Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ দেশজুৰি কৃষকৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰীয়ে কাইলৈ পুৱা ৯.৩০ বজাত ভিডিঅ’ সংযোগৰ জৰিয়তে সমগ্ৰ দেশৰ কৃষকসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব। এই বাৰ্তালাপৰ জৰিয়তে তেওঁ প্ৰত্যক্ষভাৱে কৃষকসকলৰ সমস্যাৰ বিষয়ে শুনাৰ সুযোগ লাভ কৰিব। অনুষ্ঠানত কৃষকসকলৰ উপাৰ্জন দুগুন কৰাৰ সন্দৰ্ভত গ্ৰহণ কৰা প্ৰচেষ্টাসমূহো আলোচনা কৰা হ’ব। কৃষি বিজ্ঞান কেন্দ্ৰ, সামূহিক সেৱা কেন্দ্ৰ(চিএছচি), দূৰদৰ্শন, ডি ডি কিষাণ আৰু আকাশবাণীৰ জৰিয়তে সমগ্ৰ দেশতে এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। প্ৰায় ২ লাখ সামূহিক সেৱা কেন্দ্ৰ(চিএছচি) আৰু ৬০০ কৃষি বিজ্ঞান কেন্দ্ৰক ভিডিঅ’ সংযোগৰ জৰিয়তে সংযোগ কৰা হ’ব। জনসাধাৰণে “নৰেন্দ্ৰ মোদী এপ”(Narendra Modi App)ৰ জৰিয়তেও প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিব পাৰিব।

***

AKT/AP/KP/DB