোষ, ৰাস বিহাৰী বসু, ক্ষুদিৰাম বসু, দেশবন্ধু, বাঘা যতীন, বিনয়, বাদল, দীনেশ এনে মহান সেনানীসকলে ইয়াত স্থান পাব লাগে৷ বন্ধুসকল, স্বতন্ত্ৰতাৰ পিছত দশকজুৰি যি হ’ল, নেতাজী সুভাষ চন্দ্ৰ বসুৰ সৈতে জড়িত যি ভাৱনা দেশবাসীৰ মনত আছিল সেয়া আমি ভালদৰেই জানো৷ দেশৰ সেই ভাৱনাক সন্মান প্ৰদৰ্শন কৰি নেতাজীৰ নামত লালকিল্লাত সংগ্ৰহালয় নিৰ্মাণ কৰা হ’ল, আণ্ডামান-নিকোবৰ দ্বীপপুঞ্জৰ এটা দ্বীপৰ নামাকৰণ নেতাজীৰ নামত কৰা হ’ল৷ যেতিয়া আজাদ হিন্দ চৰকাৰৰ ৭৫ বৰ্ষ পূৰণ হ’ল তেতিয়া লালকিল্লাত ধ্বজ্বাৰোহণ কৰাৰ সৌভাগ্য মই নিজে লাভ কৰিলো৷ নেতাজীৰ সৈতে জড়িত ফাইলসমূহ ৰাজহুৱা কৰাৰ দাবী বৰ্ষজুৰি উত্থাপিত হৈ আহিছিল যি এতিয়া পূৰণ হৈছে৷

     বন্ধুসকল, নতুন বৰ্ষত, নতুন দশকত এতিয়া দেশে ভাবিছে যে পশ্চিমবংগৰ অন্য সন্তানসকলৰ অৱদানেও উচিত সন্মান লাভ কৰিব লাগে৷ এতিয়া আমি সকলোৱে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ২০০তম জন্মজয়ন্তী পালন কৰি আছো৷ এইদৰে ২০২২ত যেতিয়া ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ সম্পন্ন হ’ব তেতিয়া আন এক সুখদ সংযোগ স্থাপন হ’ব৷ ২০২২ চনত মহান সমাজ সংস্কাৰক আৰু শিক্ষাবিদ ৰাজা ৰামমোহন ৰায়ৰ ২৫০তম জন্মজয়ন্তী পালন কৰা হ’ব৷ দেশৰ আত্মবিশ্বাস বৃদ্ধিৰ বাবে, সমাজত কন্যা, ভগ্নী, তৰুণসকলৰ গৰিমা বৃদ্ধিৰ বাবে তেওঁ যি প্ৰয়াস কৰিছে সেই ঐতিহ্য আগবঢ়াই লৈ যোৱাটো আৱশ্যকীয়৷ তেওঁৰ ২৫০তম জন্মজয়ন্তী বৰ্ষক আমি এক পৰ্ব হিচাপে পালন কৰিম, এয়া আমাৰ সকলোৰে কৰ্তব্য৷

                বন্ধুসকল, দেশৰ ঐতিহ্যৰ সংৰক্ষণ, আমাৰ মহান ব্যক্তিত্ব, আমাৰ ইতিহাসৰ এই চিত্ৰণেই ৰাষ্ট্ৰ নিৰ্মাণৰ মুখ্য অংগ৷ এয়া দুৰ্ভাগ্যৰ কথা যে ব্ৰিটিছ শাসনৰ সময়ত আৰু  স্বতন্ত্ৰতাৰ পিছতো দেশৰ যি ইতিহাস ৰচনা কৰা হৈছে তাতেও কিছু গুৰুত্বপূৰ্ণ পক্ষক আওকাণ কৰা হৈছে৷ বন্ধুসকল, গুৰুদেৱ ঠাকুৰে ১৯০৩ চনত নিজৰ এক ৰচনাত যি লিখিছিল তাৰে সামান্য এক উদ্ধৃতি মই আজি এই বংগৰ পবিত্ৰ ভূমিৰ পৰা উল্লেখ কৰিব বিচাৰিছো৷ তেওঁ লিখিছিল- ‘‘ভাৰতৰ ইতিহাস সেয়া নহয় যি আমি পৰীক্ষাৰ বাবে পঢ়ো আৰু স্মৰণ কৰো৷ কিছুমান লোকে বাহিৰৰ পৰা আহি পিতৃয়ে পুত্ৰৰ হত্যা কৰা, ভাতৃয়ে ভাতৃৰ হত্যা কৰা, সিংহাসনৰ বাবে সংঘৰ্ষ কৰা, এয়া ভাৰতৰ ইতিহাস নহয়৷ এই ইতিহাসত এই কথাৰ বৰ্ণনাই নাই যে তেতিয়া ভাৰতৰ নাগৰিকে, ভাৰতৰ লোকে কি কৰি আছিল? তেওঁলোকৰ কোনো অস্তিত্ব নাছিল নেকি ?’’

     বন্ধুসকল, গুৰুদেৱে নিজৰ ৰচনাত ধুমুহাৰ এক অতিশয় গুৰুত্বপূৰ্ণ উদাহৰণো দিছিল৷ তেওঁ লিখিছিল যে, ‘‘যিমানেই ধুমুহা নাহক কিয়, তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল যে সংকটৰ সময়ত সেইসকল লোকে সেই ধুমুহাৰ সন্মুখীন কিদৰে হৈছিল৷’’

     বন্ধুসকল, গুৰুদেৱে এই কথাটোত গুৰুত্ব প্ৰদান কৰিছিল যে ইতিহাসকাৰীসকলে সেই ধুমুহাক ঘৰৰ বাহিৰৰ পৰাহে প্ৰত্যক্ষ কৰিছিল৷ যিসকল লোকে সেই ধুমুহাৰ সৈতে মোকাবিলা কৰিছিল, তেওঁলোকৰ ঘৰৰ অৱস্থা ইতিহাসকাৰীসকলে দেখা নাছিল৷ বাহিৰৰ পৰা প্ৰত্যক্ষ কৰিলে কেৱল ধুমুহাহে দেখা পাব৷ সেই ধুমুহাৰ সৈতে তেতিয়াৰ সমাজে, তেতিয়াৰ সাধাৰণ জনতাই কিদৰে মোকাবিলা কৰিছিল সেয়া ইতিহাসকাৰীসকলৰ চকুত পৰা নাছিল৷ এনে ধৰণৰ ইতিহাসৰ বহু কথা উল্লেখ কৰিবলৈ থাকি গ’ল৷

                বন্ধুসকল, আমাৰ দেশৰ ইতিহাস আৰু ইয়াৰ ঐতিহ্য লক্ষ্য কৰিলে দেখা যায় যে কিছুমান লোকে ক্ষমতাৰ সংঘৰ্ষ, হিংসা, উত্তৰাধিকাৰৰ যুদ্ধতেই ইয়াক সীমিত কৰি ৰাখিছিল৷ কিন্তু এই সকলৰ মাজতো যিদৰে গুৰুদেৱে ক’লে, ইতিহাসৰ আন এক পৰ্যায় যি অধিক গুৰুত্বপূৰ্ণ, আজি মই তাৰো চৰ্চা আপোনালোকৰ সন্মুখত কৰিব বিচাৰিছো৷

     বন্ধুসকল, অস্থিৰতাৰ সেই সময়ছোৱাত তাৰ সন্মুখীন হোৱা, ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰি ৰখা, তাক চম্ভালি লোৱা, তাক আগন্তুক প্ৰজন্মলৈ আগুৱাই লৈ যোৱাও আছিল গুৰুত্বপূৰ্ণ৷ দশকৰ পিছত দশক, প্ৰজন্মৰ পিছত প্ৰজন্ম, শতাব্দীৰ পিছত শতাব্দী এই কাৰ্য কোনে কৰিলে? আমাৰ কলা, আমাৰ সাহিত্য, আমাৰ সংগীত, আমাৰ বৌদ্ধিকজন, আমাৰ সন্ত, আমাৰ দাৰ্শনিকসকলে৷ আৰু সেইবাবে ভাৰতৰ প্ৰতিটো কোণত আপোনালোকে ভিন্ন ভিন্ন ধৰণৰ কলা আৰু সংগীতৰ সৈতে জড়িত বিশেষ পৰম্পৰা প্ৰত্যক্ষ কৰিবলৈ পাব৷ ভাৰতৰ প্ৰতিটো কোণত আপুনি বৌদ্ধিকজন, সন্তসকলৰ প্ৰভাৱ দেখিবলৈ পাব৷ এই ব্যক্তিসকলে, তেওঁলোকৰ বিচাৰে, কলা আৰু সাহিত্যৰ ভিন্ন ভিন্ন স্বৰূপে, ইতিহাসক নিজৰ ধৰণে সমৃদ্ধ কৰিছে৷ আৰু আপোনালোকে এয়া ভালদৰে জানে যে এনে মহান ব্যক্তিত্বসকলে, ভাৰতৰ ইতিহাসৰ কিছুমান সবাতোকৈ বৃহৎ সামাজিক সংশোধনৰ নেতৃত্ব প্ৰদান কৰিছে৷  ভাৰতে আদি শংকৰাচাৰ্য, থিৰুনাবুক্কাৰাসাৰৰ দৰে কবি সন্তসকলৰ আশীৰ্বাদ লাভ কৰিছে৷ আণ্ডাল, অক্কা মহাদেৱী, ভগৱান বশৱেশ্বৰ, গুৰু নানক দেৱৰ দ্বাৰা প্ৰদৰ্শিত কৰা পথে আজিও আমাক প্ৰেৰণা দিয়ে৷ যেতিয়া ভাৰতৰ ভিন্ন ভিন্ন স্থানত ভক্তি আন্দোলন আৰম্ভ হৈছিল তেতিয়া সেই সময়ছোৱাত অনেক সন্ত আৰু সংস্কাৰক গীত, চিন্তা-ধাৰাই তাক সমৃদ্ধ কৰিছিল৷ সন্ত কবীৰ, তুলসীদাস, একনাথ, নামদেৱ, সন্ত টুকাৰামে সমাজক সঞ্জীৱনী প্ৰদান কৰি আছিল৷ ভাৰতৰ এনে এটা প্ৰান্ত নাছিল য’ত সেই সময়ত কোনো মহাপুৰুষে কাম কৰি থকা নাছিল৷ সমাজ পৰিৱৰ্তনৰ বাবে ৰাজা ৰামমোহন ৰায় আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ প্ৰয়াস আজিও সিমানেই প্ৰেৰণামূলক৷ এইদৰে আমি জ্যোতিবা ফুলে, সাবিত্ৰীবাই ফুলে, গান্ধীজী, বাবা চাহেব আম্বেদকাৰৰ দৰে এনে অনেক ব্যক্তিত্বক ভাৰতক, ভাৰতৰ ইতিহাস সমৃদ্ধ কৰাৰ ৰূপত দেখিবলৈ পাও৷ সমাজ সংস্কাৰ, সমাজৰ কুৰীতিসমূহৰ বিৰুদ্ধে থিয় দিয়া, সেই পথত মহিলা সৱলীকৰণৰ বাবে চেষ্টা কৰা, এয়া ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰাৰেই প্ৰয়াস আছিল৷ আৰু যিমানবোৰ নাম আপোনালোকে শুনিছে, আৰু বহু নাম লোৱা হোৱা নাই, কিন্তু তেওঁলোকে সাহিত্য, কলা, সংগীতক নিজৰ মাধ্যম হিচাপে গঢ়ি তুলিছিল৷ তেওঁলোকে অস্ত্ৰ-শস্ত্ৰৰে নহয়, জনশক্তিৰ দ্বাৰা পৰিৱৰ্তন আনি ইতিহাস ৰচনা কৰিছিল৷ অস্ত্ৰৰ সন্মুখত শাস্ত্ৰৰ সামৰ্থ তেওঁলোকে দাঙি ধৰিছিল৷

     বন্ধুসকল, যিকোনো ভুভাগৰ আত্মাৰ প্ৰতিনিধিত্ব সেই স্থানৰ ভাৱনাই কৰে৷ গীত, সংগীত, কলা-সাহিত্যৰ জৰিয়তে যি ব্যক্ত কৰা হয়, সেয়াই জনভাৱনা হয়৷ ৰাজনৈতিক আৰু সৈন্য শক্তি অস্থায়ী কিন্তু কলা আৰু সংস্কৃতিৰ জৰিয়তে যি জনভাৱনা অভিব্যক্ত হয় সেয়া স্থায়ী হয়৷ আৰু সেইবাবে নিজৰ সমৃদ্ধ ইতিহাসক, নিজৰ ধৰোহৰক সুৰক্ষিত কৰি, সেইসমূহৰ সংবৰ্ধন কৰাটো ভাৰতৰ বাবে, প্ৰত্যেক ভাৰতবাসীৰ বাবে গুৰুত্বপূৰ্ণ৷ এয়াই এক সম্পদ যিয়ে আমাক বিশ্বৰ অন্য দেশসমূহৰ পৰা পৃথক কৰি ৰাখে৷

     বন্ধুসকল, সংস্কৃতিৰ ৰক্ষা সন্দৰ্ভত ডাঃ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কৈছিল- ‘‘পশ্চিমীয়া জ্ঞানৰ দুৱাৰ আমাৰ বাবে খোলা, তাক লৈ আমি চিন্তিত নহয়৷ চিন্তিত আমি এই কথাত হে যে এই জ্ঞানত ভাৰতীয় সংস্কৃতিৰ সৈতে চুক্তি কৰি জাপি দিয়া হৈছে৷ দুয়োটাৰ মাজত এটা সমন্বয় ৰাখি ভাৰতীয় সংস্কৃতিক অৱহেলা নকৰাটো তথা ইয়াক সমাপ্ত নকৰাটোহে আৱশ্যকীয় কথা৷’’ ডাঃ মুখাৰ্জীৰ এই বক্তব্য সেই সময়তো প্ৰাসংগিক আছিল আৰু আজিও ইয়াৰ প্ৰাসংগিকতা আছে৷ আমি বিশ্বৰ সকলো সংস্কৃতিৰ পৰা কিবা নহয় কিবা এটা শিকিব পাৰো, কিন্তু আমি লক্ষ্য ৰাখিব লাগিব যাতে ইয়াৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ মূল্যবোধৰ হৰণ-ভগন নহয়৷

     বন্ধুসকল, বাংলা ভূমিত জন্ম হোৱা, লালিত-পালিত হোৱা সন্তসকলে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ মহত্ব সদায়েই বুজিছে, সেইসমূহৰ বৌদ্ধিত নেতৃত্ব প্ৰদান কৰিছে৷ আকাশত এটা জোন জিলিকিব পাৰে, কিন্তু বিশ্বক ভাৰতৰ চমক দেখুওৱাৰ বাবে পশ্চিমবংগই অনেক চন্দ্ৰ প্ৰদান কৰিছে৷ নেতাজী সুভাষ চন্দ্ৰ বসু, শৰৎ চন্দ্ৰ, বংকিম চন্দ্ৰ, ঈশ্বৰ চন্দ্ৰ, জগদীশ চন্দ্ৰ, কেশৱ চন্দ্ৰ, বিপিন চন্দ্ৰ, এনে অনেক চন্দ্ৰই ভাৰতৰ পৰিচয় জাকত-জিলিকা কৰি তুলিছে৷  

     চৈতন্য মহাপ্ৰভুৰ পৰা আৰম্ভ কৰি ৰাজা ৰামমোহন ৰায়, স্বামী বিবেকানন্দ আৰু গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে সমগ্ৰ বিশ্ব আৰু সমগ্ৰ ভাৰতক জাগ্ৰত কৰাৰ কামত ব্ৰতী হৈছিল৷ এই মহাপুৰুষসকলে বিশ্বক ভাৰতৰ প্ৰকৃত স্বৰূপ আৰু শক্তি প্ৰদৰ্শিত কৰিছে৷ তেওঁলোকে ভাৰতকো এয়া অনুভূত কৰিছে যে আমাৰ প্ৰকৃত ধন হ’ল আমাৰ সংস্কৃতি, আমাৰ অতীতৰ জ্ঞান-বিজ্ঞান৷ নজৰুল ইছলাম আৰু লালন ফকীৰৰ কবিতা আৰু সত্যজিৎ ৰায়ৰ চলচ্চিত্ৰসমূহে এই চিন্তাধাৰাকেই বিস্তাৰিত কৰিছে৷

     বন্ধুসকল, ভাৰতৰ জ্ঞান বিজ্ঞান আৰু প্ৰাচীন পৰিচয়ৰ দ্বাৰা দেশ আৰু বিশ্বক পৰিচিত কৰোৱাৰ কাম বংগৰ যি ভূমিয়ে কৰিছে সেই কামক নতুন ভাৰততো জীৱিত ৰখাৰ দায়িত্ব আপোনালোক সকলোৰে৷ ইয়াৰ তৰুণ প্ৰজন্মৰ৷ এয়াই সেই সময় য’ত ইয়াৰ সকলো ক্ষেত্ৰতে নতুন আৰু সক্ষম নেতৃত্ব প্ৰস্তুত হওক, যিয়ে সমগ্ৰ বিশ্বতে ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰে৷ আমি সকলোৱে স্বামী বিবেকানন্দজীয়ে মিছিগান বিশ্ববিদ্যালয়ত প্ৰদান কৰা ভাষণটো সদায়েই মনত ৰাখিব লাগে৷

     স্বামী বিবেকানন্দই কৈছিল- ‘‘এই শতিকাটো আপোনালোকৰ কিন্তু একবিংশ শতিকা ভাৰতৰ হ’ব৷’’ স্বামী বিবেকানন্দৰ সেই বিশ্বাস, সেই সংকল্প সিদ্ধ কৰাৰ বাবে আমি সকলোৱে, প্ৰত্যেক দেশবাসীয়ে সমগ্ৰ শক্তিৰে নিৰন্তৰে কাম কৰি থাকিব লাগে৷ আৰু এই অভিযানত যেতিয়া পশ্চিমবংগৰ বৌদ্ধিক সমাজ, আপোনালোক সকলো বন্ধুৰ শক্তি, আপোনালোকৰ আশীৰ্বাদ লাভ হ’ব তেতিয়া সেই সংকল্প সিদ্ধ কৰাৰ গতি অধিক দ্ৰুত হ’ব৷ মই নিজে আৰু কেন্দ্ৰ চৰকাৰেও আপোনালোকৰ প্ৰতিটো পদক্ষেপ, প্ৰতিটো প্ৰয়াসৰ সমৰ্থন কৰাৰ প্ৰয়াস কৰিম৷ আপোনালোকৰ পৰা শিকিবলৈ প্ৰয়াস কৰিম৷ আপোনালোকে যি আত্মীয়তাৰ সৈতে আজি এই গুৰুত্বপূৰ্ণ উপলক্ষত উপস্থিত থাকি আপোনালোকৰ সৈতে কথা পতাৰ সুবিধা প্ৰদান কৰিলে, সন্মান দিলে, ইয়াৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ৷ মই সমগ্ৰ দেশবাসীক আহ্বান জনাম যে যেতিয়াই আপোনালোকে কলকাতালৈ আহিব, তেতিয়াই এই চাৰিটা আদৰ্শ স্থানলৈ নিশ্চয়কৈ আহিব৷ আমাৰ সেই মহাপুৰুষসকলৰ সেই কালখণ্ডৰ চিন্তাধাৰা, তেওঁলোকৰ কলাক, তেওঁলোকৰ ভাৱনাক, সেই সময়ৰ জনমানসৰ অভিব্যক্তিক আপোনালোকে প্ৰত্যক্ষ কৰক আৰু বিশ্বক জনাওক৷ অশেষ ধন্যবাদ৷ 

*****

VRRK/KP/NS/MANN