Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ ভ্ৰমণ কৰিব৷ ভ্ৰমণকালত তেওঁ ৰাজ্যিক ক’পাৰেটিভ ডেভেলাপমেণ্ট প্ৰকল্প মুকলি কৰিব আৰু দীন দয়াল উপাধ্যায় কৃষক কল্যাণ আঁচনিৰ নিৰ্বাচিত উপভোক্তাক ঋণ চেক বিতৰণ কৰিব৷

একীকৃত ক’পাৰেটিভ ডেভেলাপমেণ্ট প্ৰকল্পৰ লক্ষ্য হ’ল সমবায়, কৃষি আদি খণ্ডক উৎসাহিত কৰি উত্তৰাখণ্ডৰ গ্ৰাম্য অৰ্থনীতিৰ ব্যাপক উন্নতি সাধন কৰা৷ প্ৰধানমন্ত্ৰীয়ে লগতে এই প্ৰকল্পৰ প্ৰথমটো কিস্তি হিচাপে ১০০ কোটি টকাৰ চেক উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক হস্তান্তৰ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে দীন দয়াল উপাধ্যায় কৃষক কল্যাণ আঁচনিৰ নিৰ্বাচিত উপভোক্তাক ঋণ চেকো বিতৰণ কৰিব৷ উত্তৰাখণ্ড চৰকাৰৰ এই আঁচনিৰ অধীনত মাত্ৰ ২ শতাংশ সূতত কৃষকক ১লাখ পৰ্যন্ত ঋণৰ সুবিধা আগবঢ়োৱা হয়৷ ২০২২ৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত এই আঁচনিখন এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে ২০১৮ৰ ৭ নৱেম্বৰত উত্তৰাখণ্ড ভ্ৰমণ কৰিছিল৷ তেওঁ উত্তৰাখণ্ডৰ হাৰ্ষিলত ভাৰতীয় সেনা আৰু আইটিবিপি জোৱানৰ সৈতে দিৱালী উদযাপন কৰিছিল৷ তদুপৰি, ২০১৮ৰ ৭ অক্টোবৰত উত্তৰাখণ্ডৰ ডেৰাডুনত বিনিয়োগ সন্মিলন সম্বোধন কৰিছিল৷

***

AKT/AK/MS