Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ চিআইএছএফৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ মাৰ্চত গাজিয়াবাদত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী(চিআইএছএফ)ৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিব৷

গাজিয়াবাদৰ ইন্দিৰাপুৰমস্থিত পঞ্চম বেটেলিয়নত আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে চিআইএছএফৰ পেৰেড পৰিদৰ্শন কৰিব৷ তেওঁ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া আৰু জোৱানক অনবদ্য সেৱা আৰু সাহসৰ বাবে পদক প্ৰদান কৰিব৷
প্ৰধানমন্ত্ৰীয়ে শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পন কৰিব৷ ইয়াৰ পাছতে তেওঁ চিআইএছএফ জোৱানসকলক সম্বোধন কৰিব৷

*****

AKT/SH/MS