Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ প্ৰগতিৰ বৈঠকত অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰী, ২০২০ত প্ৰযুক্তিভিত্তিক, সক্ৰিয় প্ৰশাসন তথা সময়াৱৰ্তী ৰূপায়ণৰ বহুআৰ্হিৰ মঞ্চ-প্ৰগতিৰ ৩২সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব৷

ইয়াৰ পূৰ্বে প্ৰগতিৰ ৩১সংখ্যক বৈঠকৰ আলোচনাত প্ৰধানমন্ত্ৰীয়ে ১২লাখ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষ প্ৰকল্পৰ পৰ্যালোচনা কৰে৷ ২০১৯ বৰ্ষৰ অন্তিমখন প্ৰগতি বৈঠকত ১৬খন ৰাজ্য আৰু জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত চলি থকা ৬১,০০০ কোটি টকা ব্যয়সাপেক্ষ ৯টা প্ৰকল্পৰ সন্দৰ্ভতো আলোচনা কৰা হয়৷ তদুপৰি, বিদেশত কৰ্মৰত ভাৰতীয় নাগৰিকৰ অভিযোগ, ৰাষ্ট্ৰীয় কৃষি বজাৰ, উন্নয়নত আগ্ৰহী জিলাৰ আঁচনি আৰু আন্তঃগাঁথনিমুলক আঁচনি তথা প্ৰচেষ্টাৰ দৰে কেতবোৰ বিষয়ৰ ওপৰতো আলোচনা কৰা হয়৷

প্ৰধানমন্ত্ৰীয়ে ২০১৫ৰ ২৫ মাৰ্চত বহুপাক্ষিক তথা বহু-আৰ্হিৰ প্ৰশাসনিক মঞ্চ প্ৰগতিৰ শুভাৰম্ভ কৰিছিল৷ প্ৰগতি হৈছে এক সংহত তথা পাৰস্পৰিক বিনিময় মঞ্চ, যাৰ লক্ষ্য হৈছে সাধাৰণ লোকৰ অভিযোগক গুৰুত্ব দিয়া৷ প্ৰগতিয়ে সমান্তৰালভাৱে ভাৰত চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰা আঁচনি আৰু প্ৰকল্পৰ নিৰীক্ষণ আৰু পৰ্যালোচনা কৰাতো সহায় কৰে৷

*****

VRRK/AKP/SKS/DB