Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ১৫, জনপথত ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ মুকলি কৰিব। লগতে তেওঁ ড০ আম্বেদকাৰ আৰ্থ-সামাজিক পৰিৱৰ্তনৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰও মুকলি কৰিব।

“কাইলৈ দিনৰ ১১ বজাত মই নতুন দিল্লীৰ ১৫, জনপথত ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ মুকলি কৰিম। এই অনুষ্ঠান মোৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ মই এই কেন্দ্ৰৰ আধাশিলাও স্থাপন কৰিছিলো।দেশৰ ৰাজধানীৰ মাজ-মজিয়াত এয়া ড০ আম্বেদকাৰৰ প্ৰতি যোগ্য স্বীকৃতি।

ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ বৌদ্ধধৰ্মী আৰু আধুনিক স্থাপত্যৰ আৰ্হিৰ সংযোগত নিৰ্মাণ কৰা হৈছে।ইয়াত সভাকক্ষ আৰু চেমিনাৰ হল আছে। ইয়াত তিনিটা অডিটৰিয়ামৰ লগতে বিস্তৃত তথা ডিজিটেল সুবিধাযুক্ত গ্ৰন্থাগাৰো আছে।

কাইলৈ ড০ আম্বেদকাৰ আৰ্থ-সামাজিক পৰিৱৰ্তনৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰও মুকলি কৰা হ’ব।এই প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনাৰ সুবিধা দিয়াৰ লগতে যুৱ প্ৰজন্মক গৱেষণা তথা মৌলিক চিন্তাৰ বাবে উদ্বুদ্ধ কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

*****

AKT/SH/PRK