Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ হাতত অৰ্পণ কৰিব আই এন এচ কালৱেৰি ছাৱমেৰিণ


বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত দেশবাসীৰ হাতত অৰ্পণ কৰিব নৌসেনাৰ ছাৱমেৰিণ আই এন এচ কালৱেৰি ।

আই এন এচ কালৱেৰি এক ডিজেল-ইলেক্ট্ৰিক চালিত আক্ৰমণাত্মক ছাৱমেৰিণ যাক ভাৰতীয় নৌসেনাৰ বাবে মেজাগণ ডক শ্বিপবিল্ডাৰ্ছ লিমিটেডে সাজি উলিয়াইছে। ‘মে’ক ইন ইণ্ডিয়া’ পদক্ষেপৰ সফল উদাহৰণ এইখন ছাৱমেৰিণ ভাৰতীয় নৌসেনাৰ বাবে সাজি উলিওৱা ছখন ছাৱমেৰিণৰ অন্যতম। এই প্ৰকল্প ফ্ৰান্সৰ সহযোগত সম্পূৰ্ণ কৰা হৈছে।
নেভেল ডকয়াৰ্ডত সুৰক্ষা মন্ত্ৰী, মহাৰাষ্ট্ৰ চৰকাৰৰ কেইবাজনো গণ্য-মান্য ব্যক্তি আৰু জ্যেষ্ঠ নৌসেনাৰ বিষয়াৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে উক্ত ছাৱমেৰিণৰ লোকাৰ্পণ কৰিব।তেওঁ উপস্থিত ব্যক্তিসকলক উদ্দেশ্যি ভাষণ দিয়াৰ লগতে ছাৱমেৰিণত কিছুদূৰ ভ্ৰমণ কৰিব।

***

AKT/SH/PRK