পি এম ইণ্ডিয়া
কাইলৈ অৰ্থাৎ ১৭ ফেব্ৰুৱাৰী ৰবিবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ ৰাঁচী আৰু হাজাৰিবাগ ভ্ৰমণ কৰিব। ইয়াতেই তেওঁ স্বাস্থ্য, শিক্ষা, পানীযোগান আৰু অনাময় সংক্ৰান্তীয় ভালেমান প্ৰকল্প মুকলি কৰিব। এইসমূহৰ উপৰিও ঝাৰখণ্ডৰ জনজাতীয় লোকসকলৰ হিতাৰ্থে ভালেমান প্ৰকল্প মুকলি কৰাৰ সম্ভাৱনা আছে।
হাজাৰিবাগত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিবলগীয়া প্ৰকল্পসমূহ হৈছে ক্ৰমে –
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাজাৰিবাগ, ডামকা আৰু পালামুত মুকলি কৰিব তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়। ইফালে হাজাৰিবাগ, ডামকা, পালামু আৰু জামছেদপুৰত চাৰিখন ৫০০ বিচনাযুক্ত চিকিৎসালয়ৰ বাবে আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৰামগড় আৰু হাজাৰিবাগ জিলাত চাৰিটা গ্ৰাম্য পানীযোগান প্ৰকল্পও মুকলি কৰিব। ইয়াৰ উপৰিও অতিৰিক্তকৈ এই দুখন জিলাত ছটা গ্ৰাম্য পানীযোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু হাজাৰিবাগত এটা নগৰ পানীযোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে নমামি গংগে প্ৰকল্পৰ অধীনত চাহিবগঞ্জ পয়ঃপ্ৰণালী ব্যৱহাৰ প্ৰকল্প আৰু মধুসূদন ঘাটো মুকলি কৰিব।
প্ৰধানমন্ত্ৰীয়ে কালি এই ভ্ৰমণকালতে ৰামগড়ত মহিলা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰো গৃহ মুকলি কৰিব।
ইফালে প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে জনজাতীয় লোকসকল বসবাস কৰা এলেকাবোৰত একাধিক পানীযোগান প্ৰকল্পৰ আধাৰশিলা মুকলি কৰিব।
প্ৰধানমন্ত্ৰীয়ে লগতে হাজাৰিবাগত থকা বিনোৱা ভাৱে বিশ্ববিদ্যালয়ত জনজাতি অধ্যয়ন কেন্দ্ৰ এটাৰ আধাৰশিলাও মুকলি কৰিব।
প্ৰধানমন্ত্ৰীয়ে ই-নাম (e-NAM)ৰ অধীনত মোবাইল ফোন ক্ৰয় কৰিবলৈ কৃষকসকলৰ বাবে ডিবিটি আঁচনিৰ স্মাৰক হিচাপে চেকসমূহ বিতৰণ কৰিব।
প্ৰধানমন্ত্ৰীয়ে নিৰ্দ্দিষ্ট স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত পেকেট গাখীৰ বিতৰণো কৰিব, উল্লেখ যে পৰিপুষ্টিজনিত দিশবোৰৰ উত্তৰণৰ বাবে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে ‘গিফ্ট মিল্ক স্কিম’ মুকলিৰ স্মাৰক হিচাপে এই গাখীৰ বিতৰণ কৰা হ’ব।
ৰাঁচীত, প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ – আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময়ো কৰিব।
*****
AKT/KP/RD
Will be in Hazaribagh, Jharkhand today to inaugurate:
— Narendra Modi (@narendramodi) February 17, 2019
Three medical college buildings.
Four rural water supply schemes.
Sahibganj Sewerage Treatment Plant
Madhusudan Ghat.
Foundation stone for many projects will also be laid.
Know more. https://t.co/JJvMoit753