Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব পশ্চিমবংগৰ জলপাইগুৰি পশ্চিমবংগৰ জলপাইগুৰি জিলাত ১৯৩৮ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব


৮ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জলপাইগুৰি ভ্ৰমণ কৰিব৷ তাতে তেওঁ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফালাকাটা-ছালছালবাৰী অংশৰ চাৰিলেনযুক্ত পথটোৰ আধাৰশিলা স্থাপন কৰিব৷ এই ৪১.৭ কিলোমিটাৰ দৈৰ্ঘৰ অংশটো পশ্চিমবংগৰ জলপাইগুৰি জিলাত পৰে আৰু ইয়াক প্ৰায় ১৯৩৮ কোটি টকাৰে নিৰ্মাণে কৰা হ’ব৷

এই প্ৰকল্পটোৰ জৰিয়তে ছালছালবাৰী আৰু আলিপুৰদুৱাৰৰ পৰা শিলিগুড়িলৈ প্ৰায় ৫০ কিলোমিটাৰৰ দৈৰ্ঘ হ্ৰাস কৰিব৷ আৰু শিলিগুড়িৰ পৰা ৰে’লৱে আৰু বিমানবন্দৰলৈ অতিসহজে যাব পাৰি৷ এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ জৰিয়তে চাহ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ পৰিবহণতো সহায়ক হ’ব৷ অঞ্চলটোৰ পৰ্যটন বিকশিত হোৱাৰ উপৰিও ৰাজ্যখনৰ আৰ্থ-সামাজিক কাৰ্যকলাপ বৃদ্ধি হ’ব আৰু ফলত নিয়োজন বৃদ্ধি হ’ব৷

এই ৰাষ্ট্ৰীয় ঘাইপথে পথ ব্যৱহাৰকীসকলক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰিব৷ ইয়াত ৩খন ৰে’লৱে অভাৰব্ৰীজ, ২খন উৰণীয়া সেতু, ৩খন ভেহিকুলাৰ আণ্ডাৰপাছ, ৮খন প্ৰদান দলং আৰু ১৭খন সৰু দলং থাকিব৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জলপাইগুৰিত নতুন উচ্চ ন্যায়ালয় চাৰ্কিট বেঞ্চো মুকলি কৰিব৷ কলকাতা উচ্চ ন্যায়ালয়ৰ জলপাইগুৰিস্থিত চাৰ্কিট বেঞ্চে দাৰ্জিলিং, কালিমপং, জলপাইগুৰি, কোঁচবিহাৰ আৰু উত্তৰ বংগৰ লোকসকলক দ্ৰুত ন্যায় প্ৰদানত সহায় কৰিব৷ এই চাৰিখন জিলাৰ বাসিন্দাই এতিয়া পূৰ্বৰ কলিকতা উচ্চ ন্যায়ালয়লৈ ৬০০ কিলোমিটাৰ যোৱাৰ পৰিৱৰ্তে এতিয়া ১০০ কিলোমিটাৰতে এই সুবিধা লাভ কৰিব পাৰিব৷

 

***

AKT/AK/MANN