পি এম ইণ্ডিয়া

ৰামকৃষ্ণ মঠৰ মহাসচিব শ্ৰীমান স্বামী সুবিৰানন্দা মহোদয় মহাৰাজ, স্বামী দিব্যানন্দ মহোদয় মহাৰাজ, ইয়াত উপস্থিত পুজ্য সন্তগণ, অতিথিগণ, মোৰ যুৱ বন্দুসকল৷
আপোনালোক সকলোকে স্বামী বিবেকানন্দ জয়ন্তীৰ এই পবিত্ৰক্ষণত, ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে অশেষ শুভকামনা জনাইছো৷ দেশবাসীৰ বাবে বেলুৰ মঠৰ এই পবিত্ৰভূমিলৈ অহাটো তীৰ্থযাত্ৰাতকৈ কোনো ধৰণে কম নহয় কিন্তু মোৰ বাবে এয়া ঘৰলৈ অহাৰ দৰেই লাগে৷ মই অধ্যক্ষ স্বামী, ইয়াত উপস্থিত সকলো উদ্যোক্তাক হৃদয়েৰে কৃতজ্ঞতা জনাইছো কিয়নো তেওঁলোকে যোৱা ৰাতি মোক ইয়াত থাকিবলৈ অনুমতি প্ৰদান কৰিলে আৰু চৰকাৰৰ প্ৰতিও কৃতজ্ঞ কিয়নো চৰকাৰত প্ৰট’ক’ল, নিৰাপত্তাজনিত কাৰণত ইফালৰ পৰা সিফাললৈ যাব নোৱাৰি যদিও মোৰ অনুৰোধ তেওঁলোকে ৰক্ষা কৰিলে৷ আৰু মই এই পবিত্ৰভূমিত নিশাটো যাপন কৰিবলৈ সৌভাগ্য লাভ কৰিলো৷ ইয়াৰ ভূমিত, ইয়াৰ বতাহত স্বামী ৰামকৃষ্ণ পৰমহংস, মা সাৰদা দেৱী, স্বামী ব্ৰহ্মানন্দ, স্বামী বিবেকানন্দসহিতে সকলো গুৰুৰ সান্নিধ্য সকলোৱে অনুভৱ কৰিব পাৰিছে৷ যেতিয়াই মই বেলুৰ মঠলৈ আহো তেতিয়া অতীতৰ পৃষ্ঠাসমূহ এখন এখনকৈ খুলিবলৈ ধৰে৷ যাৰ বাবে আজি মই ইয়াত উপস্থিত আছে আৰু ১৩০ কোটি ভাৰতীয়ৰ সেৱাত নিমজ্জিত হ’ব পাৰিছো৷
যোৱাবাৰ যেতিয়া ইয়ালৈ আহিছিলো তেতিয়া গুৰুজী, স্বামী আত্মআস্থানন্দ মহোদয়ৰ আশীৰ্বাদ লাভ কৰিছিলো৷ আৰু মই এয়া ক’ব পাৰো যে তেওঁৱেই মোক আঙুলিত ধৰি জনসেৱাই প্ৰভুসেৱাৰ পথ বুলি প্ৰদৰ্শিত কৰিলে৷ আজি তেওঁ কায়িকৰূপত আমাৰ মাজত বিৰাজমান নাই যদিও তেওঁৰ কাম, তেওঁ দেখুওৱা পথ, ৰামকৃষ্ণ মিছনৰ ৰূপত সদা-সৰ্বদাই আমাৰ পথ প্ৰদৰ্শিত কৰি ৰাখিব৷
ইয়াত উপস্থিত বহু ব্ৰহ্মচাৰীৰ সৈতে কিছু সময় কটোৱাৰ সৌভাগ্য মই লাভ কৰিছো৷ যি মন স্থিতি আপোনালোকৰ হৈছে, কোনোবাটো সময়ত সেয়া মোৰো হৈছিল৷ আৰু আপোনালোকে অনুভৱ কৰিছে যে আমাৰ অধিকাংশ লোকেই ইয়ালৈ অহাৰ কাৰণ হ’ল বিবেকানন্দজীৰ চিন্তাধাৰা, বিবেকানন্দজীৰ বাণী, বিবেকানন্দজীৰ ব্যক্তিত্ব৷ কিন্তু…..কিন্তু….এই ভূমিলৈ অহাৰ পিছত মা সাৰদা দেৱীৰ মমতাই আমাক ইয়াত থাকি যাবলৈ মাতৃ প্ৰেমেৰে বুৰাই দিয়ে৷ যিমানবোৰ ব্ৰক্ষ্মচাৰী লোক ইয়াত আছে, তেওঁলোকৰ এই অনুভূতি নিশ্চয়কৈ হৈছে৷ যিটো মোৰো হৈছিল৷
বন্ধুসকল, স্বামী বিবেকানন্দ কেৱল এক ব্যক্তিত্বই নহয়, তেওঁ এক জীৱনধাৰা, তেওঁ জীৱনশৈলীৰ এক স্বৰূপ৷ তেওঁ দৰিদ্ৰ নাৰায়ণৰ সেৱা আৰু ভাৰত ভক্তিকেই নিজৰ জীৱনৰ আদি আৰু অন্ত হিচাপে স্বীকাৰ কৰি লৈছিল, সেইদৰে জীৱনো অতিবাহিত কৰিছিল আৰু আজিও তেওঁ কোটি কোটি লোকক পথ প্ৰদৰ্শিত কৰি আহিছে৷
আপোনলোক সকলোকে, দেশৰ সকলো তৰুণকে মই এই বিশ্বাসেৰে কৈছো৷ দেশৰ প্ৰতিজন তৰুণে বিবেকানন্দৰ সৈতে পৰিচিত হওক বা নহওকেই৷ অজানিতে হলেও তেওঁলোক সেই সংকল্পৰ অংশ হৈ পৰিছে৷ সময় পৰিৱৰ্তিত হৈছে, দশক পৰিৱৰ্তিত হৈছে, শতিকা পৰিৱৰ্তিত হৈছে, কিন্তু স্বামীজীৰ সেই সংকল্প বাস্তৱায়িক কৰাৰ দায়িত্ব আমাৰো আৰু অনাগত প্ৰজন্মৰো৷ আৰু এই কাম এনে নহয় যে এবাৰ কৰিলেই হৈ গ’ল৷ এয়া হ’ল নিৰৱচ্ছিন্ন কাম, যুগ যুগান্তৰৰ কাম৷
কেতিয়াবা আমি ভাবো যে মই অকলে কৰিলে কি ক’ব, মোৰ কথা কোনেও নশুনে৷ মই যি বিচাৰো, যি চিন্তা কৰো তাৰ ওপৰত কোনেও গুৰুত্ব নিদিয়ে আৰু এই স্থিতিৰ পৰা তৰুণ প্ৰজন্মৰ মানসিক অৱস্থা উত্তৰণ কৰাটো অতিশয় প্ৰয়োজনীয়৷ মইতো ইয়াৰ পোনপটীয়া মন্ত্ৰ দিব বিচাৰো৷ যি মইও মোৰ গুৰুজনৰ পৰা শিকিছো৷ আমি কেতিয়াও অকলশৰীয়া নহয়৷ আমাৰ সৈতে আৰু এজন লোক থাকে যি অদৃশ্য ৰূপত থাকে আৰু তেওঁৱেই হ’ল ঈশ্বৰ৷ আমি কেতিয়াও অকলশৰীয়া নহয়৷ আমাৰ সৃজনকৰ্তাই প্ৰতিটো পলতে আমাক সংগদান কৰে৷
স্বামীজীৰ এষাৰ বাণী আমি সদায়েই স্মৰণ কৰা উচিত৷ তেওঁ কৈছিল, ‘‘যদি মই সামৰ্থৱান তৰুণ লাভ কৰিব পাৰো, তেন্তে ভাৰতক পৰিৱৰ্তিত কৰিব পাৰিম৷’’ স্বামীজীয়ে এনেদৰে কেতিয়াও কোৱা নাছিল যে যদি মই এশজন মানুহ পাও তেন্তে মই এয়া হৈ যাম….এনেদৰে কোৱা নাছিল, তেওঁ কৈছিল যে ভাৰত পৰিৱৰ্তিত হৈ যাব৷ অৰ্থাৎ পৰিৱৰ্তনৰ আমাৰ শক্তি, সামৰ্থ, কিবা এটা কৰাৰ মানসিকতা, এইসমূহৰ প্ৰয়োজন৷
স্বামীজীয়ে দাসত্বৰ সেই সময়ছোৱাত ১০০ এনে তৰুণৰ সন্ধান কৰি ফুৰিছিল৷ কিন্তু একবিংশ শতিকাক ভাৰতৰ শতিকা হিচাপে নিৰ্মাণ কৰাৰ বাবে, নতুন ভাৰতৰ নিৰ্মাণৰ বাবে কোটি কোটি সামৰ্থৱান তৰুণে আজি ভাৰতৰ সকলো প্ৰান্ততে থিয় দিছে৷ বিশ্বৰ সবাতোকৈ বৃহৎ যুৱ আবাদীৰ সম্পদ আমাৰ ভাৰততেই আছে৷
বন্ধুসকল, একবিংশ শতিকাৰ ভাৰতৰ তৰুণৰ পৰা কেৱল ভাৰতেই নহয় সমগ্ৰ বিশ্বই আশাৰে বাট চাই আছে৷ আপোনালোক সকলোৱে জানে যে দেশে একবিংশ শতিকাৰ বাবে, নতুন ভাৰতৰ নিৰ্মাণৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷ এই সংকল্প কেৱল চৰকাৰৰ নহয়, এই সংকল্প ১৩০ কোটি দেশবাসীৰ, দেশৰ তৰুণসকলৰ বাবে৷
বিগত ৫ বছৰৰ অভিজ্ঞতাই এয়া প্ৰদৰ্শিত কৰিছে দেশৰ তৰুণে যি পদক্ষেপৰ সৈতে জড়িত হৈ পৰে তাতেই সফলতা লাভ কৰে৷ ভাৰত স্বচ্ছ হ’ব পাৰিব নে নোৱাৰে ইয়াক লৈ ৫ বছৰ পূৰ্বে এক নিৰাশাৰ ক’লা ডাৱৰে আঁৱৰি আছিল, কিন্তু দেশৰ তৰুণসকলে এই দায়িত্ব গ্ৰহণ কৰিলে আৰু পৰিৱৰ্তন আমি নিজ চকুৰে দেখিবলৈ পাইছো৷
৪-৫ বছৰ পূৰ্বে অনেক লোকে ভাবিছিল যে ভাৰতত ডিজিটেল পে’মেণ্টৰ প্ৰসাৰ ইমান বৃদ্ধি হ’ব পাৰেনে? কিন্তু আজি ভাৰত বিশ্বৰ সবাতোকৈ দ্ৰুত গতিত বৃদ্ধি হোৱা ডিজিটেল অৰ্থব্যৱস্থাত নিজৰ দৃঢ় খোপনি পুতিবলৈ সক্ষম হৈছে৷
ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কিছু বৰ্ষ পূৰ্বে তৰুণসকল কিদৰে ৰাজপথলৈ ওলাই আহিছিল সেয়া আমি দেখিছো৷ তেতিয়া এনে লাগিছিল যে দেশৰ ব্যৱস্থা পৰিৱৰ্তন কৰাটো কঠিন হ’ব৷ কিন্তু তৰুণসকলে এই পৰিৱৰ্তনো কৰি দেখুৱালে৷
বন্ধুসকল, তৰুণ উদ্দীপনা, তৰুণ উৎসাহেই হ’ল একবিংশ শতিকাৰ এই দশকত ভাৰতক পৰিৱৰ্তিত কৰাৰ ভেঁটি৷ এক প্ৰকাৰে ২০২০ৰ এই জানুৱাৰী মাহটো, নৱবৰ্ষৰ শুভকামনাৰ সৈতে আৰম্ভ হৈছে৷ কিন্তু আমি এয়াও মনত ৰখা দৰকাৰ যে এই নতুন বৰ্ষটো এটা নতুন দশকৰ আৰম্ভণিও৷ আৰু সেইবাবে আমি আমাৰ সপোনসমূহক এই দশকৰ সংকল্পৰ সৈতে সংবদ্ধ কৰি সিদ্ধি প্ৰাপ্ত কৰাৰ দিশত অধিক শক্তিৰে সৈতে, অধিক উদ্দীপনাৰে সৈতে, অধিক সমৰ্পণৰ সৈতে জড়িত কৰিব লাগিব৷
নতুন ভাৰতৰ সংকল্প, আপোনালোকৰ দ্বাৰাই পূৰ্ণ হ’ব৷ এই তৰুণ চিন্তাই কয় যে সমস্যাৰ পৰা আমি পলাব নালাগে, আপোনালোক যদি তৰুণ তেন্তে সমস্যাৰ পৰা পলোৱাৰ কথা ভাবিবই নোৱাৰে৷ তৰুণৰ অৰ্থ হ’ল সমস্যাৰ সৈতে যুঁজ, সমস্যাৰ সমাধান, প্ৰত্যাহ্বানকেই প্ৰত্যাহ্বান জনোৱা৷ এই চিন্তাধাৰাৰ ভেঁটিতেই কেন্দ্ৰ চৰকাৰেও দেশৰ সন্মুখত উপস্থিত দশক পুৰণি প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ দিশত আগবাঢ়িছে৷
বন্ধুসকল, বিগত কিছু সময়ৰ পৰা দেশত আৰু তৰুণসকলৰ মাজত সবাতোকৈ চৰ্চিত বিষয়টো হৈছে নাগৰিকত্ব সংশোধনী আইন৷ এই আইন কি, ইয়াক প্ৰণয়ন কৰাটো কিয় প্ৰয়োজন আছিল? তৰুণসকলৰ মন বহু লোকে ভ্ৰান্ত ধাৰণাৰে বিক্ষিপ্ত কৰি পেলাইছে৷ বহু তৰুণ সজাগ কিন্তু কিন্তু এনে তৰুণো আছে যি এতিয়াও সেই ভ্ৰান্তিৰ আৱেশত আছে৷ এনে তৰুণক বুজোৱাটো আমাৰ সকলোৰে দায়িত্ব আৰু তেওঁলোকক সন্তুষ্ট কৰাটোও আমাৰ সকলোৰে দায়িত্ব৷
আৰু সেইবাবে আজি ৰাষ্ট্ৰীয় যুব দিৱসত মই পুনৰ দেশৰ তৰুণসকলক, পশ্চিমবংগৰ তৰুণসকলক, উত্তৰ পূৰ্বাঞ্চলৰ তৰুণসকলক আজি এই পবিত্ৰভূমিৰ পৰা তথা তৰুণসকলৰ মাজত থিয় নিশ্চিতভাৱে কিবা এটা ক’ব বিচাৰিছো৷
বন্ধুসকল, এনে নহয় যে দেশত নাগৰিকত্ব প্ৰদানৰ বাবে ভাৰত চৰকাৰে ৰাতিৰ ভিতৰতেই নতুন আইন সৃষ্টি কৰিলে৷ আমি সকলোৱে জানিব লাগে যে অন্য দেশৰ পৰা, যিকোনো ধৰ্মৰ যিকোনো ব্যক্তিয়ে, যি ভাৰতৰ প্ৰতি আস্থা ৰাখে, ভাৰতৰ সংবিধানক সন্মান কৰে তেওঁ ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰে৷ ইয়াত কোনো অসুবিধা নাই…মই পুনৰবাৰ ক’ম, নাগৰিকত্ব আইনে নাগৰিকত্ব কাঢ়ি নিনিয়ে, ই নাগৰিকত্ব প্ৰদান কৰে আৰু নাগৰিকত্ব সংশোধনী আইন কেৱল এক সংশোধন হে৷ এই সংশোধন কিয় কৰা হ’ল? আমি পৰিৱৰ্তন এয়াই কৰিলো যে ভাৰতৰ নাগৰিকত্ব লাভৰ পথ অধিক সহজ কৰি তুলিলো৷ এই সহজ কাৰ বাবে কৰিলো? এয়া তেওঁলোকৰ বাবে কৰা হ’ল যিসকলে বিভাজনৰ পিছত সৃষ্টি হোৱা পাকিস্তানত তেওঁলোকৰ ধাৰ্মিক আস্থাৰ বাবে অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল, জীৱন অতিবাহিত কৰা অসম্ভৱ হৈ পৰিছিল, ভনী-কন্যাসকলৰ সন্মান লাঘৱ হৈছিল, জীয়াই থকাটোৱেই এক প্ৰশ্ন হৈ পৰিছিল, অনেক সংকটৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল৷
বন্ধুসকল, স্বতন্ত্ৰতাৰ পিছত পূজ্য মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰি মহান মহান নেতাসকলে কৈছিল যে এনে লোকক ভাৰতে নাগৰিকত্ব প্ৰদান কৰিব লাগে যিয়ে পাকিস্তানত ধৰ্মীয় উৎপীড়নৰ সন্মুখীন হ’বলগীয়া হৈছে৷
এতিয়া আপোনালোকে মোক কওক যে এনে শৰণাৰ্থীসকলক আমি মৰিবলৈ পুনৰ পঠিয়াই দিব লাগে নেকি? এয়া আমাৰ দায়িত্ব নহয় নেকি যে তেওঁলোকেও আমাৰ সমানেই নাগৰিকত্বৰ সুবিধা পাওক৷ যদি তেওঁলোকে আইনৰ সৈতে থাকে, সুখেৰে জীৱন কটাব খোজে, আমি সন্তোষ পাম নে নাপাম…এই কাম পবিত্ৰ হ’ব নে নহয়…আমি কৰিব লাগে নে নালাগে৷ আনৰ ভালৰ বাবে কাম কৰাটো ভাল নে বেয়া? যদি মোদীয়ে আপোনালোকৰ সঁহাৰি বিচাৰে….আপোনালোকৰ সঁহাৰি বিচাৰে….হাত ওপৰলৈ উঠাই কওক, আপোনালোক সঁহাৰি দিবনে৷
আমাৰ চৰকাৰে দেশক স্বতন্ত্ৰতা পালন কৰা মহান সন্তানসকলৰ ইচ্ছাই কেৱল পালন কৰিছে৷ যি মহাত্মা গান্ধীয়ে কৈ গৈছিল সেই আমি কৰিছো…আৰু নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে আমি নাগৰিকত্ব প্ৰদান কৰিছো…কাৰোৱেই…কাৰোৱেই…নাগৰিকত্ব কাঢ়ি লোৱা নাই৷
ইয়াৰোপৰি আজিও যিকোনো ধৰ্মৰ ব্যক্তি, ভগৱানক মানক বা নামানক…যি ব্যক্তিয়ে ভাৰতৰ সংবিধানক সন্মান কৰে, তেওঁ নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰে৷ এয়া আপোনালোকে সম্পূৰ্ণৰূপে অনুধাৱন কৰিব পাৰিছে নে৷ সৰু সৰু বিদ্যাৰ্থীসকল, তেওঁলোকেও বুজি পাইছে নে….যি আপোনালোকে বুজি পাইছে সেয়া ৰাজনৈতিক খেল খেলা লোকসকলে বুজিবলৈ প্ৰস্তুত হোৱা নাই৷ তেওঁলোকো বুধিয়ক কিন্তু বুজিব নোখোজে৷ আপোনালোক বুধিয়কো আৰু দেশৰ ভাল চিন্তা কৰা তৰুণো৷
আৰু উত্তৰ পূৰ্বাঞ্চলক লৈ যি প্ৰশ্ন উত্থাপিত হৈছে.. উত্তৰ পূৰ্বাঞ্চলকলৈ আমি গৌৰৱ কৰো৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সংস্কৃতি, তাৰ পৰম্পৰা, তাৰ ডেম’গ্ৰাফী, তাৰ নীতি-নিয়ম, তাৰে খাৱন-শোৱন আদিক লৈ এই আইনত এনে সংশোধন কৰা হৈছে যে ইয়াৰ বিপৰীত প্ৰভাৱ যাতে পৰিলক্ষিত নহয়৷ ইয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে৷
বন্ধুসকল, এনে স্পষ্টতাৰ পিছতো কিছুমান লোকে ৰাজনৈতিক কাৰণত নাগৰিকত্ব সংশোধনী আইনক লৈ ভ্ৰান্তি বিয়পাই আছে৷ মই সুখী যে আজিৰ তৰুণে এনে লোকৰ ভ্ৰান্তি দূৰ কৰিব ধৰিছে৷
আৰু পাকিস্তানত যি ধৰণে আন ধৰ্মৰ লোকৰ ওপৰত অত্যাচাৰ হ’বলৈ ধৰিছে তাকে লৈ সমগ্ৰ বিশ্বতে আমাৰ তৰুণে মাত মাতিছে৷ আৰু এইটো কথা পৰিষ্কাৰ যে নাগৰিকত্ব আইনত আমি এই সংশোধনী নানিলে এই বিবাদো উত্থাপিত নহ’লহেঁতেন আৰু বিশ্বইও নাজানিলেহেঁতেন যে পাকিস্তানত সংখ্যালঘূসকলে কেনেধৰণৰ কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কিদৰে মানৱাধিকাৰ হনন হৈছে৷ কিদৰে কন্যা-ভগ্নীসকলৰ জীৱন নষ্ট কৰা হৈছে৷ আমাৰ এই পদক্ষেপৰ ফলতেই এতিয়া পাকিস্তানে জবাবদিহি হ’বলগীয়া হৈছে যে বিগত ৭০ বছৰ ধৰি তেওঁলোকে সংখ্যালঘূসকলৰ সৈতে কিয় অত্যাচাৰ কৰি আহিছিল৷
বন্ধুসকল, সজাগ হৈ সজাগতা বিয়পোৱা, আনক সজাগ কৰাও আমাৰ সকলোৰে দায়িত্ব৷ আৰু বহু এনে বিষয় যাক লৈ সমাজত জাগৰণ, জন-আন্দোলন, জনচেতনাৰ আৱশ্যক হৈছে৷ যিদৰে পানীৰ কথাকেই ধৰক…পানী সংৰক্ষণ কৰাটো আজি সকলো নাগৰিকৰে দায়িত্ব হৈ পৰিছে৷ এবাৰ ব্যৱহৃত প্লাষ্টিকৰ বিৰুদ্ধে অভিযানেই হওক অথবা দুখীয়াক লৈ চৰকাৰৰ অনেক যোজনা, এই সকলো কথাৰ বাবে সজাগতা বৃদ্ধিৰ বাবে আপোনালোকৰ সহযোগিতাই দেশক আগুৱাই লৈ যাব৷
বন্ধুসকল, আমাৰ সংস্কৃতি আৰু আমাৰ সংবিধানে আমাৰ পৰা এয়াই আশা কৰে যে আমি নাগৰিকৰ ৰূপত যাতে নিজৰ কৰ্তব্য, নিজৰ দায়িত্ব সম্পূৰ্ণ নিষ্ঠাৰে আৰু পূৰ্ণ সমৰ্পণৰ ভাৱেৰে পালন কৰো৷ স্বাধীনতাৰ ৭০ বছৰত আমি অধিকাৰ…অধিকাৰ…এনে বহু কথা শুনিছো৷ অধিকাৰৰ বাবে জনতাক সজাগো কৰিছো৷ আৰু এয়া আৱশ্যকো আছিল৷ কিন্তু এতিয়া কেৱল অধিকাৰেই নহয়, প্ৰতিজন ভাৰতীয়ৰ কৰ্তব্যও সিমানেই গুৰুত্বপূৰ্ণ হ’ব লাগে৷ আৰু এই পথত অগ্ৰসৰ হৈ আমি ভাৰতক বিশ্ব দৰবাৰত নিজৰ স্বাভাৱিক স্থানত দেখিবলৈ পাম৷ এয়াই স্বামী বিবেকানন্দইও প্ৰতিজন ভাৰতীয়ৰ পৰা আশা কৰিছিল আৰু এয়াই এই সংস্থাৰ মূলমন্ত্ৰও৷
স্বামী বিবেকানন্দই ভাৰত মাতাক এক ভব্য ৰূপতো দেখিবলৈ বিচাৰিছিল৷ আৰু আমিও তেওঁৰ সপোন বাস্তৱায়িত কৰাৰ সংকল্প লৈছো৷ আজি পুনৰবাৰ স্বামী বিবেকানন্দীজীৰ পবিত্ৰ উৎসৱত বেলুৰ মঠৰ এই পবিত্ৰ ভূমিক পূজ্য সন্তসকলৰ সৈতে কিছু সময় কটোৱাৰ সৌভাগ্য লাভ কৰিলো৷ আজি পুৱাই পুৱাই বহু দেৰিলৈ পূজ্য স্বামীৰ বিবেকানন্দৰ কোঠালিত সময় অতিবাহিত কৰিলো য’ত এক আধ্যাত্মিক চেতনা আছে, এক স্পন্দন আছে৷ এই পৰিবেশত আজি পুৱা যি সময় অতিবাহিত কৰিলো সেয়া মোৰ বাবে এক অমূল্য সময় আছিল৷ এনে অনুভৱ কৰিছো যে পূজ্য স্বামী বিবেকানন্দজীয়ে আমাক অধিক কাম কৰিবলৈ অনুপ্ৰেৰিত কৰিছে, নতুন শক্তি প্ৰদান কৰিচে৷ আমাৰ সংকল্পসমূহত নতুন সামৰ্থ প্ৰদান কৰিছে আৰু এই ভাৱনাৰ সৈতে, এই প্ৰেৰণাৰ সৈতে, এই নতুন শক্তিৰ সৈতে আপোনালোকৰ সকলো সহযোগীৰ উৎসাহৰ সৈতে এই ভূমিৰ আশীৰ্বাদৰ সৈতে মই পুনৰ আজিৰ ইয়াৰ পৰা সেই সপোন বাস্তৱায়িত কৰিবলৈ আগবাঢ়িম…সকলো সন্তৰ যাতে আশীৰ্বাদ বৰষি থাকে৷ আপোনালোক সকলোকে মোৰ তৰফৰ পৰা অনেক অনেক শুভকামনা থাকিল আৰু স্বামীজীয়ে সদায়েই কৈছিল যে সকলো পাহৰি যোৱা. মা ভাৰতীকেই নিজৰ দেৱী জ্ঞান কৰি তেওঁৰ বাবে কাম কৰি যোৱা আৰু সেই ভাৱনাৰ সৈতে আপোনালোকে মোৰ সৈতে কৈ উঠিব…দুয়ো হাত মুঠি মাৰি সম্পূৰ্ণ শক্তিৰে কওক…
ভাৰত মাতাৰ জয়!
ভাৰত মাতাৰ জয়!
ভাৰত মাতাৰ জয়!
অশেষ ধন্যবাদ৷
वी.आर.आर.के./वंदना जाटव/ममता/MANN
Tributes to the great Swami Vivekananda on his Jayanti.
— PMO India (@PMOIndia) January 12, 2020
Here are glimpses from PM @narendramodi’s visit to the Belur Math. pic.twitter.com/JYEbhe56ha
In a short while from now, PM @narendramodi will address youngsters at the Belur Math. pic.twitter.com/ooM6X643M2
— PMO India (@PMOIndia) January 12, 2020
आप सभी को स्वामी विवेकानंद जयंती के इस पवित्र अवसर पर, राष्ट्रीय युवा दिवस पर, बहुत-बहुत शुभकामनाएं।
— PMO India (@PMOIndia) January 12, 2020
देशवासियों के लिए बेलूर मठ की इस पवित्र भूमि पर आना किसी तीर्थयात्रा से कम नहीं है, लेकिन मेरे लिए तो हमेशा से ही ये घर आने जैसा ही है: PM @narendramodi pic.twitter.com/MdIn1YcVf1
पिछली बार जब यहां आया था तो गुरुजी, स्वामी आत्मआस्थानंद जी के आशीर्वचन लेकर गया था। आज वो शारीरिक रूप से हमारे बीच विद्यमान नहीं हैं। लेकिन उनका काम, उनका दिखाया मार्ग, रामकृष्ण मिशन के रूप में सदा हमारा मार्ग प्रशस्त करता रहेगा: PM @narendramodi pic.twitter.com/isysimwFPd
— PMO India (@PMOIndia) January 12, 2020
स्वामी विवेकानंद जी की वो बात हमें हमेशा याद रखनी होगी जब वो कहते थे कि “अगर मुझे सौ ऊर्जावान युवा मिल जाएं, तो मैं भारत को बदल दूंगा”। यानि परिवर्तन के लिए हमारी ऊर्जा, कुछ करने का जोश ही आवश्यक है: PM @narendramodi pic.twitter.com/7ND1vIJ5zU
— PMO India (@PMOIndia) January 12, 2020
युवा जोश, युवा ऊर्जा ही 21वीं सदी के इस दशक में भारत को बदलने का आधार है। नए भारत का संकल्प, आपके द्वारा ही पूरा किया जाना है। ये युवा सोच ही है जो कहती है कि समस्याओं को टालो नहीं, उनसे टकराओ, उन्हें सुलझाओ: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
मैं फिर कहूंगा, सिटिजनशिप एक्ट, नागरिकता लेने का नहीं, नागरिकता देने का कानून है और सिटिजनशिप अमेंडमेंट एक्ट, उस कानून में सिर्फ एक संशोधन है: PM @narendramodi pic.twitter.com/pTPraItA9z
— PMO India (@PMOIndia) January 12, 2020
इतनी स्पष्टता के बावजूद, कुछ लोग सिटिजनशिप अमेंडमेंट एक्ट को लेकर भ्रम फैला रहे हैं। मुझे खुशी है कि आज का युवा ही ऐसे लोगों का भ्रम भी दूर कर रहा है: PM @narendramodi pic.twitter.com/Zkqumilh7v
— PMO India (@PMOIndia) January 12, 2020
और तो और, पाकिस्तान में जिस तरह दूसरे धर्म के लोगों पर अत्याचार होता है, उसे लेकर भी दुनिया भर में आवाज हमारा युवा ही उठा रहा है: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2020
इसी रास्ते पर चलते हुए हम भारत को विश्व पटल पर अपने स्वभाविक स्थान पर देख पाएंगे। यही स्वामी विवेकानंद की भी हर भारतवासी से अपेक्षा थी और यही इस संस्थान के भी मूल में है: PM @narendramodi pic.twitter.com/KMoHTqlsNd
— PMO India (@PMOIndia) January 12, 2020
Tributes to Swami Vivekananda on his Jayanti. Live from Belur Math. https://t.co/yE8lOghIIQ
— Narendra Modi (@narendramodi) January 12, 2020
Swami Vivekananda lives in the hearts and minds of crores of Indians, especially the dynamic youth of India for whom he has a grand vision.
— Narendra Modi (@narendramodi) January 12, 2020
Today, on Vivekananda Jayanti and National Youth Day I am at the Belur Math, including the room where Swami Ji meditated. pic.twitter.com/UeWQkUk94C
The thoughts of Sri Ramakrishna emphasise on furthering harmony and compassion. He believed that a great way to serve God is to serve people, especially the poor and downtrodden.
— Narendra Modi (@narendramodi) January 12, 2020
At the Belur Math this morning, I paid tributes to Sri Ramakrishna. pic.twitter.com/Es9vPSH80q